ETV Bharat / bharat

পাকিস্তানৰ কাৰাগাৰত ভাৰতীয় নাৱিকৰ মৃত্যু: এতিয়াও কাৰাচীতে আছে মৃতদেহ - Indian sailor dies in Pakistan jail - INDIAN SAILOR DIES IN PAKISTAN JAIL

Indian sailor dies in Pakistan jail: ২০২২ চনৰ ২৭ ছেপ্টেম্বৰত পাকিস্তান উপকূলৰক্ষী বাহিনীয়ে গ্ৰেপ্তাৰ কৰিছিল মহাৰাষ্ট্ৰৰ পালঘৰৰ বিনোদ লক্ষ্মণ কোল নামৰ নাৱিকজনক । কাৰাগাৰত বন্দী হৈ থকা বিনোদ ষ্ট্ৰোকত আক্ৰান্ত হৈছিল । ডেৰ মাহৰ পিচতো মৃতদেহ নোপোৱাৰ বাবে পৰিয়ালৰ মাজত হাহাকাৰ ।

Indian sailor dies in Pakistan jail
পাকিস্তানৰ কাৰাগাৰত ভাৰতীয় নাৱিকৰ মৃত্যু
author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 10:15 PM IST

নেশ্যনেল ডেস্ক,২৮ এপ্ৰিল : পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকা মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ দাহানু তহচিলৰ এজন নাৱিকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । মৃত নাৱিকগৰাকী ৫৫ বছৰীয়া বিনোদ লক্ষ্মণ কোল বুলি চিনাক্ত কৰা হৈছে । নাৱিকজনৰ মৃত্যুৰ ডেৰ মাহৰ পিচতো পৰিয়ালে তেওঁৰ মৃতদেহৰ বাবে অপেক্ষা কৰি আছে ।

নাৱিকজনে মাছ ধৰাৰ সময়ত ভুলক্ৰমে পাকিস্তানৰ সামুদ্ৰিক অঞ্চলত প্ৰৱেশ কৰিছিল । যাৰ বাবে তেওঁক পাকিস্তানৰ উপকূলৰক্ষী বাহিনীয়ে গ্ৰেপ্তাৰ কৰি লৈ গৈছিল । তেতিয়াৰে পৰা তেওঁ পাকিস্তানৰ কাৰাগাৰত বন্দী আছিল । ইফালে তেওঁৰ পৰিয়ালৰ সদস্যসকলে দাবী কৰা মতে তেওঁলোকে ডেৰ মাহৰ পিচতো নাৱিকজনৰ মৃতদেহ পোৱা নাই ।

তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ মতে, প্ৰায় দুবছৰ পূৰ্বে কোলে মাছ ধৰাৰ সময়ত ভাৰতীয় সীমান্ত অতিক্ৰম কৰি পাকিস্তানৰ সামুদ্ৰিক অঞ্চলত প্ৰৱেশ কৰিছিল ।

পৰিয়ালৰ মতে কোল আৰু তেওঁৰ সহযোগী মাছমৰীয়াসকলে ২০২২ চনৰ ২৫ ছেপ্টেম্বৰত গুজৰাটৰ ওখা বন্দৰৰ পৰা 'মৎস্যগন্ধা' নামৰ নাও এখনেৰে আৰৱ সাগৰত মাছ ধৰিবলৈ গৈছিল । ভুলবশত: তেওঁ ভাৰতৰ সীমা অতিক্ৰম কৰি পাকিস্তানত প্ৰৱেশ কৰিছিল । ২০২২ চনৰ ২৭ ছেপ্টেম্বৰত পাকিস্তান উপকূলৰক্ষী বাহিনীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল । মাছমৰীয়াৰ দলটোত ৯ গৰাকী সদস্য আছিল । তেওঁলোকৰ ভিতৰত ৭ জন দাহানু তহচিলৰ জনজাতীয় লোক আছিল ।

নাৱিকজনৰ পৰিয়ালে জনোৱা মতে কাৰাগাৰত থকা সময়তে তেওঁ ৮ মাৰ্চত ষ্ট্ৰোকত আক্ৰান্ত হৈছিল । তাৰ পিচত ১৮ মাৰ্চত কাৰাচী কাৰাগাৰত বিনোদৰ মৃত্যু হয় । পৰিয়ালটোৰ মতে তেওঁলোকক কোনো সহায় নালাগে । কেৱল মৃতদেহটো হস্তান্তৰ কৰিলেই যথেষ্ট হ'ব ।

ইফালে কোলৰ উপৰিও নৱশ্য মহাদ্য ভিমৰা, সৰিতা চনিয়া উম্বাৰচাদা, কৃষ্ণ ৰামজ বুজাদ, বিজয় মোহন নাগাৱাসী, জয়ৰাম জন্য চালকাৰ, উধৰা ৰমন পাডৱীকো গ্ৰেপ্তাৰ কৰা হৈছিল । ইফালে জ্যেষ্ঠ সাংবাদিক যতীন দেশাই দাবী কৰা মতে কোলৰ মৃতদেহ ৩০ এপ্ৰিল বা ১ মে'ত ভাৰতত উপস্থিত হ'ব ।

লগতে পঢ়ক :লোহিত সাগৰত ভাৰত অভিমুখী ৰাছিয়ান জাহাজত হুথী বিদ্ৰোহীৰ আক্ৰমণ - Houthi Rebels Attack

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.