ETV Bharat / bharat

৪৬ বছৰৰ অপেক্ষা: মুকলি হ’ল পুৰীৰ জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰ - Ratna Bhandar of Jagannath Temple

author img

By ANI

Published : Jul 14, 2024, 5:20 PM IST

Odisha Shri Jagannath Temple : এবছৰ-দুবছৰ নহয়, বহু বছৰীয়া প্ৰতীক্ষাৰ অন্ত পৰিল ৷ অৱশেষত মুকলি হ’ল পুৰীৰ জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰ ৷

Odisha Shri Jagannath Temple
৪৬ বছৰৰ অন্তত মুকলি হ’ল পুৰীৰ জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰ (ETV Bharat)

নেশ্যনেল ডেস্ক, ১৪ জুলাই : বহু প্ৰতীক্ষাৰ অন্ত পৰিল ৷ অৱশেষত ৪৬ বছৰৰ অন্তত আজি (দেওবাৰ) দিনৰ ১:২৮ বজাত ওড়িশাৰ পুৰীৰ জগন্নাথ মন্দিৰৰ ‘‘ৰত্ন ভাণ্ডাৰ’’ মুকলি কৰা হয় ৷ ৰত্নভাণ্ডাৰ তত্বাৱধান সমিতিৰ অধ্যক্ষ ন্যায়াধীশ বিশ্বনাথ ৰথে উল্লেখ কৰিছে এই কথা ৷ যাৰবাবে ওড়িশা চৰকাৰে জাৰী কৰিছে SOP ৷

ন্যায়াধীশ বিশ্বনাথ ৰথে উল্লেখ কৰা মতে, বহু আলোচনা, বৈঠক আৰু প্ৰস্তুতিৰ অন্তত বিশ্বনাথ ৰথৰ নেতৃত্বত ১১ জনীয়া উচ্চ পৰ্যায়ৰ বিশেষজ্ঞৰ এটা দলে প্ৰথমে মন্দিৰত প্ৰৱেশ কৰে ৷ তাৰ পাচতহে ‘‘ৰত্ন ভাণ্ডাৰ’’ মুকলি কৰা হয় ৷

তেওঁ উল্লেখ কৰা অনুসৰি, প্ৰথমে বাহিৰৰ ভাগটো খুলি দিয়া হয় । তাৰ পাচত কটকটীয়া নিৰাপত্তাৰ মাজত মন্দিৰৰ ৪ খন দুৱাৰ বন্ধ কৰি ৰখা হয় । ইয়াৰ উপৰিও মন্দিৰৰ ভিতৰলৈ ৬ টা বিশাল আকাৰৰ কাঠৰ বাকচ লৈ যোৱা হয় । প্ৰথমে এই ‘‘ৰত্ন ভাণ্ডাৰ’’ত থকা বহুমূলীয়া অলংকাৰ, মণি-মুকুটা আদি কাঠৰ বাকচত ভৰোৱা হয় ৷ পৰৱৰ্তী সময়ত ইয়াৰ গণনা প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে ।

বিশ্বনাথ ৰথে উল্লেখ কৰা মতে, ১৯৭৮ চনত শেষবাৰৰ বাবে মুকলি কৰা হৈছিল পুৰীৰ জগন্নাথ মন্দিৰৰ ‘‘ৰত্ন ভাণ্ডাৰ’’ ৷ তেতিয়াৰ পৰা ই বন্ধ হৈ আছিল ৰত্ন ভাণ্ডাৰৰ দুৱাৰ ৷ ১৯৭৮ ৰ পৰা এতিয়ালৈকে এই ৰত্ন ভাণ্ডাৰত কিমান কি মূল্য়বান ৰত্ন আছে সেই বিষয়ে কোনো জ্ঞাত নহয় ৷

১১ জনীয়া দলটোত কোন কোন আছে :

ন্যায়াধীশ বিশ্বনাথ ৰাথৰ নেতৃত্বত প্ৰৱেশ কৰা উচ্চস্তৰীয় ১১ জনীয়া সমিতিৰ লোকসকল এতিয়াও মন্দিৰৰ ভিতৰতে আছে ৷ এই দলটোত আছে জিলা আযুক্তৰ পৰা আদি কৰি প্ৰত্নতত্ত্ববিদ, মন্দিৰৰ কেবাগৰাকীও শীৰ্ষ বিষয়া ৷ সকলোৱে ধূতি-চুৰীয়া পৰিধান কৰি প্ৰৱেশ কৰিছে মন্দিৰৰ ভিতৰ ভাগত ৷

ইয়াৰ উপৰিও উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত সাপ ধৰা এটা দলো মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিছে । অৱশ্যে এই সাপ ধৰা দলটোৱে মূল মন্দিৰৰ ৰত্ন ভঁৰাল থকা গৃহটোত প্ৰৱেশ নকৰে । যিকোনো জৰুৰীকালীন অৱস্থাৰ সৈতে মোকাবিলা কৰিবলৈ বাহিৰতে সাজু হৈ আছে দলটো ৷

মন্দিৰৰ বাহিৰলৈ এতিয়াও ওলাই অহা নাই এই ১১ জনীয়া দলটো ৷ আজি কেৱল ৰত্ন ভাণ্ডাৰৰ বাহ্যিক দিশটোহে পৰীক্ষা কৰিব ৷ কাইলৈ অৰ্থাৎ সোমবাৰৰ পৰা এই দলটোৱে আৰম্ভ কৰিব ৰত্নৰ গণনা প্ৰক্ৰিয়া ৷

লগতে পঢ়ক : জগন্নাথ ৰথ যাত্ৰাত হাজাৰ হাজাৰ ভক্তৰ সমাগম - Jagannath Rath Yatra 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.