ETV Bharat / bharat

নিৰ্বাচনী প্ৰচাৰ গীতৰ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ নিৰ্দেশ নামানে শিৱসেনা - ShivSena UBT campaign song

author img

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 6:21 PM IST

Updated : Apr 21, 2024, 6:40 PM IST

Shiv Sena (UBT) campaign song: শিৱসেনা (ইউবিটি)ৰ নিৰ্বাচনী প্ৰচাৰ গীতৰ পৰা 'জয় ভৱানী' আৰু 'হিন্দু' শব্দ আঁতৰোৱাৰ আহ্বান নিৰ্বাচন আয়োগৰ । নিৰ্বাচন আয়োগক উভতি ধৰিলে দলৰ মুৰব্বী উদ্ধৱ ঠাকৰেয়ে ।

Shiv Sena (UBT) campaign song
শিৱসেনা (ইউবিটি)ৰ নিৰ্বাচনী প্ৰচাৰ গীতক লৈ অসন্তুষ্ট নিৰ্বাচন আয়োগ

নেশ্যনেল ডেস্ক,২১ এপ্ৰিল : নিৰ্বাচনী প্ৰচাৰ গীতৰ পৰা 'জয় ভৱানী' আৰু 'হিন্দু' শব্দ আঁতৰোৱাৰ বাবে শিৱসেনা(ইউবিটি) দললৈ নিৰ্বাচন আয়োগে জাননী জাৰি কৰিছে । শিৱসেনা (ইউবিটি)ৰ মুৰব্বী উদ্ধৱ ঠাকৰেয়ে দেওবাৰে কয় যে তেওঁৰ দলে নিৰ্বাচন আয়োগৰ পৰা জাননী লাভ কৰিছে । য'ত তেওঁৰ দলটোৰ নতুন প্ৰচাৰ গীতৰ পৰা কিছুমান শব্দ আঁতৰাবলৈ কোৱা হৈছে । কিন্তু ইয়াক মানি লোৱা নহ'ব বুলি ঠাকৰেয়ে ঘোষণা কৰিছে । সংবাদমেল সম্বোধন কৰি ঠাকৰেয়ে কয় যে গীতৰ পৰা 'জয় ভৱানী' আঁতৰাবলৈ কোৱাটো মহাৰাষ্ট্ৰৰ বাবে অপমানজনক ।

ঠাকৰেয়ে লগতে কয় যে তেওঁৰ দলে নতুন নিৰ্বাচনী প্ৰতীক 'মাশ্বাল' (জ্বলন্ত শিখা) জনপ্ৰিয় কৰিবলৈ এটা গীত নিৰ্মাণ কৰিছিল । কিন্তু নিৰ্বাচন আয়োগে গীতটোৰ পৰা কিছুমান শব্দ আঁতৰাবলৈ কৈছে । তেওঁ উল্লেখ কৰা মতে ছত্ৰপতি শিৱাজী মহাৰাজে দেৱী তুলজা ভৱানীৰ আশীৰ্বাদত হিন্দাৱী স্বৰাজ প্ৰতিষ্ঠা কৰিছিল । তেওঁৰ দলে দেৱী বা হিন্দু ধৰ্মৰ নামত ভোট বিচৰা নাই । এইটো এক অপমান আৰু ইয়াক সহ্য কৰা নহ'ব বুলি তেওঁ উল্লেখ কৰে ।

ঠাকৰেৰ মতে তেওঁ ৰাজহুৱা সভাত 'জয় ভৱানী' আৰু 'জয় শিৱাজী' কোৱাৰ প্ৰথা অব্যাহত ৰাখিব । নিৰ্বাচন আয়োগক প্ৰত্যাহ্বান জনাই তেওঁ কয় যে যদি নিৰ্বাচন আয়োগে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লয় তেনেহ'লে বিজেপিৰ ক্ষেত্ৰত আয়োগে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই থকা সময়ত লোকসকলক 'জয় বজৰং বলি' বুলি ক'বলৈ আৰু ইভিএমৰ বুটামটো টিপিবলৈ কৈছিল, সেই সময়ত আয়োগে কি কৰি আছিল বুলি তেওঁ প্ৰশ্ন কৰে ।

আনহাতে ঠাকৰেয়ে অভিযোগ কৰে যে অমিত শ্বাহে অযোধ্যাত ৰাম লালা দৰ্শন বিনামূলীয়াকৈ পাবলৈ বিজেপিক ভোট দিবলৈ লোকসকলক কৈছিল । বিজেপিৰ শীৰ্ষ নেতাসকলৰ এই মন্তব্যবোৰ আইন সংগত আছিল নেকি বুলিও নিৰ্বাচন আয়োগক স্পষ্ট কৰি দিবলৈ তেওঁ আহ্বান জনায় ।

ঠাকৰেয়ে আয়োগক প্ৰশ্ন কৰে যে আইনবোৰ সলনি কৰা হৈছে নেকি ? তেওঁৰ মতে নিৰ্বাচন আয়োগে দলটোৰ স্মাৰক পত্ৰৰ প্ৰতি সঁহাৰি দিয়া নাই । যদি আইনবোৰ সলনি কৰা হৈছে তেনেহ'লে তেওঁলোকে নিৰ্বাচনী ৰেলীত 'হৰ হৰ মহাদেৱ' বুলিও ক'ব বুলি নিৰ্বাচন আয়োগক প্ৰত্যাহ্বান জনায় ।

লগতে পঢ়ক :দেশত কিমান অ’ বি চি-দলিত আৰু জনজাতি আছে কোনেও নাজানে: ৰাহুল গান্ধী - Lok Sabha Election 2024

Last Updated : Apr 21, 2024, 6:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.