নিউজ ডেস্ক, ১২ এপ্ৰিল: অহা ৭ মে’ত ১২ খন ৰাজ্যৰ ৯৪ টা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন প্ৰক্ৰিয়া শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে । ৰাষ্ট্ৰপতিৰ হৈ নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰাৰ পিছতে এই প্ৰক্ৰিয়া আৰম্ভ হয় । ১৯ এপ্ৰিলত মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ।
তৃতীয় পৰ্যায়ত অন্তৰ্ভুক্ত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হ’ল অসম, বিহাৰ, ছত্তীশগড়, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউ, গোৱা, গুজৰাট, জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগ । ১৮ সংখ্য লোকসভা নিৰ্বাচনৰ বাবে সাতটা পৰ্যায়ত ভোটগ্ৰহণ ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হৈ ১ জুনত সমাপ্ত হ’ব । ৪ জুনত ভোট গণনা কৰা হ’ব ।
অসমত মুঠ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । ইয়াৰে ১৯ এপ্ৰিলত ৫ টা, ২৬ এপ্ৰিলত ৫ টা আৰু ৭ মে'ত ৪ টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ । প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া সমষ্টি কেইটা হৈছে- ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ, যোৰহাট আৰু কাজিৰঙা ।
দ্বিতীয় পৰ্যায়ত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ । আনহাতে তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া সমষ্টিকেইটা হৈছে- গুৱাহাটী, ধুবুৰী, বৰপেটা আৰু কোকৰাঝাৰ ।
পৃথকে পৃথকে মধ্যপ্ৰদেশৰ বেতুল সমষ্টিত “স্থগিত” নিৰ্বাচনৰ বাবে আন এক অধিসূচনা জাৰি কৰা হৈছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে । বিএছপিৰ প্ৰাৰ্থীৰ মৃত্যুৰ পিছতে বেতুল লোকসভাৰ আসনত নিৰ্বাচন "স্থগিত" কৰা হয় ।
যদিহে নিৰ্বাচনৰ পূৰ্বে কোনো স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় বা ৰাজ্যিক দলৰ প্ৰাৰ্থীৰ মৃত্যু হয়, তেন্তে দলটোৱে নতুন প্ৰাৰ্থী চিনাক্ত কৰি উত্থাপন কৰিব পৰাকৈ নিৰ্বাচন পিছুৱাই দিয়া হয় । ইয়াৰ পূৰ্বে ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত বেতুল সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ কথা আছিল ।