ETV Bharat / bharat

সন্ত্ৰাসবাদ বিয়পোৱাৰ দোষত যাৱজ্জীৱন কাৰাদণ্ড হোজাইৰ কমৰুজ জামানক - LIFE IMPRISONMENT

NIA আদালতে সন্ত্ৰাসবাদী ষড়যন্ত্ৰৰ গোচৰত হিজব-উল-মুজাহিদীনৰ সন্ত্ৰাসবাদী কামৰুজ জামানক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে ৷

NIA Court
Representative image (ETV Bharat)
author img

By ANI

Published : Dec 11, 2024, 11:28 AM IST

লক্ষ্ণৌ: ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIA ৰ এখন বিশেষ আদালতে লক্ষ্ণৌত মঙলবাৰে হিজবুল মুজাহিদীনৰ এজন সদস্যক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ৷ এই সদস্যজন হৈছে কামৰুজ জামান ৷ ভাৰতৰ কেবাটাও বিশেষ স্থান আৰু হিন্দু মন্দিৰত কূটাঘাত সংঘটিত কৰাৰ বাবে মৌলবাদী সংগঠনটোৱে ৰচনা কৰা পৰিকল্পনাৰ অন্যতম অংশীদাৰ আছিল কামৰুজ ৷ কামৰুজৰ ঘৰ অসমৰ হোজাই জিলাত ৷

2018 চনত NIA ই পুনঃ ৰুজু কৰা এটা গোচৰত অভিযুক্ত কৰা হৈছে কামৰুজক ৷ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ধন সংগ্ৰহ আৰু সাম্ভাৱ্য আক্ৰমণৰ পৰিকল্পনাত জড়িত থকাৰ অভিযোগ উঠিছিল কামৰুজৰ বিৰুদ্ধে ৷ আদালতে বিভিন্ন অভিযোগত ভাৰতীয় দণ্ডবিধি আৰু অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত কামৰুজক যাৱজ্জীৱন কাৰাদণ্ড বিহে ৷

NIA ৰ বিভাগীয় বিবৃতি অনুসৰি, ‘‘ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (NIA) ৰ লক্ষ্ণৌৰ বিশেষ আদালতে মঙলবাৰে হিজবুল মুজাহিদীনৰ সন্ত্ৰাসবাদৰ গোচৰত এজন সদস্যক বিভিন্ন অভিযোগৰ ভিত্তত কঠোৰ আৰু যাৱজ্জীৱন কাৰাদণ্ড বিহে ৷’’
‘‘অসমৰ হোজাই জিলাৰ বাসিন্দা কামৰুজ জামানক উত্তৰপ্ৰদেশ আৰু ভাৰতৰ আন প্ৰান্তত সন্ত্ৰাবাদী আক্ৰমণৰ পৰিকল্পনা কৰাৰ অভিযোগত অভিযুক্ত কৰি কাৰাদণ্ড দিয়া হয় ৷’’ বিবৃতিটোত লগতে কোৱা হৈছে ৷

‘‘2018 চনৰ ছেপ্টেম্বৰ মাহত গোচৰটোৰ তদন্তৰ দায়িত্ব ATS ৰ পৰা চমজি লোৱাৰ পাছত NIA ই RC-02/2018/NIA-LKW নম্বৰত পুনৰ গোচৰ ৰুজু কৰে ৷ এই গোচৰৰ অভিযোগনামাত পাঁচজন লোকক অভিযুক্ত কৰা হৈছিল ৷ ইয়াৰে ওছামা বিন জাভেদ নামৰ অভিযুক্তটো পলাতক হৈ আছিল ৷ 2019 চনৰ ছেপ্টেম্বৰ মাহত এক এনকাউন্টাৰত মৃত্যু হয় জাভেদৰ ৷’’ বিবৃতিত প্ৰকাশ ৷

‘‘ NIA ৰ তদন্তত স্পষ্ট হয় যে অভিযুক্ত কামৰুজ জামানে আন সহযোগী অভিযুক্তৰ সৈতে ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ চলাবলৈ অপৰাধমূলক ষড়যন্ত্ৰ ৰচনা কৰিছিল আৰু বিভিন্ন হিন্দু মন্দিৰক লক্ষ্য কৰি আক্ৰমণ সংঘটিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল । তেওঁ ধন সংগ্ৰহৰ কামতো জড়িত আছিল, এই ধনৰাশি মুজাহিদীনৰ সদস্যসকলে সন্ত্ৰাসবাদৰ কাৰ্যৰ বাবে ব্যৱহাৰ কৰিব বুলিও তেওঁ জানিছিল ।’’ বিবৃতিত কোৱা হৈছে ।

ইয়াৰ উপৰিও NIA ৰ মতে, "তদন্তৰ সময়ত আৰু গম পোৱা গ'ল যে কামৰুজ জামানক অভিযুক্ত ওছামা বিন জাভেদে নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদীনত যোগদান কৰাইছিল । তেওঁলোক দুয়োকে হিজবুল মুজাহিদীনৰ জিলা কমাণ্ডাৰ মহম্মদ আমিন আৰু উপ-জিলা কমাণ্ডাৰ ৰিয়াজ আহমদ ওৰফে হাজাৰী দুজন সক্ৰিয় সন্ত্ৰাসবাদীয়ে হিজবুল মুজাহিদীনত নিযুক্তি দিছিল । আমিন আৰু ৰিৱাজ দুয়োজনেই জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ বাসিন্দা ।"

’’কিষ্টৱাৰৰ জংঘলত কামৰুজ জামান আৰু ওছামা বিন জাভেদৰ শাৰীৰিক আৰু অস্ত্ৰ পৰিচালনাৰ প্ৰশিক্ষণতো জড়িত আছিল হিজবুল মুজাহিদীনৰ সন্ত্ৰাসবাদী দুজন । ইয়াৰ পিছতে কামৰুজ জামানক সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰাৰ বাবে উত্তৰ প্ৰদেশ, অসম আৰু ভাৰতৰ অন্যান্য প্ৰান্তত ঘাটি, আত্মগোপনৰ স্থান, আৰু নিৰ্বাচিত লক্ষ্য নিৰূপণ কৰিবলৈ নিৰ্দেশ দিয়া হয় । সেই অনুসৰি কামৰুজ কানপুৰ (উত্তৰপ্ৰদেশ)লৈ আহিছিল, য’ত তেওঁ কেইটামান লক্ষ্যস্থান নিৰ্ণয়ো কৰিছিল কৰিছিল ।’’ বিবৃতিত প্ৰকাশ ৷

এন আই এয়ে লগতে কয়, "NIAৰ বিশেষ আদালতে কামৰুজক আই পি চিৰ 120 B ধাৰাত 10 হাজাৰ টকাৰ জৰিমনাৰে 10 বছৰ সশ্ৰম কাৰাদণ্ড, আই পি চিৰ 121 A ধাৰাত 10 হাজাৰ টকাৰ জৰিমনাসহ যাৱজ্জীৱন কাৰাদণ্ড, অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ 17 নং ধাৰা অনুসৰি দহ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 10 হাজাৰ টকাৰ জৰিমনা, অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ 18 নং ধাৰা অনুসৰি যাৱজ্জীৱন কাৰাদণ্ড আৰু 10 হাজাৰ টকাৰ জৰিমনা, অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ ধাৰা 39 অনুসৰি 10 হাজাৰ টকাৰ জৰিমনা আৰু 10 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হৈছে ৷ জৰিমনা অনাদায়ে প্ৰতিটো গোচৰত অতিৰিক্ত তিনিমাহকৈ কাৰাবাস খাটিব লাগিব ৷ সকলো কাৰাদণ্ড সমান্তৰালভাৱে প্ৰযোজ্য হ’ব ৷

লগতে পঢ়ক: NIA Special Court verdict : হিজবুল মুজাহিদীন নিযুক্তি গোচৰত অভিযুক্তক ৫ বছৰৰ কাৰাদণ্ড NIA আদালতৰ

Hizbul Operative Imprisonment : হিজবুল সদস্যক ৫ বছৰৰ কাৰাদণ্ড অসমৰ NIA আদালতৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.