ETV Bharat / bharat

কলকাতাত ছাত্ৰ সমাজৰ বৃহৎ প্ৰতিবাদ; কঠোৰ পশ্চিমবংগ আৰক্ষীৰ - Nabanna Abhijan Rally

author img

By ANI

Published : Aug 27, 2024, 2:24 PM IST

Nabanna Abhijan Rally: আৰজি কৰ হাস্পতালৰ ঘটনাক লৈ কলকাতাক লৈ প্ৰতিবাদ অব্যাহত আছে । মঙলবাৰে শিক্ষাৰ্থী আৰু বিভিন্ন দল-সংগঠনে নাবান্না অভিযান শীৰ্ষক এক প্ৰতিবাদ সমদলৰ আয়োজন কৰে । প্ৰতিবাদকাৰীক বাধা দিবলৈ ঠায়ে ঠায়ে বেৰিকেড স্থাপন, লাঠিচালনা আৰু কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ ।

Nabanna Abhijan Rally
কলকাতাত ছাত্ৰ সমাজৰ বৃহৎ প্ৰতিবাদ (ANI)

নেশ্যনেল ডেস্ক,২৭ আগষ্ট : কলকাতাকাণ্ডক লৈ দেশজুৰি তীব্ৰ উত্তেজনা অব্যাহত আছে । ইফালে কলকাতাত প্ৰতিবাদো অব্যাহত ৰাখিছে শিক্ষাৰ্থী আৰু বিভিন্ন দল-সংগঠনে । তাৰ অংশ হিচাপে মঙলবাৰে চহৰখনৰ দুটাকৈ স্থানৰ পৰা বৃহৎ প্ৰতিবাদী সমদল উলিওৱা হয় । মুখ্যমন্ত্ৰীৰ পদত্যাগৰ লগতে দোষীক কঠোৰ শাস্তিৰ দাবীত আয়োজন কৰা 'নাবান্না অভিযান' শীৰ্ষক এই প্ৰতিবাদী সমদলত শ শ প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে ।

প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ লগে লগে আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা দিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে । প্ৰতিবাদকাৰীক বাধা দিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰাৰ লগতে কন্দুৱা গেছ আৰু পানী নিক্ষেপ কৰে । এনে পৰিস্থিতিত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষ হোৱাও দেখা যায় ।

নাবান্না অভিযান ৰেলী

প্ৰতিবাদকাৰীয়ে হাওৰাৰ সন্তৰাগাচীত বেৰিকেড ভাঙিবলৈ সক্ষম হয় । এনে পৰিস্থিতিত আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা দিবলৈ লাঠি চালনা কৰিবলৈ বাধ্য হয় । আৰজি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসকক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বিৰুদ্ধে এই প্ৰতিবাদৰ আহ্বান জনোৱা হৈছিল । প্ৰতিবাদকাৰীয়ে পশ্চিমবংগৰ সচিবালয় ঘেৰাও কৰাৰ উদ্দেশ্যে প্ৰতিবাদী সমদল উলিয়ায় ।

নাবান্না অভিযানৰ অংশ হিচাপে হাওৰাৰ সন্তৰাগাচী অঞ্চলত প্ৰথমে লোকসকল একত্ৰিত হয় । তাৰ পিচত পশ্চিমবংগৰ ৰাজধানীৰ কলেজ স্কোৱেৰৰ পৰা সমদলটো আৰম্ভ হয় । শিক্ষাৰ্থী আৰু সাধাৰণ নাগৰিকসকলে হাতত জাতীয় পতাকা লৈ সচিবালয়ৰ দিশে আগবাঢ়ে । একেদৰে পশ্চিমবংগ আৰক্ষীয়ে প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ যথেষ্ট সংখ্যক জোৱান মোতায়েন কৰে ।

ৰাজ্যপালৰ আহ্বান

ইয়াৰ মাজতে পশ্চিমবংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুৱে ৰাজ্য চৰকাৰক বিশেষ আহ্বান জনায় । শান্তিপূৰ্ণ প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলক বাধা দিবলৈ ক্ষমতা ব্যৱহাৰ নকৰিবলৈ চৰকাৰক ৰাজ্যপালগৰাকীয়ে আহ্বান জনায় । তেওঁ ৰাজ্য চৰকাৰক উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ কথা সোঁৱৰাই দিয়ে আৰু কয় যে গণতন্ত্ৰই সংখ্যাগৰিষ্ঠলোকক নিৰৱ কৰিব নোৱাৰে ।

প্ৰতিবাদৰ অনুমতি নাকচ আৰক্ষীৰ

কলকাতাৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত সুপ্ৰতীম সৰকাৰে সোমবাৰে কয় যে তেওঁলোকে ২৭ আগষ্টত 'নাবান্না অভিযান' নামৰ এক ৰেলী অনুষ্ঠিত কৰাৰ বাবে 'পশ্চিমবংগ ছাত্ৰ সমাজ'ৰ আবেদন নাকচ কৰিছে । তেওঁ কৈছিল যে আৰক্ষীয়ে তেওঁলোকৰ আবেদন নাকচ কৰিছিল কাৰণ গোটটোৱে আনুষ্ঠানিক অনুমতি বিচৰা নাছিল আৰু পৰ্যাপ্ত বিৱৰণ প্ৰদান কৰা নাছিল ।

লগতে পঢ়ক :কৃষক আন্দোলন সম্পৰ্কে কংগনাৰ বিতৰ্কিত মন্তব্যই কঁপাইছে পঞ্জাব - Kangana Controversial Comments

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.