ETV Bharat / bharat

পুত্ৰক লৈ পৰপুৰষৰ সৈতে পত্নী পলাল বাংলাদেশলৈ; অসহায় পিতৃৰ চৰকাৰৰ ওচৰত আবেদন - father appeal to brought back son

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 4:44 PM IST

Father Appeal to Brought Back His Son : হায়দৰাবাদত থাকে পিতৃ । আনহাতে, বাংলাদেশত পুত্ৰ । মাতৃয়ে পৰপুৰুষক বিয়া কৰাই পুত্ৰৰ সৈতে যায় চুবুৰীয়া দেশখনলৈ । ইফালে পুত্ৰৰ বিৰহত কাতৰ পিতৃৰ পুত্ৰক ওভতাই আনিবলৈ ভাৰত চৰকাৰলৈ অনুৰোধ ।

Father Appeal to Brought Back His Son
পুত্ৰক বিচাৰি পিতৃৰ আবেদন (ETV Bharat)

নিউজ ডেস্ক, ২৫ জুন : এগৰাকী পিতৃৰ এক হৃদয় বিদাৰক কাহিনী । পুত্ৰৰ পৰা বিচ্ছেদিত হৈ দিশহাৰা পিতৃৰ উপায়ন্তৰ হৈ চৰকাৰলৈ আবেদন- তেওঁৰ পুত্ৰক ভাৰতলৈ ঘূৰাই অনাৰ বাবে পদক্ষেপ লওক ।

ঘটনাটো হায়দৰাবাদৰ এগৰাকী পিতৃৰ । তেওঁৰ পত্নীয়ে পৰপুৰুষৰ সৈতে বিবাহপাশত আবদ্ধ হৈ পুত্ৰসহিতে বাংলাদেশলৈ যায় । যাৰ বাবে এতিয়া অসহায় পিতৃয়ে তেওঁৰ পুত্ৰক বিচাৰি চৰকাৰৰ ওচৰ চাপিছে ।

ঘটনাৰ বিৱৰণী মতে, বিকাৰাবাদ জিলাৰ চৌধাপুৰ মণ্ডলৰ লিঙ্গপুৰ গাঁৱৰ বাসিন্দা মাগনি তিৰুপতিয়ে মুম্বাইত নিৰ্মাণ শ্ৰমিক হিচাপে কাম কৰিছিল । 2016 চনত ৰিয়া নামৰ এগৰাকী মহিলাৰ সৈতে তাত তেওঁৰ পৰিচয় হয় । পৰিচয়ৰ পৰা গৈ দুয়োৰে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে আৰু বিবাহপাশত আবদ্ধ হয় ।

তাৰ পিচত ২০১৭ চনত তেওঁলোকৰ মাজলৈ আহে পুত্ৰ বিশাল । কিন্তু যেতিয়া তিৰুপতি কিবা কামৰ বাবে নিজৰ চহৰলৈ আহে, তেতিয়া ৰিয়াই আন এজন লোকক বিয়া কৰায় । কিন্তু তিৰুপতি মুম্বাইলৈ গৈ যেতিয়া এই কথা জানিব পাৰে, তেতিয়া তেওঁ পুনৰ হায়দৰাবাদলৈ গুচি যায় । এই সময়ছোৱাতে ৰিয়াই তেওঁক পুত্ৰৰ দায়িত্ব ল'ব লাগে বুলি জনায় । তাৰ পিচত তিৰুপতিয়ে বিশালক হায়দৰাবাদৰ বালাপুৰলৈ লৈ যায় আৰু পুত্ৰক এখন চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰায় ।

আনহাতে, ২০২২ চনত ৰিয়াই তিৰুপতিক ফোন কৰি কয় যে তেওঁৰ পুত্ৰলৈ বহুত মনত পৰি আছে আৰু এবাৰ চাব বিচাৰে । ইফালে তিৰুপতিয়ে তেওঁৰ পুত্ৰৰ সৈতে ৰিয়াক লগ কৰিবলৈ মুম্বাইলৈ যোৱাত ৰিয়াৰ স্বামী আৰু কিছু লোকে তেওঁক আক্ৰমণ কৰে । তাৰ পিচতে ৰিয়া পাঁচবছৰীয়া পুত্ৰৰ সৈতে অন্তৰ্ধান হয় । এই ঘটনাৰ পিচত তিৰুপতিয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে যদিও নিজৰ পুত্ৰৰ সন্ধান পোৱা নাছিল ।

কিন্তু তেওঁৰ পৰিচিত লোকসকলে অনুসন্ধান কৰি গম পায় যে ৰিয়া বাংলাদেশৰ জেশোৰত আছে আৰু তেওঁ পুত্ৰক নিজৰ সৈতে লৈ গৈছে । ইফালে তিৰুপতিয়ে ৰিয়াৰ ভগ্নীৰ স্বামী চফিৰ জৰিয়তে বিশালক ভাৰতলৈ অনাৰ চেষ্টা চলায় । চফিয়ে ইয়াৰ বাবে বহুবাৰ টকাও সংগ্ৰহ কৰে । শেহতীয়াকৈ তেওঁ 1 লাখ টকা লৈছিল । তাৰ পিচত তেওঁ আৰু ৩.৫ লাখ টকা দাবী কৰে আৰু তিৰুপতিক বাংলাদেশ সীমান্তলৈ যাবলৈ কয় যাতে পুত্ৰ বিশালক তেওঁক হস্তান্তৰ কৰিব পাৰে । কিন্তু তিৰুপতি তালৈ যোৱাৰ সময়ত চফিয়ে তেওঁৰ পুত্ৰক দেখুওৱা নাছিল ।

এই ঘটনাৰ পিচত তিৰুপতিয়ে কিছু দিন পূৰ্বে কৰিমনগৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰী বান্দি সঞ্জয়ৰ সৈতে বিষয়টো আলোচনা কৰে । তেওঁ কয় যে মন্ত্ৰীগৰাকীয়ে তেওঁৰ পুত্ৰক ঘূৰাই আনিবলৈ সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে ।

লগতে পঢ়ক :প্ৰথমে মাতৃ আৰু কন্যাক হত্যা; পিচত গুলীয়াই আত্মহত্যা শিৰোমণি অকালি দলৰ নেতাৰ - Akali Leader Commits Suicide

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.