ETV Bharat / bharat

মণিপুৰত অসম ৰাইফলছৰ শৈক্ষিক উৎকৰ্ষ কেন্দ্ৰ, মেইটেই-কুকি শিক্ষাৰ্থীৰ সমন্বিত অধ্যয়ন - Manipur Crisis

Manipur Crisis: হিংসাজৰ্জৰ মণিপুৰৰ শিক্ষাৰ্থী বিশেষকৈ ছাত্ৰীসকলৰ বাবে বিশেষ শৈক্ষিক উৎকৰ্ষ কেন্দ্ৰ স্থাপন কৰিছে অসম ৰাইফলছে । য'ত আশ্ৰয় লৈছে ৩৭ গৰাকীকৈ ছাত্ৰী । সংঘৰ্ষত লিপ্ত কুকি আৰু মেইটেই সম্প্ৰদায়ৰ যুৱতীয়ে একেলগে তাত থাকি অধ্যয়ন কৰি সপোন পূৰণৰ আশা কৰিছে ।

Assam Rifles Educational Excellence Centre
মণিপুৰত অসম ৰাইফলছৰ শৈক্ষিক উৎকৰ্ষ কেন্দ্ৰ
author img

By ANI

Published : Apr 27, 2024, 3:47 PM IST

নেশ্যনেল ডেস্ক,২৭ এপ্ৰিল : মণিপুৰৰ উখৰুলৰ অসম ৰাইফলছে ৩৭ গৰাকী ছাত্ৰীক আশ্ৰয় প্ৰদান কৰিছে । মেইটেই, কুকি আৰু নগা জনজাতিৰ ছাত্ৰীসকলক তেওঁলোকৰ শৈক্ষিক উৎকৰ্ষ কেন্দ্ৰত আশ্ৰয় প্ৰদান কৰা হৈছে । শিক্ষাৰ্থীসকলক শিক্ষাৰ সুযোগ প্ৰদান কৰাৰ বাবে এটা বেচৰকাৰী সংগঠনৰ সহযোগত এই কেন্দ্ৰটো মুকলি কৰা হৈছে ।

অসম ৰাইফলছ চেণ্টাৰ অৱ এডুকেশ্যনেল এক্সেলেন্সৰ ৩৭ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ২২ গৰাকী নগা, ৬ গৰাকী কুকি আৰু ৮ গৰাকী মেইটেই আৰু এগৰাকী পাংগল । উখৰুললৈ চুৰাচান্দপুৰৰ পৰা ৫ ঘণ্টাৰ সময়ৰ প্ৰয়োজন হয় । অসম ৰাইফলছে এক বিবৃতিত কয় যে শৈক্ষিক উৎকৰ্ষ কেন্দ্ৰৰ জৰিয়তে দুৰ্দশাগ্ৰস্ত শিক্ষাৰ্থীসকলৰ শৈক্ষিক ভৱিষ্যৎ সুনিশ্চিত কৰিব ।

যোৱা বছৰ মে' মাহত উত্তৰ-পূবৰ ৰাজ্যখনত সংঘৰ্ষ আৰম্ভ হৈছিল, যেতিয়া মেইটেই সম্প্ৰদায়ৰ এছটি মৰ্যাদাৰ দাবীৰ বিৰুদ্ধে প্ৰতিবাদক লৈ হিংসাৰ সূত্ৰপাত আৰম্ভ হৈছিল । হিংসাত জড়িত আছিল মেইটেই আৰু কুকি সম্প্ৰদায় ।

মণিপুৰৰ আটাইতকৈ প্ৰভাৱিত জিলাসমূহৰ ভিতৰত অন্যতম চুৰাচান্দপুৰৰ এগৰাকী কুকি শিক্ষাৰ্থীয়ে কয় যে অসম ৰাইফলছে তেওঁলোকক যথেষ্ট সহায় কৰিছে । তেওঁলোকে এই শৈক্ষিক উৎকৰ্ষ কেন্দ্ৰত সুৰক্ষিত অনুভৱ কৰে, কিয়নো তাত কোনো বৈষম্য নাই । তেওঁ উল্লেখ কৰা মতে কেৱল শিক্ষাই মণিপুৰৰ অৱস্থা উন্নত কৰিব পাৰে । শৈক্ষিক উৎকৰ্ষ কেন্দ্ৰত বিভিন্ন জনজাতিৰ শিক্ষাৰ্থী থকাৰ পিচতো তাত তেওঁলোকে কোনো পাৰ্থক্য অনুভৱ নকৰে । একেদৰে মেইটেই সম্প্ৰদায়ৰ আন এগৰাকী শিক্ষাৰ্থীয়ে কয় যে তেওঁ সপোন পূৰণৰ বাবে তাত আছে ।

কুকি অধ্যুষিত কাংপোকপি জিলাও হিংসাৰ সময়ত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত স্থানবোৰৰ ভিতৰত অন্যতম আছিল । কেন্দ্ৰটোত থকা এই জিলাৰ এগৰাকী শিক্ষাৰ্থীয়ে কয় যে হিংসাৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধ কৰিব লগা হৈছিল । এনে পৰিৱেশত তেওঁলোকে শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰিলে । কিন্তু তেওঁলোকক এই সুযোগ দিয়াৰ বাবে অসম ৰাইফলছক তেওঁ ধন্যবাদ জ্ঞাপন কৰে ।

অসম ৰাইফলছৰ জ্যেষ্ঠ বিষয়াৰ মতে তাৰ একাংশ যুৱতীক ২০২৩ চনৰ অক্টোবৰত সংঘৰ্ষপীড়িত অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছিল আৰু চুৰাচান্দপুৰ জিলাৰ পৰা অসম ৰাইফল কেন্দ্ৰলৈ অনা হৈছিল । তেওঁলোকক বিমানেৰে লৈ যোৱা হৈছিল আৰু বুলেটপ্ৰুফ বাহনেৰে সুৰক্ষিত অঞ্চললৈ প্ৰেৰণ কৰা হৈছিল । অসম ৰাইফলছৰ মতে তাত উপস্থিত থকা আৰু পৰিস্থিতি নিৰ্বিশেষে সপোন দেখিবলৈ আৰু তেওঁলোকৰ সপোন বাস্তৱত পৰিণত কৰিবলৈ সাহস কৰা এআৰচিইইত যোগদান কৰা ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ এইটো আটাইতকৈ সাহসী পদক্ষেপ ।

লগতে পঢ়ক :ওলোমা দলং মেৰামতিত নিজেই হাতে-কামে লাগি গ'ল আৰক্ষী অধীক্ষক - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.