ETV Bharat / bharat

অৰুণাচল চীন সীমান্তত ভূমিস্খলন; জাহ গ’ল ৰাষ্ট্ৰীয় ঘাইপথ - Massive landslide in Arunachal - MASSIVE LANDSLIDE IN ARUNACHAL

Massive landslide in Arunachal : অৰুণাচল-চীন সীমান্তত ভয়াৱহ ভূমিস্খলন ৷ এই ভূমিস্খলনত জাহ গ’ল ৩১৩ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা ৷ ফলত বিছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থা ৷ দিবাং উপত্যকাৰে দেশৰ আন আন অংশৰ যোগাযোগ বিছিন্ন ৷

অৰুণাচল চীন সীমান্তত ভূমিস্খলন; জাহ গ’ল ৰাষ্ট্ৰীয় ঘাইপথ

author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 2:10 PM IST

অৰুণাচল চীন সীমান্তত ভূমিস্খলন; জাহ গ’ল ৰাষ্ট্ৰীয় ঘাইপথ

তেজপুৰ, ২৫ এপ্ৰিল : আকৌ অৰুণাচল প্ৰদেশত অঘটন ৷ অৰুণাচল প্ৰদেশৰ নামনি দিবাং উপত্যকা সংযোগী চাৰিলেনযুক্ত পথত বিচ্ছিন্ন হৈছে যোগাযোগ ব্যৱস্থা । বুধবাৰে বিয়লি হোৱা প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনৰ ফলতেই চীনৰ সীমান্তৱৰ্তী জিলা দিবাং উপত্যকাৰ সৈতে এই পথছোৱাৰ সংযোগ বিঘ্নিত হৈছে ।

যোৱা কেইদিনমানৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলতে জিলাখনত বুধবাৰে ৰাষ্ট্ৰীয় ঘাইপথ-৩১৩ ত হুনলী আৰু আনিনিৰ মাজত প্ৰচণ্ড ভূমিস্খলন হয় ৷ এই কথা সদৰী কৰিছে বিভাগীয় কৰ্তৃপক্ষই ৷ প্ৰাথমিক তথ্য অনুসৰি, দিবাং উপত্যকা জিলাক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰা ঘাইপথটোৰ হুনলী আৰু আনিনিৰ মাজৰ অংশত ব্যাপক ক্ষতিসাধন হয় ।

এই ভূমিস্খলনৰ পাচতে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে উক্ত দুৰ্যোগ সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে ৷ X ত দিয়া এটা পোষ্টত খাণ্ডুৱে কয় যে তেওঁ বিষয়াসকলক অতি সোনকালে পথ সংযোগ পুনৰ বাহাল কৰিবলৈ নিৰ্দেশ দিছে ।

"হুনলী আৰু আনিনিৰ মাজত ঘাইপথৰ ব্যাপক ক্ষতিৰ বাবে যাত্ৰীসকলৰ অসুবিধাৰ কথা জানি বিচলিত হৈছো । এই পথটোৱে দিবাং উপত্যকাক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰাৰ বাবে অতি সোনকালে পথ সংযোগ পুনৰ বাহালৰ নিৰ্দেশনা জাৰি কৰা হৈছে ।''- অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খণ্ডুৱে কয় ।

ইফালে দিবাং উপত্যকা প্ৰশাসনে জনোৱা মতে, এই ঘাইপথছোৱা পুনৰুদ্ধাৰৰ বাবে কমেও তিনিদিন সময়ৰ প্ৰয়োজন হ’ব ৷ লগতে প্ৰশাসনৰ তৰফৰ পৰা স্থানীয় লোকসকলক ভূমিস্খলন হোৱা অঞ্চল বা কাষৰীয়া জলস্তৰসমূহত মাছ মৰাৰ পৰা আঁতৰি থাকিবলৈ অনুৰোধ জনায় । লগতে প্ৰশাসনৰ তৰফৰ পৰা বাৰিষাত ৰাতি ভ্ৰমণ আৰু মাটি নাকাটিবলৈয়ো সকীয়াই দিয়ে ।

উল্লেখ্য যে, উক্ত পথছোৱা বিগত ২০১৫ চনৰ মাৰ্চ মাহৰ মুকলি কৰা হৈছিল ৷ চাৰিলেনযুক্ত এই পথটো পাঁচ বছৰৰ মূৰত সম্পূৰ্ণ কৰিছিল সীমান্ত পথ সুৰক্ষা বাহিনীয়ে । বৰ্তমান এই পথছোৱা বিধ্বস্ত হৈ পৰাত স্থানীয় লোকৰ বাবে খাদ্য সামগ্ৰীৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই অনাত বাধাৰ সৃষ্টি হৈছে ৷ আনহাতে পৰ্যটনৰ বাবে যোৱা লোকসকলেও সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে ।

লগতে পঢ়ক : ৰাজস্থানত দুৰ্ঘটনাগ্ৰস্ত চোৰাংচোৱা বিমান - Plane Crash in Jaisalmer

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.