ETV Bharat / bharat

তেলেংগানা-ছত্তীশগড় সীমান্তত আৰক্ষীৰ এনকাউণ্টাৰ;৭ মাওবাদী নিহত - MAOISTS KILLED

এতুৰ্নাগৰম চালপাকা বনাঞ্চলত লুকাই থকা মাওবাদীয়ে নিৰাপত্তা বাহিনীক লক্ষ্য কৰি গুলীচালনা কৰে । তাৰ প্ৰত্যুত্তৰত আৰক্ষীৰ গুলীচালনাত ৭ মাওবাদী নিহত হয় ।

Maoists killed
তেলেংগানা-ছত্তীশগড় সীমান্তত আৰক্ষীৰ এনকাউণ্টাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Dec 1, 2024, 3:05 PM IST

হায়দৰাবাদ : তেলেংগানা-ছত্তীশগড় সীমান্তৰ এতুৰ্নাগৰম চালপাকা বনাঞ্চলত বৃহৎ মাওবাদী বিৰোধী অভিযান । তেলেংগানা আৰক্ষীৰ মাওবাদী বিৰোধী গ্ৰেহাউণ্ডছৰ অভিযানত ৭ মাওবাদী নিহত ।

আৰক্ষীয়ে কয় যে এক অভিযানৰ সময়ত এই এনকাউণ্টাৰটো সংঘটিত হৈছিল । অঞ্চলটোত অনুসন্ধান অভিযান চলি আছে বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰে । আৰক্ষীয়ে কয় যে আৰক্ষী আৰু মাওবাদীৰ সংঘৰ্ষত ৭ টা মাওবাদী নিহত হয় । ঘটনাস্থলীৰ পৰা বহু অস্ত্ৰ শস্ত্ৰও আৰক্ষীয়ে জব্দ কৰিছে । তাৰ ভিতৰত দুটা এ কে ৪৭ ৰাইফলো আছিল ।

মাওবাদী নিহত

নিহত মাওবাদীকেইটা কুৰুচাম মংগু ওৰফে ভাদ্ৰু ওৰফে পাপান্না (৩৫), ইগোলাপু মাল্লায়া ওৰফে মধু (৪৩), মুচাকি দেৱাল ওৰফে কৰুণাকাৰ (২২), মুচাকি যমুনা (২৩), জয়সিং (২৫), কিশোৰ (২২) আৰু কামেশ (২৩) বুলি চিনাক্ত কৰা হৈছে । আৰক্ষীয়ে জনোৱা মতে কুৰুচাম মংগু নিষিদ্ধ চিপিআই (মাওবাদী)ৰ তেলেংগানা ৰাজ্যিক সমিতিৰ সচিব আছিল ।

সূত্ৰৰ মতে তেলেংগানাৰ মুলুগু জিলাৰ ইথুৰুনগৰম মণ্ডলৰ চালপাকা বনাঞ্চলৰ অন্তৰ্গত বনাঞ্চলত মাওবাদীৰ উপস্থিতিৰ বিষয়ে আৰক্ষীয়ে তথ্য লাভ কৰিছিল ।

তেলেংগানা সীমান্ত অঞ্চলত নিৰাপত্তা বাহিনীৰ এটা দল অনুসন্ধানৰ বাবে প্ৰেৰণ কৰাৰ লগে লগে মাওবাদীয়ে তদভায়া মণ্ডল আৰু চালপাকাৰ অৰণ্যত তেওঁলোকৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ কৰে । ইয়াৰ প্ৰত্যুত্তৰত নিৰাপত্তা বাহিনীয়েও গুলীচালনা কৰে ।

মাওবাদীৰ আক্ৰমণ

উল্লেখ্য যে ২২ নৱেম্বৰত মাওবাদীয়ে একেখন জিলাৰে পঞ্চায়ত সচিবসহ দুজন লোকক হত্যা কৰিছিল । তাৰ পূৰ্বে ছেপ্টেম্বৰত নিৰাপত্তাৰক্ষীৰ অভিযানত ৰাজ্যখনৰ কাৰাকাগুডেম মণ্ডলৰ ৰঘুনাথপালেমৰ ওচৰৰ বনাঞ্চলত ৬ মাওবাদী নিহত হৈছিল ।

শেহতীয়াকৈ তেলেংগানা-ছত্তীশগড় সীমান্তত বৰ্ধিত মাওবাদী কাৰ্যকলাপৰ মাজতে তেলেংগানাৰ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) জীতেন্দ্ৰই যোৱা মাহত শীৰ্ষ নিৰাপত্তা বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ।

লগতে পঢ়ক :উত্তৰ তামিলনাডু আৰু পুডুচেৰী উপকূল অতিক্ৰম ঘূৰ্ণীবতাহ ফেংগালৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.