ETV Bharat / bharat

হিমাচলত পুনৰ ডাৱৰ বিস্ফোৰণ : বহু লোকৰ মৃত্যু - Cloudburst in Himachal - CLOUDBURST IN HIMACHAL

Himachal Disaster : ৰুষ্ট প্ৰকৃতিৰ মাজত হিমাচল প্ৰদেশ ৷ হিমাচলত পুনৰ সংঘটিত হৈছে ডাৱৰ বিস্ফোৰণৰ ঘটনা ৷ এই ডাৱৰ বিস্ফোৰণত বহু লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷

Helicopter crash in Nepal
হিমাচলত পুনৰ ডাৱৰ বিস্ফোৰণ (ANI)
author img

By PTI

Published : Aug 8, 2024, 10:49 AM IST

নেশ্যনেল ডেস্ক, ৮ আগষ্ট : প্ৰাকৃতিক বিপৰ্যৰ মাজত পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশ ৷ বুধবাৰে নিশা সমেজ আৰু বাগী দলঙৰ সমীপত ডাৱৰ বিস্ফোৰণ হয় ৷ ফলত হিমাচল প্ৰদেশৰ শ্ৰীখণ্ডৰ সমীপত ৪৫ জন লোক পানীত উটি যায় ৷

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ চতুৰ্দশ বেটেলিয়ন কমাণ্ডেণ্ট (National Disaster Response Force চমুকৈ NDRF) বলজিন্দৰ সিঙে কয় যে ঘটনাৰ বিষয়ে জানিব পৰাৰ লগে লগে এই উদ্ধাৰ অভিযানৰ বাবে এন ডি আৰ এফৰ কেবাটাও দলক হিমাচল প্ৰদেশৰ উক্ত স্থানলৈ প্ৰেৰণ কৰা হৈছে । বৰ্তমানো দুৰ্যোগ ক্ষতিগ্ৰস্ত অঞ্চলটোত উদ্ধাৰ অভিযান অব্যাহত আছে ।

সংবাদ সংস্থা ANI ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সিঙে কয়, "এই বছৰ এনডিআৰএফৰ দলসমূহক হিমাচল প্ৰদেশৰ দূৰৱৰ্তী স্থানসমূহলৈ প্ৰেৰণ কৰা হৈছে, যাতে উদ্ধাৰ অভিযানত কোনো ধৰণৰ পলম নহয় । ইয়াৰ মাজতে বৃহস্পতিবাৰে পুৱাৰ ভাগলৈকে বুধবাৰে হোৱা ডাৱৰ বিস্ফোৰণত ১৩টা মৃতদেহ উদ্ধাৰ কৰা হৈছে ।’’

লগতে পঢ়ক : হিমাচলত ডাৱৰ বিস্ফোৰণ : নিৰুদ্দেশ ৪০ জন - Cloudburst in Shimla

সিঙে কয়, "আমি এতিয়ালৈকে ১৩টা মৃতদেহ উদ্ধাৰ কৰিছো । ইয়াৰ পূৰ্বেও চাৰিটা মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু দহজন লোক নিৰুদ্দেশ হৈছিল ৷ আমি এতিয়ালৈকে ৯টা মৃতদেহ উদ্ধাৰ কৰিছো । এজন ব্যক্তিৰ সম্ভেদ এতিয়াও পোৱা হোৱা নাই ।’’

উল্লেখ্য যে, ৭ আগষ্ট তাৰিখে সমগ্ৰ ৰাজ্যত বৰষুণৰ মাত্ৰা অধিক হ’ব বুলি IMD য়ে এক প্ৰতিবেদনত প্ৰকাশ কৰিছিল ৷ মাণ্ডী জিলাৰ যোগীন্দৰ নগৰত ২৪ ঘণ্টাৰ ভিতৰত সৰ্বাধিক ১১০ এম এম বৰষুণ হোৱা বুলি বুধবাৰে আই এম ডি হিমাচল প্ৰদেশৰ মুৰব্বী কুলদীপ শ্ৰীবাস্তৱে কয় যে বিভিন্ন অঞ্চলৰ বাবে সতৰ্কবাণী জাৰি কৰিছিল ।

লগতে পঢ়ক : হিমাচলত ডাৱৰ বিস্ফোৰণ : ৬ গৰাকী লোক নিহত, ৫০ৰো অধিক সন্ধানহীন - Himachal Pradesh cloudburst

ড৹ শ্ৰীবাস্তৱে কয়, "আমি যোৱা ২৪ ঘণ্টাত মাণ্ডী জিলাৰ যোগীন্দৰ নগৰত সৰ্বাধিক ১১০ মিলিমিটাৰ বৰষুণ ৰেকৰ্ড কৰিছো । ই প্ৰচণ্ড বৰষুণ আৰু ছিৰমৌৰ (Sirmaur) জিলাত বৰষুণ মাত্ৰা অধিক পাইছো ।"

সংবাদ সংস্থা ANI ৰ আগত শ্ৰীবাস্তৱে কয়, "ৰাজ্যৰ অন্যান্য প্ৰান্তত মধ্যমীয়া বৰষুণ হৈছে । বিগত ২৪ ঘণ্টাত প্ৰায় ৭৫ শতাংশ অঞ্চলত ৩০ মিলিমিটাৰৰ পৰা ৫০ মিলিমিটাৰৰ ভিতৰত বৰষুণ হৈছে ।" আই এম ডিয়ে নামনি হিমালয়ৰ জিলা বিলাসপুৰ, হামিৰপুৰ, কংৰা, চাম্বা, আৰু মাণ্ডীৰ বাবে অ’ৰেঞ্জ এলাৰ্ট জাৰি কৰিছে ।

লগতে পঢ়ক : হিমাচলৰ প্ৰাকৃতিক দুৰ্যোগ : DNA পৰীক্ষাৰে কৰিব মৃতদেহ চিনাক্ত, 37 জনৰ নমুনা সংগ্ৰহ - Shimla Disaster

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.