ETV Bharat / bharat

আজি দিল্লীত অমিত শ্বাহৰে মণিপুৰৰ মেইটেই, কুকি আৰু নগা বিধায়কসকলৰ গুৰুত্বপূৰ্ণ বৈঠক

মেইটেই, কুকি আৰু নগা বিধায়কসকলক মণিপুৰৰ শান্তি সূত্ৰ উদ্ভাৱনৰ বিষয়ে আলোচনা কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে আমন্ত্ৰণ জনাইছে ।

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2024, 7:47 PM IST

Updated : Oct 14, 2024, 8:49 PM IST

Talks on Manipur Peace Formula
গৃহ মন্ত্ৰী অমিত শ্বাহ (ETV Bharat)

গুৱাহাটী, ১৪ অক্টোবৰ : কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে মেইটেই, কুকি আৰু নগা বিধায়কসকলক মণিপুৰৰ বাবে শান্তি সূত্ৰ উদ্ভাৱনৰ বিষয়ে আলোচনা কৰাৰ লগতে বিবাদৰ সমাধানসূত্ৰ বিচাৰি উলিয়াবলৈ আমন্ত্ৰণ জনাইছে । মঙলবাৰে অনুষ্ঠিত হ'বলগীয়া এই বৈঠকখন অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । কিয়নো যোৱা বছৰ মে' মাহত ৰাজ্যখনত সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ পিছত মণিপুৰৰ মেইটেই, কুকি আৰু নগা বিধায়কসকলে প্ৰথমবাৰৰ বাবে বৈঠকত মিলিত হ'বলৈ গৈ আছে ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মণিপুৰৰ মেইটেই, কুকি আৰু নগা বিধায়কসকলৰ প্ৰস্তাৱিত বৈঠকখনে অশান্তজৰ্জৰ ৰাজ্যখনৰ বাবে যথেষ্ট গুৰুত্ব বহন কৰিছে । উল্লেখ্য যে বিগত প্ৰায় ১৬ মাহ ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখন হিংসাত্মক ঘটনাৰ সাক্ষী হৈ আছে । আনহাতে, এই ভাতৃঘাতী সংঘৰ্ষৰ ফলত ৰাজ্যখনৰ ২২০ গৰাকীৰো অধিক নাগৰিকৰ মৃত্যু হৈছে আৰু ৬,৫০০০ ৰো অধিক লোক নিজ গৃহৰ পৰা বিতাড়িত হ'বলগা হৈছে ।

যোৱা বছৰ মে' মাহত সংঘৰ্ষৰ সূত্ৰপাত ঘটাৰ পৰা মঙলবাৰে অনুষ্ঠিত হ'বলগীয়া বৈঠকখন এনেধৰণৰ প্ৰথমখন বৈঠক হ'ব, য'ত মেইটেই, কুকি আৰু নগা বিধায়কসকলে অংশগ্ৰহণ কৰিব ।

বৈঠকখন গৃহ মন্ত্ৰণালয়ে আহ্বান কৰিছে আৰু ইয়াত কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে নিজেই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । বিপৰীত মেৰুত অৱস্থান কৰা ৰাজ্যখনৰ দুয়োটা প্ৰধান সম্প্ৰদায় মেইটেই আৰু কুকিৰ মাজত আলোচনাৰ সুবিধা প্ৰদান কৰাৰ বাবে এই বৈঠকখনৰ আহ্বান জনোৱা হৈছে ।

থংগাম বিশ্বজিৎ, থৌনাওজাম বসন্তকুমাৰ, ডঃ সপম ৰঞ্জন, থোকচোম ৰাধেশ্যাম, টংব্ৰাম ৰবিন্দ্ৰ আৰু মণিপুৰ বিধানসভাৰ অধ্যক্ষ থ সত্যব্ৰতে মেইটেই পক্ষক প্ৰতিনিধিত্ব কৰিব । আনহাতে, কুকি পক্ষক লেটপাও হাওকিপ, পাওলিয়েনলাল হাওকিপ, হাওখোলেটগেনকে ধৰি আন কেইগৰাকীমানে প্ৰতিনিধিত্ব কৰিব বুলি সূত্ৰত প্ৰকাশ ।

ইয়াৰ উপৰি নগা দলটোক প্ৰতিনিধিত্ব কৰিব আৱাংবো নিউমাই, এল দিখো আৰু ৰাম মুইভাই ৷ অৱশ্যে ইতিমধ্যে কেইবাগৰাকীও মন্ত্ৰী তথা বিধায়ক দিল্লীত উপস্থিত হৈছে যদিও বাকীসকল সোমবাৰে সন্ধিয়ালৈকে দিল্লী গৈ পোৱাৰ সম্ভাৱনা আছে বুলি সূত্ৰত লগতে প্ৰকাশ ।

"কাইলৈৰ বৈঠকখন এটা ভাল পদক্ষেপ । আমি বিচাৰোঁ যে কেন্দ্ৰীয় চৰকাৰে সকলো সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰক, যাৰ অবিহনে স্থায়ী সমাধান বিচাৰি উলিওৱা সম্ভৱ নহয় ।" মঙলবাৰে বৈঠকত অংশগ্ৰহণ কৰিবলগা মণিপুৰৰ বিধায়ক এল দিখোৱে কয় ।

"বৈঠকৰ বিতং কাৰ্যসূচীৰ বিষয়ে মই অৱগত নহয় । আমি ৰাজ্যখনত শান্তি ঘূৰাই আনিবলৈ সম্ভৱপৰ সকলো উপায় বিচাৰিবলৈ চেষ্টা চলাই আছোঁ । আমাক বৈঠকত অংশগ্ৰহণ কৰিবৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে । গতিকে মই এইবাৰ আশাবাদী, কিয়নো কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সকলো সম্প্ৰদায়ক এনে এটা সূত্ৰ বিচাৰিবলৈ অন্তৰ্ভুক্ত কৰিছে, যাৰ দ্বাৰা স্থায়ী শান্তি আহিব পাৰে ।" মণিপুৰ কেবিনেটৰ এগৰাকী মন্ত্ৰী আৱাংবো নিউমাই কয় ।

আনহাতে, মণিপুৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ (এম পি চি চি) সভাপতি কে মেঘাচন্দ্ৰই অৱশ্যে কয় যে বিৰোধী দলক বৈঠকৰ বাবে আমন্ত্ৰণ জনোৱা হোৱা নাই । কিন্তু বৈঠকৰ ফলাফল যিয়েই নহওক কিয়, তেওঁলোকে সেয়া গ্ৰহণ কৰিব । "বিৰোধী হিচাপে আমাক বৈঠকৰ বাবে আমন্ত্ৰণ জনোৱা হোৱা নাই । অৱশ্যে বৈঠকৰ ফলাফল যিয়েই নহওক, আমাৰ বাবে গ্ৰহণযোগ্য হ'ব ।" মেঘাচন্দ্ৰই কয় ।

লগতে পঢ়ক :ৰাষ্ট্রপতি শাসনৰ অৱসান ! জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্রী হ’ব ওমৰ আব্দুল্লা
লগতে পঢ়ক :বাবা ছিদ্দিকীৰ হত্যাকাণ্ডত নাম সাঙোৰ খোৱা গেংষ্টাৰ লৰেন্স বিষ্ণৈ কোন ?

Last Updated : Oct 14, 2024, 8:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.