ETV Bharat / bharat

উত্তৰাখণ্ডত ভয়ংকৰ ভূমিস্খলন; ৫ গৰাকী লোকৰ মৃত্যু - Landslide On Kedarnath Route

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 1:33 PM IST

Landslide On Kedarnath Route : গৌৰীকুণ্ডৰ পৰা সোণপ্ৰয়াগ অভিমুখী পথত ভয়ংকৰ ভূমিস্খলন । ৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৩ গৰাকী আহত । উদ্ধাৰ অভিযান অব্যাহত আছে ।

Landslide On Kedarnath Route
উত্তৰাখণ্ডত ভয়ংকৰ ভূমিস্খলন (SDRF)

নেশ্যনেল ডেস্ক, ১০ ছেপ্টেম্বৰ : উত্তৰাখণ্ডৰ গৌৰীকুণ্ডত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা । কেদাৰনাথলৈ যোৱাৰ পথত সোণপ্ৰয়াগৰ পৰা প্ৰায় ১ কিঃমিঃ দূৰত এই ভূমিস্খলনৰ ঘটনা সংঘটিত হয় । শেহতীয়া তথ্য অনুসৰি, ৫ গৰাকী লোকৰ মৃত্যু । গৌৰীকুণ্ডৰ পৰা সোণপ্ৰয়াগ অভিমুখে গৈ থকা বহু যাত্ৰী ভূমিস্খলনৰ ফলত আৱদ্ধ হোৱাৰ সন্দেহ কৰা হৈছে । মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰো আশংকা কৰা হৈছে ।

  • গৌৰীকুণ্ডত ভূমিস্খলন :

ভূমিস্খলনৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী, জিলা প্ৰশাসন, এছডিআৰএফ আৰু এনডিআৰএফৰ দল তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় । ইফালে দলবোৰে যৌথভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে । অভিযানৰ সময়ত সোমবাৰে নিশা আঘাতপ্ৰাপ্ত অৱস্থাত ৩ গৰাকী লোকক সেই স্থানৰ পৰা উদ্ধাৰ কৰা হয় । এগৰাকী লোকক অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় যদিও পিচত লোকজনক চিকিৎসকে মৃত ঘোষণা কৰে ।

  • উদ্ধাৰ অভিযানত সমস্যা :

প্ৰতিকূল বতৰ আৰু নিশাৰ ভাগত নিৰন্তৰ ধ্বংসাৱশেষ আৰু শিল খহি পৰাৰ ফলত উদ্ধাৰকাৰী দলসমূহে সাহায্য আৰু উদ্ধাৰ অভিযানত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় । এনে পৰিপ্ৰেক্ষিতত নিশা উদ্ধাৰ অভিযান বন্ধ কৰিব লগা হয় । দৰাচলতে যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সন্ধিয়া ৬:৩০ বজাৰ পিচত উক্ত পথত চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয় । যিসকলে এই সময়ৰ পূৰ্বে গৌৰীকুণ্ডৰ পৰা সোণপ্ৰয়াগলৈ ৰাওনা হৈছিল তেওঁলোক এই ভূমিস্খলনত প্ৰভাৱিত হয় ।

  • ৫ গৰাকী লোকৰ মৃত্যু :

ইফালে মঙলবাৰে পুৱাৰে পৰা উদ্ধাৰকাৰী দলবোৰে পুনৰ অভিযান আৰম্ভ কৰে । উদ্ধাৰকাৰী দলে এই স্থানত অচেতন অৱস্থাত ৩ গৰাকী লোকক (২ গৰাকী মহিলা আৰু ১ জন পুৰুষ) উদ্ধাৰ কৰে । চিকিৎসকে পিচত তেওঁলোকক মৃত ঘোষণা কৰে ।

নিৰন্তৰ উদ্ধাৰ অভিযানৰ সময়ত উদ্ধাৰকাৰী দলে আন এগৰাকী মহিলাক অচেতন অৱস্থাত উদ্ধাৰ কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । গৌৰীকুণ্ড ভূমিস্খলনৰ ঘটনাত মৃত্যুৰ সংখ্যা ৫ লৈ বৃদ্ধি পাইছে । আন ৩ গৰাকী লোক আহত হয় ।

দুৰ্ঘটনাটোত আহতসকলৰ তথ্য :-

  1. জীৱশ তিৱাৰী (৬০), নেপাল
  2. মনপ্ৰীত সিং (৩০), পশ্চিমবংগ
  3. ছগন লাল (৪৫), মধ্য প্ৰদেশ

মৃতসকল :-

  1. গোপাল (৫০ বছৰ), মধ্য প্ৰদেশ
  2. দুৰ্গাবাই খাপাৰ (৫০ বছৰ), মধ্য প্ৰদেশ
  3. তিতলী দেৱী (৭০ বছৰ), নেপাল
  4. ভৰতভাই নিৰালাল (৫২), গুজৰাট
  5. সমনবাই(৫০ বছৰ), মধ্য প্ৰদেশ

লগতে পঢ়ক : ১১ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব দ্বিতীয় এছিয়া-প্ৰশান্ত মহাসাগৰীয় মন্ত্ৰী সন্মিলন - Asia Pacific Ministerial Conference

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.