নিউজ ডেস্ক, ২৩ আগষ্ট : প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে ইছৰোৰ অধ্যক্ষ এছ সোমনাথে কয় যে এই দিনটোত মহাকাশ খণ্ডত প্ৰয়োজনীয় ভৱিষ্যতৰ কাৰ্যপন্থাৰ কল্পনা কৰা হৈছে ।
শুকুৰবাৰে প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে ভাৰত মণ্ডপমত মহাকাশ প্ৰযুক্তি আৰু সাফল্য প্ৰদৰ্শনৰ বাবে অনুষ্ঠিত এক প্ৰদৰ্শনীত ইছৰোৰ অধ্যক্ষ এছ সোমনাথৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অংশগ্ৰহণ কৰে ।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই উপলক্ষে ইছৰোৰ ৰব'টিক্স চেলেঞ্জ আৰু ভাৰতীয় অন্তৰীক্ষ হেকাথনৰ বিজয়ীসকলক পুৰস্কৃত কৰে । ইছৰোৰ অধ্যক্ষ এছ সোমনাথে কয়, "যোৱা বছৰ আমি সফলতাৰে চন্দ্ৰযান-৩ অভিযান আৰম্ভ কৰিছিলোঁ । আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ যে এই সফলতাৰ পৰা কেনে প্ৰভাৱৰ সৃষ্টি হ'ব । আৰু সেইসময়ত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কেইদিনমানৰ পিচতে আমাক নিয়ন্ত্ৰণ কেন্দ্ৰত সাক্ষাৎ কৰি 23 আগষ্টৰ দিনটোক ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে ঘোষণা কৰে । লগতে চন্দ্ৰযান-3 অৱতৰণ স্থানক শিৱশক্তি পইণ্ট হিচাপে ঘোষণা কৰে...।"
তেওঁ লগতে কয় যে এই বছৰ বিভিন্ন বিভাগ, মন্ত্ৰণালয়, শিক্ষানুষ্ঠান, বিজ্ঞান সংগঠন, বেচৰকাৰী সংগঠন আৰু সাধাৰণ ৰাইজৰ অংশগ্ৰহণেৰে দেশৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰা হৈছে ।
"শক্তি আৰু উৎসাহ যথেষ্ট আছে । আমি প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱসত আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিৰ উপস্থিতিৰে এই দিৱসৰ সমগ্ৰ উদযাপনৰ সামৰণি পেলাইছোঁ, চন্দ্ৰযান-৩ত আমাৰ অনুপ্ৰেৰণামূলক যাত্ৰা উদযাপন কৰিছোঁ আৰু লগতে মহাকাশ খণ্ডত, বিশেষকৈ অমৃতকালৰ যাত্ৰাত আমি গ্ৰহণ কৰিবলগা ভৱিষ্যতৰ কাৰ্যপন্থাক কল্পনা কৰিছোঁ । আমাৰ দেশৰ বাবে পৰৱৰ্তী মহাকাশ অভিযান গঢ়ি তোলাৰ বাবে আমাক সকলোকে দিয়া অনুপ্ৰেৰণা আৰু দৃষ্টিভংগীৰ বাবে মই ভাৰতৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছোঁ ।" তেওঁ কয় ।
উল্লেখ্য যে মহাকাশ কাৰ্যকলাপত গভীৰ আগ্ৰহ দেখুওৱাৰ বাবে এছ সোমনাথে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক ধন্যবাদ জনায় ।
"আজি আমাৰ সন্মানীয় ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদ্বোধন কৰাৰ সৌভাগ্য হৈছে । মোৰ মনত আছে যে তেওঁ মহাকাশ কাৰ্যকলাপৰ প্ৰতি গভীৰ আগ্ৰহ দেখুৱাইছে আৰু প্ৰথমবাৰৰ বাবে আলোচনা কাৰ্যসূচী আৰম্ভ কৰিবলৈ মোক এবাৰ ৰাষ্ট্ৰপতি ভৱনলৈ আমন্ত্ৰণ জনাইছে ।" তেওঁ লগতে কয় ।
ইছৰোৰ অধ্যক্ষগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙক মহাকাশ বিভাগৰ সকলোৰে সমৰ্থনৰ স্তম্ভ হিচাপে উল্লেখ কৰি ধন্যবাদ জ্ঞাপন কৰে ।
"মহাকাশ খণ্ডৰ প্ৰতি তেওঁৰ গভীৰ আগ্ৰহ আছে । আমি আশাকৰোঁ যে প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱসে এক সুন্দৰ ভৱিষ্যতৰ সৃষ্টি কৰিব আৰু আগলৈ দেশত কেনেদৰে এক সজীৱ মহাকাশ পৰিৱেশ ব্যৱস্থা গঢ়ি তুলিব পাৰি, সেইবোৰ ত্বৰান্বিত কৰি তুলিব ।" তেওঁ লগতে কয় ।
উল্লেখ্য যে ভাৰতে শুকুৰবাৰে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰিছে । এইবাৰৰ বিষয়বস্তু হৈছে 'চন্দ্ৰ স্পৰ্শ কৰাৰ সময়ত জীৱন স্পৰ্শ কৰা : ভাৰতৰ মহাকাশ কাহিনী' ।
২০২৩ চনৰ ২৩ আগষ্টত চন্দ্ৰযান-৩ লেণ্ডাৰে চন্দ্ৰত মসৃণ অৱতৰণ সম্পূৰ্ণ কৰাৰ সময়ত ভাৰতে এক ঐতিহাসিক মাইলৰ খুঁটিত উপনীত হয় । এই উল্লেখযোগ্য সাফল্যই ভাৰতক এই কৃতিত্ব অৰ্জন কৰা চতুৰ্থ দেশ আৰু চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত কৰে । এই সাফল্যৰ স্বীকৃতি স্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ আগষ্টক ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে ঘোষণা কৰে ।