ETV Bharat / bharat

লক্ষ্ণৌ বিমানবন্দৰত যাত্ৰীৰ কামোৰত নিৰাপত্তাৰক্ষীৰ মৰণকাতৰ চিঞৰ - RUCKUS AT LUCKNOW AIRPORT

author img

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 7:21 PM IST

Woman Created Ruckus at Airport : লক্ষ্ণৌ বিমানবন্দৰত মহিলা যাত্ৰীৰ অভব্য আচৰণ ৷ আকাশা এয়াৰৰ এখন বিমানত সংঘটিত হৈছে এই ঘটনা ৷ মহিলা যাত্ৰীৰ কামোৰত আঘাতপ্ৰাপ্ত নিৰাপত্তাৰক্ষী ৷ পঢ়ক সবিশেষ খবৰ ...

RUCKUS AT LUCKNOW AIRPORT
লক্ষ্ণৌ বিমানবন্দৰ (Etv Bharat)

নেশ্যনেল ডেস্ক, 18 জুন : চণ্ডীগড় বিমানবন্দৰত নৱ নিৰ্বাচিত সাংসদ কংগনা ৰনৌতক নিৰাপত্তাৰক্ষীয়ে শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ ঘটনাৰ চৰ্চা মাৰ নৌযাওঁতেই দেশৰ আন এক বিমানবন্দৰত সংঘটিত এক ঘটনাই চকু কপালত তুলিছে দেশবাসীৰ ৷

লক্ষ্ণৌৰ চৌধুৰী চৰণ সিং বিমানবন্দৰত সোমবাৰে সন্ধিয়া মুম্বাই অভিমুখে যাত্ৰা কৰিবলগীয়া আকাশা এয়াৰৰ এখন বিমানত এগৰাকী মহিলা যাত্ৰীয়ে তীব্ৰ হূলস্থুল কৰে ৷ বিমানখনত থকা অন্যান্য যাত্ৰীসকলৰ সৈতেও মহিলাগৰাকীয়ে দুৰ্বব্যহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

লগতে পঢ়ক: দিল্লীৰ পৰা ডুবাই অভিমুখী বিমানত বোমাৰ আতংক বিয়পালে কোনে ? - Bomb Threat Delhi To Dubai Flight

মহিলা যাত্ৰীগৰাকীৰ এনে আচৰণৰ বিৰুদ্ধে অন্যান্য যাত্ৰীসকলে বিমান পৰিচাৰিকাক দাখিল কৰে অভিযোগ ৷ কিন্তু বিমান পৰিচাৰিকাৰ বুজনিত সন্তুষ্ট হোৱাৰ বিপৰীতে অধিক অভব্য আচৰণ কৰি কাজিয়াত লিপ্ত হয় মহিলা যাত্ৰীগৰাকী ৷

পৰৱৰ্তী সময়ত বিমান পৰিচাৰিকাই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জয় পাণ্ডে নামৰ আকাশাৰ নিৰাপত্তাৰক্ষীগৰাকীক খবৰ দিয়ে ৷ নিৰাপত্তাৰক্ষীৰে বহু তৰ্ক-বিতৰ্কৰ পিচত বিমানৰ পৰা নামিবলৈ মান্তি হয় মহিলা যাত্ৰীগৰাকী ৷ কিন্তু পুনৰবাৰ বিমানত প্ৰৱেশ কৰাৰ বাবে চেষ্টা চলাই মহিলাগৰাকীয়ে ৷ এনে কাৰ্যত নিৰাপত্তাৰক্ষীয়ে বাধা প্ৰদান কৰে ৷

লগতে পঢ়ক: গুৱাহাটী বিমানবন্দৰত IPS বিষয়াৰ বিৰুদ্ধে মহিলা কৰ্মচাৰীক নিৰ্যাতনৰ অভিযোগ - IPS officer accused of harassing

এই বাধাক খাতিৰ নকৰি মহিলাগৰাকীয়ে নিৰাপত্তাৰক্ষীৰ হাততে কামোৰ দিয়ে ৷ মহিলাগৰাকীৰ এনে আচৰণৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীগৰাকীয়ে স্থানীয় সৰোজিনী নগৰ থানাত এজাহাৰ দাখিল কৰে ৷ আৰক্ষীয়ে মহিলাগৰাকীৰ বিৰুদ্ধে এটা ৰুজু কৰে গোচৰ ৷

সোমবাৰে সন্ধিয়া প্ৰায় 4.50 বজাত এই ঘটনা সংঘটিত হয় ৷ ঘটনা সন্দৰ্ভত এতিয়াও অব্যাহত আছে তদন্ত ৷ মহিলাগৰাকীৰ বিৰুদ্ধে আকাশা এয়াৰ কৰ্তৃপক্ষৰ হৈ নিৰাপত্তাৰক্ষী জয় পাণ্ডেই ৰুজু কৰা এই গোচৰত কেইবাটাও ধাৰা অন্তৰ্ভূক্ত কৰা হৈছে ৷

লগতে পঢ়ক: বিমান বন্দৰত কংগনা ৰনৌতৰ গালত পৰিল চৰ ! - Kangana Ranaut Slapped By CISF

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.