ETV Bharat / bharat

লোকসভা নিৰ্বাচন ২০২৪; নিৰ্বাচন আয়োগে আজি ঘোষণা কৰিব নিৰ্বাচনৰ সময়সূচী

author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 7:06 AM IST

Lok Sabha election 2024 : নিৰ্বাচনৰ বাবে নিজকে সাজু কৰি তোলাৰ সময়ত ভাৰতীয় নিৰ্বাচন আয়োগে শনিবাৰে আবেলি ৩ বজাত দেশৰ সাধাৰণ নিৰ্বাচন আৰু চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিব । এই ঘোষণা অনুষ্ঠান নিৰ্বাচন আয়োগৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত পোনপটীয়া সম্প্ৰচাৰ কৰা হ'ব ।

নিৰ্বাচন আয়োগে আজি ঘোষণা কৰিব নিৰ্বাচনৰ সময়সূচী

নিউজ ডেস্ক, ১৬ মাৰ্চ : দেশৰ নিৰ্বাচনৰ তত্ত্বাৱধানৰ বাবে দায়বদ্ধ শীৰ্ষ সংস্থা ভাৰতীয় নিৰ্বাচন আয়োগে বহু প্ৰত্যাশিত আগন্তুক লোকসভা নিৰ্বাচন আৰু চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে সময়সূচী ঘোষণা কৰিবলৈ সাজু হৈছে ।

লোকসভা নিৰ্বাচনৰ অধিসূচনা

এক্সৰ এক বাৰ্তাত নিৰ্বাচন আয়োগৰ এগৰাকী মুখপাত্ৰই শুকুৰবাৰে কয়, "নিৰ্বাচন আয়োগে সাধাৰণ নিৰ্বাচন ২০২৪ আৰু কেইখনমান ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিবলৈ শনিবাৰে বিয়লি ৩ বজাত সংবাদমেল অনুষ্ঠিত কৰিব । এই সংবাদমেল নিৰ্বাচন আয়োগৰ সামাজিক মাধ্যমৰ মঞ্চত পোনপটীয়া সম্প্ৰচাৰ কৰা হ'ব ।"

বিজেপি আৰু কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ

আগন্তুক নিৰ্বাচনৰ বাবে বিজেপিয়ে এতিয়ালৈকে প্ৰাৰ্থীৰ দুখন তালিকা প্ৰকাশ কৰিছে । বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল, অনুৰাগ ঠাকুৰ, প্ৰহ্লাদ যোশী, নীতিন গাডকাৰীকে ধৰি সকলো জ্যেষ্ঠ নেতাকে এইবাৰো প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

আনহাতে, বৰ্তমানৰ মুখ্য বিৰোধী দল কংগ্ৰেছেও নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ দুখন তালিকা প্ৰকাশ কৰিছে । কেৰালাৰ ৱায়েনাড় সমষ্টিৰ পৰা দলৰ প্ৰাক্তন মুৰব্বী ৰাহুল গান্ধীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । কংগ্ৰেছে নকুল নাথ, গৌৰৱ গগৈ, কে চি বেণুগোপাল আৰু বৈভৱ গেহলটকো প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

বিজেপিয়ে তৃতীয়টো কাৰ্যকাল দখলত ৰখাৰ বিষয়ত আত্মবিশ্বাসী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিয়ে বিশ্বাস ব্যক্ত কৰিছে যে দলটোৱে ৩৭০ খনতকৈ অধিক আসন লাভ কৰিব আৰু ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে (এনডিএ) লোকসভা নিৰ্বাচনত ৪০০-তকৈও অধিক আসন লাভ কৰিব ।

২০১৯ চনৰ লোকসভা নিৰ্বাচনত কি ঘটিছিল ?

দেশৰ 543 খন লোকসভা আসনৰ ভিতৰত 412 খন আসন সাধাৰণ শ্ৰেণীৰ বাবে, 83 খন অনুসূচিত জাতিৰ বাবে আৰু 47 খন আসন অনুসূচিত জনজাতিৰ শ্ৰেণীৰ বাবে সংৰক্ষিত । ২০১৯ চনৰ লোকসভা নিৰ্বাচনত মুঠ প্ৰায় ৯১.১৯ কোটি ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে । ভোটকেন্দ্ৰসমূহত ভোটদানৰ দৰে মৌলিক অধিকাৰ প্ৰয়োগ কৰা ভোটাৰৰ সংখ্যা আছিল ৬১.১৮ কোটি । আনহাতে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ডাক বেলটক বাদ দি ভোটদানৰ শতাংশ আছিল ৬৭.১ শতাংশ ।

এনডিএয়ে কিমানখন আসনত জয়লাভ কৰিছিল ?

বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে (এনডিএ) ২০১৯ চনৰ লোকসভা নিৰ্বাচনত সৰ্বাধিক ৩৫১ খন আসন লাভ কৰি দ্বিতীয়বাৰৰ বাবে ক্ষমতা দখল কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে ৩০৩ খন আসন লাভ কৰে । এনডিএৰ অংশ হৈ থকা উদ্ধৱ থাকৰেৰ নেতৃত্বত অবিভক্ত শিৱসেনাই ১৮ খন আসন লাভ কৰে । জনতা দল (ইউনাইটেডে) ১৬ খন আসন লাভ কৰাৰ বিপৰীতে সুখবীৰ সিং বাদলৰ নেতৃত্বত শিৰোমণি অকাল দল আৰু আপনা দলে (সোনিলাল) দুখনকৈ আসন লাভ কৰিবলৈ সক্ষম হয় ।

কিন্তু শিৱসেনা পিছলৈ দুটা দলত বিভক্ত হয়- শিৱসেনা আৰু শিৱসেনা (উদ্ধৱ বালাচাহেব থাকৰে) । অল ইণ্ডিয়া আন্না দ্ৰাবিড় মুন্নেত্ৰা কাজাগম (এআইএডিএমকে), অল ঝাৰখণ্ড ষ্টুডেণ্টছ ইউনিয়ন, নেচনেলিষ্ট ডেমোক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টী আৰু ৰাষ্ট্ৰীয় লোকতান্ত্ৰিক পাৰ্টীয়ে এখনকৈ আসন লাভ কৰে ।

ইউপিএ কিমানখন আসনত জয়লাভ কৰিছিল ?

ইয়াৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্সে (ইউপিএ) ৫৪৩ জনীয়া সদনত মাত্ৰ ৯০ খন আসনহে লাভ কৰিবলৈ সক্ষম হয় । কংগ্ৰেছে সৰ্বাধিক ৫২ খন আসন লাভ কৰে আৰু তাৰ পিছত দ্ৰাবিড় মুনেত্ৰা কাজাগমে (ডিএমকে) ২৩ খন আসন লাভ কৰিবলৈ সক্ষম হয় ।

ইয়াৰ উপৰি শৰদ পাৱাৰ নেতৃত্বাধীন অবিভক্ত নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টীয়ে (এনচিপি) পাঁচখন আসন লাভ কৰে । অৱশ্যে পিছত দলটো এনচিপি আৰু এনচিপি (শৰদচন্দ্ৰ পাৱাৰ) দুটা গোটত বিভক্ত হয় ।

ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে তিনিখন, ভাৰতীয় কমিউনিষ্ট পাৰ্টীয়ে (এম) দুখন, জনতা দল (চেকুলাৰ), কেৰালা কংগ্ৰেছ (এম), বিপ্লৱী সমাজতান্ত্ৰিক দল, ঝাৰখণ্ড মুক্তি মৰ্চা (জেএমএম), আৰু বিদুথালাই চিৰুথাইগাল কাচ্চিয়ে মাত্ৰ এখনকৈ আসনহে জিকিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :শনিবাৰে ঘোষণা হ’ব লোকসভা নিৰ্বাচন 2024 ৰ সময়সূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.