ETV Bharat / bharat

৪ জুনত বিনামূলীয়া জিলাপী খুৱাবলৈ সাজু গুজৰাটৰ ব্যৱসায়ী - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 8:30 PM IST

Bhuj Trader to Distribute Free Jalebi : কথাতে কয় বোলে আশাত বন্দী জীৱন । মানুহে এই আশাৰ বাবেই কত যে কি নকৰে । এইবাৰ তেনে এক আশা বুকুত বান্ধিয়ে সকলোৰে মুখ মিঠা কৰিবলৈ সাজু হৈছে গুজৰাটৰ এজন ব্যৱসায়ী । তেওঁৰ আশা, ৪ জুনত তেওঁলোকৰ দুই ভাতৃয়ে পূৰণ কৰিব সপোন ! কিন্তু কি তেওঁৰ এই আশা, এই সপোন ? জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন ।

Bhuj Trader to Distribute Free Jalebi
৪ জুনত বিনামূলীয়া জিলাপী খুৱাবলৈ সাজু গুজৰাটৰ ব্যৱসায়ী (ETV Bharat)

নিউজ ডেস্ক, ২৯ মে' : দেশত এতিয়া নিৰ্বাচনী বতৰ । ১ জুনত আৰু মাত্ৰ এটা পৰ্যায়ৰ ভোটগ্ৰহণৰ পিচতেই অহা ৪ জুনত প্ৰকাশ পাব বহু প্ৰতীক্ষিত লোকসভা নিৰ্বাচনৰ ফলাফল । ইতিমধ্যে শাসক-বিৰোধী উভয়ে নিশ্চিত যে তেওঁলোকে এইবাৰৰ সাধাৰণ নিৰ্বাচনত জয়ী হ'ব । এফালে যদি শাসকীয় বিজেপি নেতৃত্বাধীন এন ডি এৰ আশা যে এইবাৰ তেওঁলোকে জয়ৰ অভিলেখ সৃষ্টি কৰিব, আনফালে আকৌ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ আশা যে তেওঁলোকে বিজেপিক উৎখাত কৰিব । মুঠতে সকলোৰে মনত একেটাই আশা, দিল্লীৰ মচনদ দখল কৰা । অৱশ্যে তাৰ বাবে অপেক্ষা কৰিব লাগিব ৪ জুনলৈ ।

কিন্তু ইয়াৰ মাজতে মোদী-শ্বাহৰ ৰাজ্যত আন একাংশই ৪ জুন তাৰিখটো বিশেষভাৱে উদযাপনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । কিয়নো তেওঁলোকৰ দুই জ্যেষ্ঠ ভাতৃৰ সপোন পূৰণ হোৱাৰ মুহূৰ্তটো বিশেষভাৱে উদযাপন কৰিব বিচাৰে তেওঁলোকে । তেওঁলোকৰ আশা, দুটাকৈ কাৰ্যকালত প্ৰধানমন্ত্ৰী হৈ থকা নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ প্ৰাৰ্থীসকলে প্ৰচাৰৰ সময়ত কৈ থকা ৪০০ খন আসনৰ সংখ্যা অতিক্ৰম কৰিব । লগতে দৃঢ় বিশ্বাস যে বিজেপিয়ে চৰকাৰ গঠন কৰিব আৰু নৰেন্দ্ৰ মোদী পুনৰ প্ৰধানমন্ত্ৰী হ'ব । তেনে এক মুহূৰ্ত জানো প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যৰ লোকসকলে এৰাই চলিব পাৰে । নিশ্চয় নোৱাৰে । তাৰ বাবেই এতিয়াৰে পৰা প্ৰস্তুতি চলাইছে গুজৰাটৰ এজন মিঠাই ব্যৱসায়ীয়ে । ৪ জুনত সকলোৰে মুখ মিঠা কৰিবলৈ সাজু হৈছে তেওঁ, তাকো বিনামূলীয়াকৈ ।

বিজেপিয়ে সংখ্যাগৰিষ্ঠতা পালে খুৱাব বিনামূলীয়া জিলাপী

১৯৫৬ চনৰ পৰা গুজৰাটৰ ভুজত মিঠাইৰ দোকান চলাই অহা অৰবিন্দভাই ঠাক্কৰে মোদী চৰকাৰ পুনৰ শাসনলৈ আহিলে ৪ জুনৰ সন্ধিয়া বিনামূলীয়াকৈ জিলাপী বিতৰণৰ কথা ঘোষণা কৰিছে । তেওঁৰ দোকানখনৰ বেনাৰত লিখা আছে, 'এয়া অৰবিন্দভাই জিলাপীৱালাৰ গেৰাণ্টি', এইবাৰ ৪ জুন, মঙলবাৰে সন্ধিয়া ৫ বজাৰ পৰা কোনো জাতি, ধৰ্ম বা বৰ্ণৰ বৈষম্য অবিহনে মোদীপ্ৰেমী আৰু শত্ৰুসকলকো বিনামূলীয়াকৈ জিলাপী বিতৰণ কৰা হ'ব ।

ক্ৰিকেটত ভাৰতীয় দলৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনতো বিনামূলীয়াকৈ জিলাপী খুৱাইছিল

অৰবিন্দভাই ঠাক্কৰ বহু বছৰ ধৰি ক্ৰিকেট আৰু নৰেন্দ্ৰ মোদীৰ অনুৰাগী । তেওঁ এতিয়ালৈকে দৰবাৰ গড় অঞ্চলৰ দোকানৰ পৰা সাধাৰণ লোক আৰু ব্যৱসায়ীসকলক ৫০ বাৰতকৈও অধিক বিনামূলীয়া জিলাপী খুৱাইছে । আনকি ভাৰতীয় দলটোৱে ক্ৰিকেট বিশ্বকাপৰ সময়ত উৎকৃষ্ট প্ৰদৰ্শনেৰে জয়লাভ কৰাৰ সময়তো তেওঁ ওচৰৰ দোকানত থকা লোকসকলক জিলাপী খুৱাই এই বিজয় উদযাপন কৰে । পূৰ্বতে তেওঁ কেৱল ব্যৱসায়ী বন্ধুসকলৰ বাবে বিনামূলীয়া জিলাপী সীমিত কৰি ৰাখিছিল, কিন্তু এইবাৰ নৰেন্দ্ৰ মোদীৰ সংখ্যাগৰিষ্ঠ বিজয়ৰ ওপৰত নিৰ্ভৰ কৰি বৃহৎ পৰিমাণে বিনামূলীয়া জিলাপী পৰিবেশনৰ কথা ঘোষণা কৰিছে ।

অৰবিন্দভায়ে কি কয়

অৰবিন্দভায়ে কয় যে নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ পিচৰে পৰা তেওঁৰ কাম আৰু ব্যক্তিত্বৰ দ্বাৰা তেওঁ প্ৰভাৱিত হৈছে । বিগত দুটা কাৰ্যকালত প্ৰধানমন্ত্ৰী হিচাপে তেওঁ বহু কাম কৰিছে । ইয়াৰ বিপৰীতে কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে ১০ বছৰত একো কৰা নাই । কেৱল দৰিদ্ৰতা দূৰীকৰণ আৰু সহায়ৰ নিশ্চয়তাহে প্ৰদান কৰিছে । তেওঁ বিশ্বাস কৰে যে এইবাৰো নৰেন্দ্ৰ মোদীৰ চৰকাৰ আহিব আৰু বিজেপিয়ে 400-ৰ সীমা অতিক্ৰম কৰে বা নকৰে, একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব ।

বিজেপিৰ সদস্য বা নিৰ্বাচনী প্ৰচাৰত কোনো ধৰণে জড়িত নহয় অৰবিন্দভাই

অৰবিন্দভাই বিজেপি দলৰ সদস্য নহয় বা দলটোৰ প্ৰচাৰৰ লগত তেওঁ কোনো প্ৰকাৰে জড়িত নহয় । কিন্তু তেওঁ নৰেন্দ্ৰ মোদীৰ অনুৰাগী আৰু তেওঁৰ কামৰ দ্বাৰা প্ৰভাৱিত হৈ তেওঁৰ মিঠাইৰ দোকানত এনে ধৰণৰ প্ৰস্তাৱ আগবঢ়াইছে । লগতে তেওঁ কয় যে ফলাফলৰ দিনা দুপৰীয়াৰ পৰা বিনামূলীয়া জিলাপী বিতৰণ কৰা হ'ব পাৰে । কিন্তু যিহেতু সন্ধিয়া 5 বজাৰ ভিতৰত আসনৰ ছবিখন স্পষ্ট হৈ পৰিব, সেয়েহে 4 জুনৰ সন্ধিয়া 5 বজাৰ পৰা তেওঁ মানুহক বিনামূলীয়াকৈ জিলাপীৰ সোৱাদ ল'বলৈ দিব ।

পিচে অৰবিন্দভাইৰ এই আশা বা প্ৰতিশ্ৰুতি কেনেদৰে পূৰ্ণ হয় সেয়া ৪ জুনতহে স্পষ্ট হ'ব । নে 'গছত কঁঠাল, ওঁঠত তেলৰ' লেখীয়া হয়, সেইটোহে চাবলগীয়া হ'ব ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰী মোদীৰ পৰা কংগনালৈ... হাই প্ৰফাইল প্ৰাৰ্থীৰ অন্তিম যুঁজ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.