ETV Bharat / bharat

ভাৰতীয় স্থলসেনাৰ পৰৱৰ্তী মুৰব্বী হ’ব লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদী - CHIEF OF ARMY STAFF

author img

By ANI

Published : Jun 12, 2024, 10:42 AM IST

Lt Gen Upendra Dwivedi : ভাৰতৰ 30 সংখ্যক স্থলসেনাপ্ৰধান হিচাপে নিযুক্ত লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদী ৷ দেশৰ উপ- সেনাপ্ৰধান, উত্তৰ সেনাৰ কমাণ্ডাৰ, ডিজি ইনফেণ্ট্ৰী আৰু আন একাধিক পদত কাৰ্যনিৰ্বাহ কৰাৰ পিছত 30 জুনত এই নতুন দায়িত্ব গ্ৰহণ কৰিবলৈ সাজু হৈছে উপেন্দ্ৰ দ্বিবেদী ৷ পূৰ্বতে দ্বিবেদীয়ে চীনা আৰু পাকিস্তান সীমান্তত নিৰাপত্তাৰ খাতিৰত চলা একাধিক অভিযানত অংশগ্ৰহণ কৰিছিল ৷

NEXT CHIEF OF ARMY STAFF
উপেন্দ্ৰ দ্বিবেদী (ANI)

নিউজ ডেস্ক, 12 জুন: দেশৰ নতুন সেনাপ্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীক ৷ 30 জুনত দ্বিবেদীয়ে গ্ৰহণ কৰিব কাৰ্যভাৰ ৷ তেওঁ হ’ব জেনেৰেল মনোজ পাণ্ডেৰ উত্তৰাধিকাৰী, যিয়ে 30 জুনত অৱসৰ গ্ৰহণ কৰিব ৷

ভাৰতৰ 30 সংখ্যক সেনাপ্ৰধান হিচাপে লেফটেনেণ্ট জেনেৰেল দ্বিবেদীয়ে দেশৰ উপ সেনা-প্ৰধান, উত্তৰ সেনাৰ কমাণ্ডাৰ, ডিজি ইনফেণ্ট্ৰী আৰু আন একাধিক পদত কাৰ্যনিৰ্বাহ কৰাৰ পিছত এই নতুন দায়িত্ব গ্ৰহণ কৰিবলৈ সাজু হৈছে ৷ পূৰ্বতে দ্বিবেদীয়ে চীনা আৰু পাকিস্তান সীমান্তত নিৰাপত্তাৰ খাতিৰত চলা একাধিক অভিযানত অংশগ্ৰহণ কৰিছিল ৷

মধ্যপ্ৰদেশৰ ৰিৱাস্থিত সৈনিক স্কুলৰ প্ৰাক্তন ছাত্ৰ লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীক 1984 চনত অষ্টাদশ জম্মু আৰু কাশ্মীৰ ৰাইফলছত নিযুক্তি দিয়া হৈছিল ৷ য’ত কাৰ্যনিৰ্বাহ কৰাৰ পিছত দ্বিবেদীয়ে লাভ কৰিছিল কমাণ্ডো পদ ৷

লগতে পঢ়ক: পৰৱৰ্তী অৰুণাচলৰ মুখ্যমন্ত্ৰী নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় পৰ্যবেক্ষক নিযুক্তি - Arunachal next CM

39 বছৰতকৈও অধিক সময় ধৰি তেওঁ কেৰিয়াৰত বহু প্ৰত্যাহ্বানমূলক পৰিস্থিতিতো কমাণ্ডো নিযুক্তিৰ দৰে গুৰু দায়িত্ব পালন কৰি আহিছে ৷ তেওঁ উত্তৰ-পূৰ্বাঞ্চলত এক তীব্ৰ সন্ত্ৰাসবাদ বিৰোধী পৰিৱেশত অসম ৰাইফলছৰ ছেক্টৰ কমাণ্ডাৰ আৰু ইন্সপেক্টৰ জেনেৰেল হিচাপেও দায়িত্ব বহন কৰিছিল ।

লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে দেশৰ পশ্চিম সীমান্তত এক কাৰ্যকৰী ভূমিকাৰে ৰাইজিং ষ্টাৰ কৰ্পছক কমাণ্ড কৰিছিল । পিছত তেওঁ উত্তৰ আৰু পশ্চিম দুয়োটা সীমাতে এক অত্যন্ত প্ৰত্যাহ্বানপূৰ্ণ পৰিৱেশত ২০২২-২৪ চনলৈ সন্মানীয় উত্তৰ সেনাক কমাণ্ড কৰিছিল ।

এই সময়ছোৱাত বিষয়াজনে চীনৰ সৈতে চলি থকা ভাৰতৰ আলোচনাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে ৷ তেওঁ ভাৰতীয় সেনাৰ সৰ্ববৃহৎ সেনা কমাণ্ডৰ আধুনিকীকৰণ আৰু সজ্জিতকৰণৰ সৈতেও জড়িত আছিল, য'ত তেওঁ আত্মনিৰ্ভৰ ভাৰতৰ অংশ হিচাপে থলুৱা সঁজুলি অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছিল ৷

লগতে পঢ়ক: ৰবি শংকৰক ইউক্ৰেইনত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি - Indian Ambassador to Ukraine

দ্বিবেদীয়ে জম্মু-কাশ্মীৰ আৰু লাডাখৰ জনসাধাৰণৰ সৈতে একত্ৰিত ৰাষ্ট্ৰ নিৰ্মাণৰ ফলাফল আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে সহায় কৰে । প্ৰত্যাহ্বানমূলক কমাণ্ড এছাইনমেণ্টৰ উপৰিও লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে মুখ্য কাৰ্যালয় আৰ্মৰ্ড ব্ৰিগেড, মাউণ্টেইন ডিভিজন, ষ্ট্ৰাইক কৰ্পছত কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত নিজৰ দায়িত্ব পালন কৰি আহিছে ৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাৰ্লিছৰ ইউ এছ এড ব্লিউ চি-ত এনডিচিৰ সমতুল্য পাঠ্যক্ৰমত দ্বিবেদীক 'বিশিষ্ট ফেলো' ৰ সন্মান প্ৰদান কৰা হৈছিল । তেওঁ প্ৰতিৰক্ষা আৰু ব্যৱস্থাপনা বিষয়ত অধ্যয়ন কৰি লাভ কৰিছে এম ফিল ডিগ্ৰী ৷ তদুপৰি আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইউ এছ এড ব্লিউ চিৰ কৌশলগত অধ্যয়ন আৰু সামৰিক বিজ্ঞানৰ দুটাকৈ স্নাতকোত্তৰ ডিগ্ৰী ৷

লগতে পঢ়ক: সেনা শিবিৰত সংঘটিত গ্ৰেণেড আক্ৰমণৰ সন্দৰ্ভত পৰেশ বৰুৱাৰ বিৰুদ্ধে NIA ৰ চাৰ্জশ্বীট দাখিল - NIA chargesheets agaisnt ULFA I

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.