ETV Bharat / bharat

মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ বাবে জি-20 বৈঠকত সহায়ৰ আহ্বান লিচিপ্ৰিয়া কাংগুজামৰ - MANIPUR ISSUE AT G20 SUMMIT

মণিপুৰত ভয়-আতংকৰ অমানিশা গুচি কেতিয়া শান্তিৰ সূৰ্যোদয় হ’ব সেয়া কোনেও ডাঠি ক’ব পৰা অৱস্থাত নাই ৷ শান্তি বিচাৰি বিশ্ব নেতাক সহায়ৰ আহ্বান লিচিপ্ৰিয়াৰ ৷

Manipur issue at G20 summit
জি-20 বৈঠকত লিচিপ্ৰিয়া কাংগুজাম (@LicypriyaK)
author img

By ETV Bharat Assamese Team

Published : Nov 18, 2024, 2:45 PM IST

তেজপুৰ: গোষ্ঠী সংঘৰ্ষক কেন্দ্ৰ কৰি আজিও এক অগ্নিকুণ্ড হৈ আছে উত্তৰ-পূবৰ অতিকৈ মনোমোহা ৰাজ্য মণিপুৰ ৷ প্ৰায় 18 মাহ পূৰ্বে অৰ্থাৎ 2023 চনৰ মে’ মাহত জ্বলা গোষ্ঠী সংঘৰ্ষৰ জুইকুৰা আজিও নিৰ্বাপিত হোৱা নাই ৷ কোনো কোনো সময়ত সংঘাতৰ জুইকুৰা উমি উমি জ্বলে আৰু অকণমান বতাহ পালেই ভমককৈ মাৰে ৷ কেবাশ মানুহে ইতিমধ্যে প্ৰাণ হেৰুৱালে আৰু হাজাৰ-বিজাৰ মানুহ গৃহহাৰা হ’ল এই সংঘাতৰ ফলত ৷ মণিপুৰত ভয়-আতংকৰ অমানিশা গুচি কেতিয়া শান্তিৰ সূৰ্যোদয় হ’ব সেয়া কোনেও ডাঠি ক’ব পৰা অৱস্থাত নাই ৷

এনেবোৰ অশান্তিৰ মাজতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মণিপুৰ সংঘাতৰ বিষয়টো উত্থাপন কৰিছে মণিপুৰৰ এগৰাকী যুৱতীয়ে ৷ জলবায়ু কৰ্মী হিচাপে পৰিচিত লিচিপ্ৰিয়া কাংগুজাম নামৰ যুৱতীগৰাকীয়ে ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত জি-20 সন্মিলনত মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিৰ বিষয়টো উত্থাপন কৰে ৷ লিচিপ্ৰিয়াই বিশ্বৰ নেতাসকলক মণিপুৰত চলি থকা কুকি উগ্ৰপন্থীৰ নৃশংসতাক ধিক্কাৰ জনোৱাৰ লগতে শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সহায় আৰু সমৰ্থন আগবঢ়াবলৈ দাবী জনায় ৷

ব্ৰাজিল চৰকাৰে লিচিপ্ৰিয়াক এই সন্মিলনৰ বাবে আমন্ত্ৰণ জনাইছিল, য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আমেৰিকাৰ ৰাষ্ট্ৰপতি, ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছকে ধৰি বিশ্বৰ ব্যক্তিসকলে অংশগ্ৰহণ কৰিছিল ।

লগতে পঢ়ক: বিজেপি শাসিত মণিপুৰৰ চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ এন পি পিৰ

দেওবাৰে এই সন্দৰ্ভত প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত জনোৱা হৈছে যে তেওঁৰ ভাষণৰ সময়ত লিচিপ্ৰিয়াই জিৰিবামৰ দুখজনক কাণ্ডৰ কথা কয়, য’ত তিনিজন নাবালক আৰু তিনিগৰাকী মহিলাকে ধৰি ছজন সাধাৰণ নাগৰিকক কুকি উগ্ৰপন্থীয়ে অপহৰণ, যৌন নিৰ্যাতন আৰু হত্যা কৰাৰ বিপৰীতে দুজন পুৰুষক জীৱন্তে জ্বলাই দিয়ে ৷

আন্তঃৰাষ্ট্ৰীয় আইন আৰু ৰাষ্ট্ৰসংঘৰ নীতি উলংঘা বুলি অভিহিত কৰা এনে হিংসাৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় সমাজক স্থিতি ল'বলৈ আহ্বান জনাই "মেইটেইক ন্যায় দিয়ক" আৰু "মণিপুৰক ন্যায় দিয়ক" শ্লোগান প্ৰদৰ্শন কৰে লিচিপ্ৰিয়াই । ভাৰতত মেইটেইসকলৰ জাতিগত শুদ্ধিকৰণ ৰোধৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজন বুলিও তেওঁ গুৰুত্ব আৰোপ কৰে ।

লিচিপ্ৰিয়াই মণিপুৰৰ সংঘাতক "নতুন জলবায়ু যুদ্ধ" বুলিও অভিহিত কৰিছিল, ইয়াক তেওঁ প্ৰকৃতিক লালন-পালন কৰা সম্প্ৰদায় আৰু লালন-পালন নকৰা সম্প্ৰদায়ৰ মাজৰ যুদ্ধ বুলি বৰ্ণনা কৰিছিল ।

প্ৰাকৃতিক সম্পদ সুৰক্ষাৰ বাবে অধিক শক্তিশালী ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰি জি-20 ৰ নেতাসকলক বনাঞ্চল ধ্বংসক আন্তঃৰাষ্ট্ৰীয় অপৰাধ হিচাপে স্বীকৃতি দিবলৈ আহ্বান জনাই লিচিপ্ৰিয়াই ।

লগতে পঢ়ক: মণিপুৰ শান্ত কৰাৰ উপায় বিচাৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে

তেওঁৰ ভাষণত বিস্তৃত গোলকীয় বিষয়সমূহৰ ওপৰতো আলোকপাত কৰা হয়, জলবায়ু পৰিৱৰ্তনৰ ফলত টিমুৰ-লেষ্টে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰে, সাগৰৰ স্তৰ বৃদ্ধি যি কেৱল জীৱনৰ প্ৰতিয়েই নহয়, অঞ্চলটোৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰে আৰু ধনী ৰাষ্ট্ৰসমূহক দুৰ্বল দেশসমূহৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা ক্ষতিৰ বাবে ক্ষতিপূৰণ প্ৰদান কৰিবলৈ আহ্বান জনায়, লগতে ভোক, দৰিদ্ৰতা, খাদ্যৰ নিৰাপত্তাহীনতাৰ বিৰুদ্ধে যুঁজিবলৈ সমৰ্থনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

লিচিপ্ৰিয়াই ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা চিলভাকো সাক্ষাৎ কৰি তেওঁক "জি-20 য়ুথ ডিমাণ্ডছ অন লছ এণ্ড ডেমেজ ফাণ্ডছ" উপহাৰ দিয়ে, যিটো জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা প্ৰভাৱিত লাখ লাখ যুৱকৰ কণ্ঠক প্ৰতিনিধিত্ব কৰা বিবৃতি । 196 খন দেশৰ যুৱক-যুৱতীসকলে সংকলন কৰা এই নথিখনত ​​জলবায়ু সংকটৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ উল্লেখযোগ্য আৰ্থিক প্ৰতিশ্ৰুতিৰ আহ্বান জনোৱা হৈছে ।

ৰাষ্ট্ৰপতি লুলাই তেওঁক আশ্বাস দিয়ে যে তেওঁ এই বিবৃতিটো জি-20 ৰ অন্যান্য নেতাসকলৰ দৃষ্টিগোচৰ কৰি বিবেচনাৰ বাবে আনিব ।

লিচিপ্ৰিয়াই মানৱীয় প্ৰয়োজনীয়তাতকৈ সামৰিক ব্যয়ক বিশ্বব্যাপী অগ্ৰাধিকাৰ দিয়া কাৰ্যক ধিক্কাৰ দিয়ে । ‘‘আমি এনে এখন পৃথিৱীত বাস কৰি আছো যিয়ে যুদ্ধক খাদ্য দিয়ে, শিশুক নহয় ।’’ তেওঁ কয় ।

‘‘যদি আমি সংঘাতত ব্যয় কৰা কোটি কোটি টকাক ক্ষুধাৰ অন্ত পেলাবলৈ, শিক্ষা প্ৰদান কৰিবলৈ আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ ব্যৱহাৰ কৰোঁ, তেন্তে এই গ্ৰহটো বহুত ভাল ঠাইলৈ ৰূপান্তৰিত হ'লহেঁতেন । এইটো ন্যায্য নহয়, আৰু ই সঁচাকৈয়ে লজ্জাজনক ।’’ লিচিপ্ৰিয়াই লগতে কয় ।

লগতে পঢ়ক: মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ বাবে তাৎক্ষণিক ব্যৱস্থা ল’বলৈ কেন্দ্ৰক দাবী নাগালেণ্ড কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.