ETV Bharat / bharat

অভয়াকাণ্ডৰ পাছতে ১০ জনীয়া ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চ গঠন - Kolkata rape murder case

author img

By ANI

Published : Aug 20, 2024, 4:46 PM IST

Kolkata medical college rape murder case : দেশ জোকাৰি যোৱা কলকতাৰ অভয়াকাণ্ডৰ পাছতে উচ্চতম ন্যায়ালয়ে হিংসা প্ৰতিৰোধ আৰু চিকিৎসাকৰ্মীসকলৰ সুৰক্ষা সম্বন্ধীয় পৰামৰ্শ আগবঢ়াবলৈ গঠন কৰিছে ১০ জনীয়া ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চ ৷

Kolkata rape-murder: Supreme Court sets up National Task Force for doctors' safety
অভয়াকাণ্ডৰ পাছতে ১০ জনীয়া ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চ গঠন (ANI)

নেশ্যনেল ডেস্ক, ২০ আগষ্ট : অভয়াকাণ্ডৰ পাছতে মঙলবাৰে উচ্চতম ন্যায়ালয়ে হিংসা প্ৰতিৰোধ আৰু চিকিৎসাকৰ্মীসকলৰ সুৰক্ষা সম্বন্ধীয় পৰামৰ্শ আগবঢ়াবলৈ ১০ জনীয়া ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চ গঠন কৰে । টাস্ক ফ’ৰ্চত আছে চাৰ্জন ভাইচ এডমিৰেল আৰ্তি ছাৰিনকে ধৰি অন্যান্য বহুজন ।

কলকাতাৰ এগৰাকী কনিষ্ঠ প্ৰশিক্ষক চিকিৎসকক ধৰ্ষণ আৰু হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি দেশজুৰি প্ৰতিবাদৰ সূচনা হৈছিল ৷ ইয়াৰ কিছুদিন পাছতে উচ্চতম ন্যায়ালয়ে এটা ছুঅ’ মটু (Suo Motu) গোচৰ ৰুজু কৰি টাস্ক ফ’ৰ্চক তিনি সপ্তাহৰ ভিতৰত অন্তৱৰ্তীকালিন প্ৰতিবেদন আৰু দুমাহৰ ভিতৰত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।

লিংগভিত্তিক হিংসা প্ৰতিৰোধ কৰাৰ লগতে ইন্টাৰ্ণ বা প্ৰশিক্ষাৰ্থী, আৱাসী আৰু অনাবাসী চিকিৎসকৰ বাবে মৰ্যাদা কৰ্মক্ষেত্ৰ নিশ্চিত কৰাৰ বাবেও টাস্ক ফ’ৰ্চে এক কাৰ্য পৰিকল্পনা কৰি প্ৰস্তুত কৰিব বুলি আদালতে কয় । শীৰ্ষ আদালতে কেন্দ্ৰীয় তদন্ত ব্যুৰো (CBI)কো ধৰ্ষণ গোচৰৰ তদন্তৰ ওপৰত এটা ষ্টেটাছ ৰিপ'ৰ্ট দাখিল কৰিবলৈ কয় ।

যোৱা ১৫ আগষ্টত আৰ জি কৰ চিকিৎসালয়ত সংঘটিত হোৱা দলবদ্ধ ধৰ্ষণৰ ঘটনা সন্দৰ্ভত পশ্চিম বংগ চৰকাৰক ষ্টেটাছ ৰিপ'ৰ্ট দাখিল কৰিবলৈ আদালতে নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক : কলকাতাকাণ্ডৰ তদন্তৰ পৰিৱৰ্তে কেৱল ইজনে আনজনক দোষাৰোপ কৰাত ব্যস্ত: নিৰ্ভয়াৰ মাতৃ - Kolkata Doctor Rape murder

শুনানিৰ সময়ত ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে পৰ্যবেক্ষণ কৰি কয়, "কলকাতাকাণ্ডই সমগ্ৰ দেশৰ চিকিৎসকৰ সুৰক্ষাৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যাৰ বিষয়ে প্ৰশ্ন কৰিছে । কলকাতাত ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকীৰ নাম, ফটো আৰু ভিডিঅ' ক্লিপ ইতিমধ্যে সমগ্ৰ ভাৰততে ভাইৰেল হৈ পৰিছে ৷ যাৰ বাবে আমি গভীৰভাৱে চিন্তিত হৈ পৰিছো । আইনখনে ভুক্তভোগীৰ নাম প্ৰকাশ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে ।"

হত্যাকাণ্ডৰ দিনটোত কলকাতা আৰক্ষীৰ স্থিতিক লৈয়ো আদালতে প্ৰশ্ন উত্থাপন কৰে । আদালতে কয়, ‘‘পুৱাৰ ভাগতহে এই অপৰাধৰ বিষয়ে ধৰা পৰিছিল আৰু কোনো এজাহাৰো (FIR) দাখিল কৰা হোৱা নাছিল ।’’ এই কথা অস্বীকাৰ কৰি জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে কয়, ‘‘সেয়া প্ৰকৃত শুদ্ধ তথ্য নহয় ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত এয়া যে স্বাভাৱিক মৃত্যু নাছিল সেই লৈ গোচৰ ৰুজু হৈছে ।’’

লগতে পঢ়ক : কলকাতাৰ চিকিৎসক ধৰ্ষণৰ ঘটনা; উচ্চতম ন্যায়ালয়ৰ বিশেষ গুৰুত্ব আৰোপ - Kolkata rape and murder case

উচ্চতম ন্যায়ালয়ে পুনৰ কয়, ‘‘এইটো স্পষ্ট আছিল যে এয়া এক হত্যাকাণ্ড ৷ তথাপিও বহু সময়লৈকে কোনো গোচৰ ৰুজু কৰা হোৱা নাছিল ।’’ ইয়াৰ পিছত মুখ্য ন্যায়াধীশে কয়, ‘‘আমি এটা ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চ গঠন কৰিছো ৷ য’ত জ্যেষ্ঠ আৰু কনিষ্ঠ সকলো চিকিৎসকৰ সুৰক্ষা ব্যৱস্থাৰ বাবে সমগ্ৰ দেশতে মানি চলিবলগীয়া পদ্ধতিসমূহৰ ওপৰত পৰামৰ্শ দিব পাৰিব ।’’

ইফালে উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চ গঠনৰ বাবে লোৱা সিদ্ধান্তক আদৰণি জনাইছে FAIMA ডাক্তৰ সন্থাই । FAIMA ই আদালতক অনুৰোধ জনাই যে চৰকাৰী বিষয়াৰ লগতে ইন্টাৰ্ণ বা প্ৰশিক্ষাৰ্থী, আৱাসী চিকিৎসকৰ লগতে ফেকাল্টীৰ প্ৰতিনিধিসকলকো অন্তৰ্ভুক্ত কৰক ।

এতিয়া উচ্চতম ন্যায়ালয়ে ২২ আগষ্টৰ বাবে এই বিষয়টো তালিকাভুক্ত কৰিছে । উচ্চতম ন্যায়ালয়ে কয় যে পশ্চিম বংগই শান্তিপূৰ্ণ প্ৰতিবাদ ৰোধ কৰিব বুলি আশা কৰা হৈছে আৰু শান্তিপূৰ্ণ প্ৰতিবাদ দমন কৰিবলৈ ৰাষ্ট্ৰ ক্ষমতা ব্যৱহাৰ কৰিব নোৱাৰিব ।

সংবাদ সংস্থা এ এন আইৰ আগত মুখ্য ন্যায়াধীশে উল্লেখ কৰে, ‘‘বৰ্তমানৰ আইনসমূহে চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলৰ বাবে প্ৰাতিষ্ঠানিক সুৰক্ষাৰ মানদণ্ডৰ বিষয়ে উল্লেখ কৰা নাই ।’’

লগতে পঢ়ক : অভয়াকাণ্ডক লৈ ক্ৰমাৎ বৃদ্ধি ক্ষোভৰ অগনি: পশ্চিম বংগৰ ৰাজ্যপালৰ জৰুৰী বৈঠকৰ আহ্বান - Kolkata Doctor Rape murder

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.