ETV Bharat / bharat

মেডিকেল কলেজ হাস্পতাল চৌহদত উদ্ভণ্ডালি চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ 19 অভিযুক্তক - RG Kar Medical College rape case

author img

By ANI

Published : Aug 16, 2024, 11:20 AM IST

RG Kar Hospital vandalism : আৰ জি কৰ মেডিকেল কলেজ হাস্পতাল চৌহদত উদ্ভণ্ডালি চলোৱা ঘটনা সন্দৰ্ভত 19 দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত উৰাবাতৰি নিবিয়াপবলৈ অনুৰোধ কলকাতা পুলিচৰ ৷

Kolkata Police arrest 19 miscreants involved in ransacking RG Kar Medical College and Hospital
মেডিকেল কলেজ হাস্পতাল চৌহদত উদ্ভণ্ডালি (ANI)

নেশ্যনেল ডেস্ক, 16 আগষ্ট: চিকিৎসকক ধৰ্ষণ আৰু হত্যাক লৈ উত্তাল সমগ্ৰ দেশ ৷ ন্যায়ৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী চলাৰ সময়তে আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত প্ৰতিবাদী জনতাই হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ শুকুৰবাৰে কলকাতা আৰক্ষীয়ে চিকিৎসালয় চৌহদত সংঘটিত হিংসাত্মক ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত 19 দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিয়ে ।

ছ’চিয়েল মিডিয়াযোগে কলকাতা আৰক্ষীয়ে কয়, "আৰ জি কৰ হাস্পতাল চৌহদত সংঘটিত ঘটনাত এতিয়ালৈকে 19 জনক গ্ৰেপ্তাৰ কৰা হৈছে । ইয়াৰে 5 জনক ছ'চিয়েল মিডিয়াৰ জৰিয়তে চিনাক্ত কৰা হৈছে । যদি আপুনি আমাৰ পূৰ্বৰ পোষ্টৰ পৰা কোনো সন্দেহযুক্ত লোকক চিনিবলৈ সক্ষম হৈছে তেন্তে অনুগ্ৰহ কৰি আমাক জনাওক । আপোনালোকৰ সমৰ্থন আৰু বিশ্বাসৰ বাবে ধন্যবাদ ।"

বৃহস্পতিবাৰে আৰক্ষীয়ে চিকিৎসালয়খনত সঁজুলি ভাঙি পেলোৱাৰ অভিযোগত সন্দেহযুক্ত লোকৰ ছবি শ্বেয়াৰ কৰে ।

ছ'চিয়েল মিডিয়াত কলকাতা আৰক্ষীয়ে পোষ্টযোগে কয়, "ছবিসমূহত ৰঙা ৰঙেৰে বৃত্তাকাৰ কৰা ব্যক্তিসকলক চিনাক্ত কৰাত আপোনালোকৰ সহায় বিচৰা হৈছে ৷ আপোনালোকে পোনপটীয়াকৈ আমাৰ ওচৰলৈ আহি অথবা স্থানীয় আৰক্ষী থানাৰ জৰিয়তে এই সন্দৰ্ভত তথ্য জনাওক ।"

আৰক্ষীয়ে ধৰ্ষণ আৰু হত্যাকাণ্ড সংঘটিত হোৱা স্থানডোখৰ দুৰ্বৃত্তই স্পৰ্শ কৰা নাই বুলি প্ৰকাশ হোৱা উৰাবাতৰি বিয়পোৱাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিয়ে ।

বৃহস্পতিবাৰে আৰক্ষীয়ে জনোৱা মতে, 14 আগষ্টৰ নিশা কেবাজনো ব্যক্তিকে ধৰি 5-7 হাজাৰ লোকৰ দলে আৰ জি কৰ হাস্পতালত চৌহদত প্ৰৱেশ কৰি প্ৰতিবাদকাৰী চিকিৎসক আৰু চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰে আৰু চিকিৎসালয়খনৰ ক্ষতি কৰাৰ চেষ্টা চলায় ৷

আৰক্ষীয়ে জনোৱা মতে, আক্ৰমণৰ নেতৃত্ব দিয়া দুষ্কৃতিকাৰীক চিনাক্ত কৰা হৈছে আৰু অতি সোনকালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

ভাৰতীয় চিকিৎসা সন্থাই বৃহস্পতিবাৰে প্ৰকাশ কৰা আনুষ্ঠানিক বিবৃতি অনুসৰি 17 আগষ্ট শনিবাৰৰ পুৱা 6 বজাৰ পৰা 18 আগষ্ট দেওবাৰৰ পুৱা 6 বজালৈ আধুনিক চিকিৎসা বিজ্ঞানৰ চিকিৎসকসকলে দেশজুৰি সেৱা প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে ।

উল্লেখ কৰা প্ৰয়োজন যে, যোৱা 9 আগষ্টত কলিকতাৰ আৰ জি কৰ মেডিকেল কলেজত কৰ্তব্যৰত অৱস্থাতে এগৰাকী স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল ৷ যাৰ ফলত দেশজুৰি ধৰ্মঘট আৰু প্ৰতিবাদৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: চিকিৎসকক ধৰ্ষণ-হত্যা: ন্যায়ৰ দাবীত আজি ৰাজধানীৰ ৰাজপথ কপাব RDA ই - RG Kar Medical College rape case

চিকিৎসকৰ ধৰ্ষণ-হত্যা: মাজনিশা ন্যায় বিচাৰি ৰাজপথলৈ ওলাল প্ৰতিবাদী জনতা - KOLKATA DOCTOR RAPE MURDER CASE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.