নেশ্যনেল ডেস্ক, 7 মে’: নিৰ্বাচন আয়োগে প্ৰকাশ কৰা ভোটদানৰ তথ্যৰ কথিত অসংগতি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই মঙলবাৰে ইণ্ডিয়া গোটৰ বিভিন্ন দলৰ নেতালৈ পত্ৰ প্ৰেৰণ কৰে ।
খাৰ্গেই তেওঁৰ পত্ৰখনত ইণ্ডিয়া গোটৰ নেতাসকলক এনে অসংগতিৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনায় ৷ এই সন্দৰ্ভত কাৰণ দৰ্শায় খাৰ্গেই কয়, "কাৰণ আমাৰ একমাত্ৰ উদ্দেশ্য হৈছে এক সজীৱ গণতন্ত্ৰ আৰু সংবিধানৰ সংস্কৃতি ৰক্ষা কৰা । ভাৰতীয় নিৰ্বাচন আয়োগৰ স্বাধীনতা সুনিশ্চিত কৰাৰ বাবে জবাবদিহি কৰো আহক ৷"
খাৰ্গেই পুনৰ কয়, "ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্টেল ইনক্লুছিভ এলায়েন্স (INDIA) হিচাপে গণতন্ত্ৰ ৰক্ষা আৰু ইচিআইৰ স্বতন্ত্ৰতা ৰক্ষা তথা সুৰক্ষিত কৰাটো আমাৰ বাবে সামূহিক প্ৰচেষ্টা হ'ব লাগে । আমি সকলোৱে জানো যে প্ৰধানমন্ত্ৰী (নৰেন্দ্ৰ) মোদী আৰু বিজেপি প্ৰথম দুটা পৰ্যায়ত ভোটদানৰ ধাৰা আৰু তেওঁলোকে বিচৰা ধৰণে নিৰ্বাচনী প্ৰেক্ষাপট আগনবঢ়া প্ৰত্যক্ষ কৰি কেনেকৈ দৃশ্যমানভাৱে আচৰিত আৰু হতাশ হৈ পৰিছে । সমগ্ৰ বিশ্বই জানে যে স্বৈৰাচাৰী শাসন ব্যৱস্থাত ক্ষমতাৰ ৰাগীত থকাসকলে চকীখন ধৰি ৰাখিবৰ বাবে যিকোনো পৰ্যায়লৈ যাব পাৰে ।"
তেওঁ লগতে কয়, "মই আপোনালোক সকলোকে আহ্বান জনাইছো যে আমি সামূহিকভাৱে, ঐক্যবদ্ধভাৱে এনে অসংগতিৰ বিৰুদ্ধে মাত মাতিব লাগিব, কাৰণ আমাৰ একমাত্ৰ উদ্দেশ্য হৈছে এক সজীৱ গণতন্ত্ৰ আৰু সংবিধানৰ সংস্কৃতি ৰক্ষা কৰাটো ।"
X যোগে নিজৰ পত্ৰখন শ্বেয়াৰ কৰি খাৰ্গেই কয়, "ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা ভোটদানৰ তথ্যৰ অসংগতি আৰু পঞ্জীয়নভুক্ত ভোটাৰ তালিকা প্ৰকাশ নকৰাৰ সন্দৰ্ভত INDIA ৰ অন্তৰ্গত দলসমূহৰ নেতাসকললৈ মোৰ এই পত্ৰ ।"
লোকসভা নিৰ্বাচনৰ আজি অৰ্থাৎ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা মঙলবাৰে 11 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 93 টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ।