ETV Bharat / bharat

গ্ৰীষ্ম প্ৰৱাহৰ কবলত শ্ৰীনগৰ : এচি-এয়াৰ কুলাৰৰ চাহিদা বৃদ্ধি - Heatwave in Srinagar

author img

By ETV Bharat Assamese Team

Published : Jul 29, 2024, 2:15 PM IST

Heatwave in Srinagar: বিগত দুটা দিনত শ্ৰীনগৰত তাপমাত্ৰা যথেষ্ট বৃদ্ধি পাইছে । চহৰখনত এচি আৰু এয়াৰ কুলাৰৰ চাহিদা বৃদ্ধি পাইছে । ২৯ আৰু ৩০ জুলাইত কাশ্মীৰ বিভাগীয় প্ৰশাসনে চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ প্ৰাথমিক পৰ্যায়লৈ পাঠদান বন্ধ ৰখাৰ নিৰ্দেশ দিছে ।

Heatwave in Srinagar
গ্ৰীষ্ম প্ৰৱাহৰ কবলত শ্ৰীনগৰ (AP Photos)

নেশ্যনেল ডেস্ক, ২৯ জুলাই : দেশৰ বিভিন্ন প্ৰান্তত গ্ৰীষ্ম প্ৰৱাহে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । জম্মু-কাশ্মীৰৰ গ্ৰীষ্মকালীন ৰাজধানী শ্ৰীনগৰো গ্ৰীষ্ম প্ৰৱাহৰ কবলত পৰিছে । নিশাৰ ভাগত চহৰখনত তাপমাত্ৰাই অভিলেখ ৰচিলে । বিগত দুটা দিনত শ্ৰীনগৰত সৰ্বাধিক নিশাৰ তাপমাত্ৰা হৈছে ২৪.৮ ডিগ্ৰী চেলচিয়াছ । কাশ্মীৰৰ জনসাধাৰণে জলবায়ু পৰিৱৰ্তন পৰিণতি বুলি সন্দেহ কৰিছে ।

শ্ৰীনগৰত গ্ৰীষ্ম প্ৰৱাহ :

বতৰ বিজ্ঞানী ফাইজান আৰিফে এই সন্দৰ্ভত কয়, "দেওবাৰে আৰু সোমবাৰে মাজনিশা শ্ৰীনগৰৰ সৰ্বনিম্ন তাপমাত্ৰা ২৪.৮ ডিগ্ৰী চেলচিয়াছ আছিল ৷ যি স্বাভাৱিকতকৈ ৬ ডিগ্ৰী অধিক । এই তাপমাত্ৰা ২০২১ চনৰ ২৬ জুলাইৰ দ্বিতীয় সৰ্বাধিক নিম্নতম তাপমাত্ৰাৰ সৈতে সমান । ১৯৮৮ চনৰ ২১ জুলাইৰ দিনটোত সৰ্বাধিক নিম্নতম তাপমাত্ৰা আছিল ২৫.২ ডিগ্ৰী চেলচিয়াছ ।"

এচি-এয়াৰ কুলাৰৰ চাহিদা বৃদ্ধি :

জন্মু-কাশ্মীৰৰ দৰে দেশৰ শীতল অঞ্চলসমূহত বৃদ্ধি পাইছে গ্ৰীষ্মৰ পৰা পৰিত্ৰাণ পোৱা সঁজুলি । শ্ৰীনগৰৰ পুৰণি চহৰৰ এগৰাকী মুখ্য খুচুৰা ব্যৱসায়ীৰ মতে এয়াৰ কুলাৰ আৰু এচিৰ চাহিদা বৃদ্ধি পাইছে । তেওঁ ইটিভি ভাৰতক কোৱা মতে তেওঁৰ দোকানত উপলব্ধ আটাইবোৰ কুলাৰ বিক্ৰী কৰিছে । তেওঁ কয়, "দোকানত এতিয়া এটাও নাই । মই কেতিয়াও এয়াৰ কুলাৰৰ এনে চাহিদা দেখা নাই ।"

বতৰৰ আগজাননী অনুসৰি সোমবাৰে জম্মু আৰু কাশ্মীৰত তাপমাত্ৰা যথেষ্ট হ্ৰাস হোৱাৰ সম্ভাৱনা আছে । দেওবাৰে শ্ৰীনগৰত চলিত অভূতপূৰ্ব গ্ৰীষ্ম প্ৰৱাহৰ মাজত জুলাইৰ তৃতীয় সৰ্বাধিক তাপমাত্ৰা ৩৬.২ ডিগ্ৰী চেলচিয়াছ দেখা গৈছে । বতৰ বিজ্ঞান বিভাগে ইয়াক শ্ৰীনগৰত এতিয়ালৈকে ঋতুৰ আটাইতকৈ গৰম দিন বুলি নিশ্চিত কৰিছে ।

বতৰ বিজ্ঞান বিভাগৰ মতে জুলাইৰ বাবে শ্ৰীনগৰত সৰ্বকালৰ সৰ্বাধিক তাপমাত্ৰা হিচাপে ১৯৪৬ চনৰ ১০ জুলাইত আছিল ৩৮.৩ ডিগ্ৰী চেলচিয়াছ । তাৰ পিচত ১৯৯৯ চনৰ ৯ জুলাইত আছিল ৩৭ ডিগ্ৰী চেলচিয়াছ ।

গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি প্ৰাৰ্থনা :

ইফালে মধ্য কাশ্মীৰৰ বুদগাম জিলাৰ লোকসকলে কাশ্মীৰৰ পৃষ্ঠপোষক সন্ত শ্বেখ নুৰ-উদ-দিন নুৰানীৰ বিখ্যাত মন্দিৰ চৰাৰ-ই-শ্বৰিফলৈ যাত্ৰা কৰি চলিত গ্ৰীষ্ম প্ৰৱাহৰ সমাপ্তিৰ বাবে প্ৰাৰ্থনা কৰে । অঞ্চলটোৰ লোকসকলে মন্দিৰত একত্ৰিত হৈ প্ৰাৰ্থনা কৰে আৰু এনে পৰিস্থিতিৰ সকাহ কামনা কৰে ।

ইফালে গ্ৰীষ্ম প্ৰৱাহে শিক্ষা ক্ষেত্ৰতো প্ৰভাৱ পেলাইছে । অভিভাৱকসকলে তেওঁলোকৰ সন্তানক বিদ্যালয়লৈ পঠিয়াবলৈ ভয় কৰিছে । ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে কাশ্মীৰ বিভাগীয় প্ৰশাসনে ২৯ আৰু ৩০ জুলাইত চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ত প্ৰাথমিক পৰ্যায়লৈকে পাঠদান বন্ধ ৰখাৰ নিৰ্দেশ দিছে । অৱশ্যে শিক্ষক-কৰ্মচাৰীসকলে তেওঁলোকৰ দায়িত্বৰ বাবে বিদ্যালয়ত উপস্থিত থাকিব লাগিব ।

লগতে পঢ়ক :অ'ৰেল ৰিহাইড্ৰেচন ছলিউশ্যন: ডায়েৰিয়া, ডিহাইড্ৰেচন আৰু বমিৰ বিৰুদ্ধে যুঁজিবলৈ এক বিশেষ পানীয় - World ORS Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.