নিউজ ডেস্ক, ২৪ এপ্ৰিল: শুকুৰবাৰে অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন ২০২৪ৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । এই পৰ্যায়ত সৰ্বাধিক ভোটদান নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা হাতত লোৱা হৈছে । কৰ্ণাটকৰ ১৪খন লোকসভাৰ আসনতো ভোটগ্ৰহণ কৰা হ’ব । কৰ্ণাটক উচ্চ ন্যায়ালয়ে বেংগালুৰু হোটেল এছ’চিয়েচনে গ্ৰাহকক বিনামূলীয়াকৈ খাদ্য যোগান ধৰাৰ সিদ্ধান্তত সন্মতি প্ৰকাশ কৰিছে যাতে ৰাজ্যখনত ভোটদানৰ শতকৰা হাৰ সৰ্বাধিক হয় ।
ন্যায়াধীশ এম নাগাপ্ৰসন্নৰ নেতৃত্বত একক ন্যায়াধীশ বিচাৰপীঠে বিবিএমপিৰ আপত্তিক প্ৰত্যাহ্বান জনাই বেংগালুৰু হোটেল এছ’চিয়েচন আৰু নিছৰ্গা গ্ৰেণ্ড হোটেলে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে । শুনানিৰ সময়ত আবেদনকাৰী আৰু আবেদনকাৰী সংস্থাৰ অধিবক্তাই কয় যে এই সিদ্ধান্ত কোনো ৰাজনৈতিক কু-অভিপ্ৰায়ৰ পৰা লোৱা হোৱা নাই । তেওঁ কয় যে আমি ভোটাৰক উৎসাহিত কৰাৰ বাবে আৰু ভোটদানৰ শতকৰা হাৰ বৃদ্ধিৰ বাবে এই কাম কৰিছো । আবেদনকাৰীয়ে কয় যে ইয়াৰ পূৰ্বেও আমি ভোটাৰক উৎসাহিত কৰিবলৈ বিনামূলীয়া খাদ্য বিতৰণ কৰিছিলোঁ । সেয়েহে তেওঁ অনুৰোধ কৰিলে যে আমাৰ সিদ্ধান্তৰ অনুমতি দিব লাগে ।
শুনানি পাচত বিচাৰপীঠেও আবেদনকাৰীৰ ভাল আচৰণৰ শলাগ লয় । যোৱা বছৰ অনুষ্ঠিত নিৰ্বাচনৰ সময়ত একেধৰণৰ অনুমতি দিয়াৰ সময়ত আদালতে আৰোপ কৰা সকলো চৰ্ত মানি ভোটাৰক পৰিপূৰক খাদ্য যোগান ধৰাৰ অনুমতি দিছিল । দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ১৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৯খন লোকসভা আসনত ভোটদান অনুষ্ঠিত হ’ব । এই পৰ্যায়ত প্ৰায় ১২০৬ জন প্ৰাৰ্থী অৱৰ্তীণ হৈছে ।
লগতে পঢ়ক: ১০২ খন আসনৰ ভিতৰত ইণ্ডিয়া ব্লকে ৭০ শতাংশ আসন লাভ কৰিব: নাছিৰ হুছেইনে - Lok Sabha Election 2024