ETV Bharat / bharat

কাৰ্গিল বিজয় দিৱস : প্ৰধানমন্ত্ৰীৰ লাডাখ ভ্ৰমণৰ পূৰ্বে কাশ্মীৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা - Kargil Vijay Diwas

author img

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 3:02 PM IST

Kargil Vijay Diwas : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে পুৱা প্ৰায় ৯.২০ বজাত কাৰ্গিল যুদ্ধ স্মাৰক পৰিদৰ্শন কৰিব আৰু কৰ্তব্যৰত অৱস্থাত সৰ্বোচ্চ ত্যাগ কৰা সাহসী বীৰসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব । তেওঁ ড্ৰাছলৈ উৰামৰাৰ পূৰ্বে শ্ৰীনগৰত অৱতৰণ কৰিব ।

Kargil Vijay Diwas
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফাইল ফটো (ETV Bharat)

নিউজ ডেস্ক, ২৫ জুলাই : কাৰ্গিল যুদ্ধৰ সময়ত দেশৰ বাবে প্ৰাণ আহুতি দিয়া সেনা জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্গিল ভ্ৰমণ কৰিব । এই ভ্ৰমণসূচীৰ পূৰ্বে কাশ্মীৰ উপত্যকাত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে । প্ৰধানমন্ত্ৰীয়ে ড্ৰাছলৈ উৰামৰাৰ পূৰ্বে প্ৰথমে শ্ৰীনগৰত অৱতৰণ কৰিব ।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বিবৃতি অনুসৰি, প্ৰধানমন্ত্ৰী মোদীয়ে ২৬ জুলাই, শুকুৰবাৰে পুৱা প্ৰায় ৯.২০ বজাত কাৰ্গিল যুদ্ধ স্মাৰক পৰিদৰ্শন কৰিব আৰু কৰ্তব্যৰত অৱস্থাত সৰ্বোচ্চ ত্যাগ কৰা সাহসী বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ।

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, প্ৰধানমন্ত্ৰীয়ে শুকুৰবাৰে পুৱা বিমানেৰে শ্ৰীনগৰত উপস্থিত হ'ব আৰু তাৰ পিচত হেলিকপ্টাৰেৰে কাৰ্গিল জিলাৰ ড্ৰাছলৈ ৰাওনা হ'ব । তেওঁ ১৯৯৯ চনৰ মে'-জুনত পাকিস্তানৰ সৈতে সংঘটিত কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা সেনা জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনাব ।

"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ড্ৰাছ ভ্ৰমণৰ প্ৰস্তুতিৰ বাবে সমগ্ৰ কাশ্মীৰৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে । সতৰ্কতামূলক ব্যৱস্থা হিচাপে শ্ৰীনগৰত নিৰাপত্তাৰক্ষীয়ে দুচকীয়া বাহনৰ তালাচী আৰু পৰীক্ষা আৰম্ভ কৰিছে ।" চৰকাৰী সূত্ৰত প্ৰকাশ । লগতে কয় যে সুৰক্ষা কৰ্মীসকলক সতৰ্ক হৈ থাকিবলৈ আৰু নিৰীক্ষণ বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

উল্লেখ্য যে নিজৰ ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে শ্বিনকুন লা-টানেল প্ৰকল্পৰ প্ৰথমটো বিস্ফোৰণো ভাৰ্চুৱেলী সংঘটিত কৰিব । প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বিবৃতিত কোৱা হৈছে যে শ্বিনকুন লা-টানেল প্ৰকল্পত ৪.১ কিলোমিটাৰ দীঘল টুইন-টিউব সুৰংগ আছে । ইয়াক লেহলৈ সকলো বতৰতে সংযোগ প্ৰদান কৰাৰ বাবে নিমু-পাদুম-ডৰ্চা ৰোডত প্ৰায় ১৫,৮০০ ফুট উচ্চতাত নিৰ্মাণ কৰা হ'ব ।

"প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পিচত ই বিশ্বৰ সৰ্বোচ্চ সুৰংগ হ'ব । শ্বিনকুন লা-টানেলে কেৱল আমাৰ সশস্ত্ৰ বাহিনী আৰু সঁজুলিৰ দ্ৰুত আৰু দক্ষ চলাচল নিশ্চিত কৰায়ে নহয়, লাডাখত অৰ্থনৈতিক আৰু সামাজিক বিকাশো বৃদ্ধি কৰিব ।" প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয় ।

কাৰ্গিল বিজয় দিৱস

১৯৯৯ চনত পাকিস্তানৰ সৈতে সংঘটিত যুদ্ধত নিহত ৫ শতাধিক ভাৰতীয় সেনাৰ বীৰত্বক স্মৰণ কৰিবলৈ সেনাবাহিনীয়ে প্ৰতিবছৰে ২৬ জুলাইত কাৰ্গিল বিজয় দিৱস পালন কৰে । উক্ত বছৰৰ মে' আৰু জুন মাহত ড্ৰাছ চহৰত যুদ্ধ আৰম্ভ হৈছিল কাৰ্গিল যুদ্ধ । সেনাই ড্ৰাছৰ সীমান্ত অঞ্চল দখল কৰা পাকিস্তানী অনুপ্ৰৱেশকাৰীৰ সৈতে পৰাক্ৰমেৰে যুঁজ দি অঞ্চলটো পুনৰ নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল ।

বিজয় দিৱস অনুষ্ঠানত সেনা আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । এই অনুষ্ঠান ২৪ জুনৰ পৰা আৰম্ভ হৈছে আৰু ২৬ জুনত প্ৰধানমন্ত্ৰী বা প্ৰতিৰক্ষা মন্ত্ৰীৰ ভ্ৰমণেৰে সমাপ্ত হ'ব ।

ইফালে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে ড্ৰাছৰ কাৰ্গিল যুদ্ধ স্মাৰক সুসজ্জিত কৰা হৈছে । লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰ অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ (ডঃ) বি ডি মিশ্ৰই এই ভ্ৰমণৰ প্ৰস্তুতি ব্যৱস্থাৰ বুজ লয় । চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, লেফটেনেণ্ট গভৰ্ণৰে বিভিন্ন স্মাৰক স্থান পৰিদৰ্শন কৰে আৰু সকলো প্ৰস্তুতি যাতে ঠিকে চলে সেয়া নিশ্চিত কৰিবলৈ স্মাৰকত গ্ৰহণ কৰা ব্যৱস্থাসমূহৰো পৰ্যালোচনা কৰে ।

৮ মাউণ্টেইন ডিভিজনৰ জি অ' চি, মেজৰ জেনেৰেল শচীন মালিকে তেওঁক প্ৰস্তুতি আৰু গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে অৱগত কৰে । আনহাতে, ১৪ ক'ৰ্পছৰ জি অ' চি লেফটেনেণ্ট জেনেৰেল হিতেশ ভল্লা, ৮ মাউণ্টেইন ডিভিজনৰ মেজৰ জেনেৰেল শচীন মালিক, লাডাখৰ এ ডি জি পি মেজৰ জেনেৰেল শচীন মালিক, কাৰ্গিলৰ উপায়ুক্ত ডঃ এছ ডি সিং জামৱাল, শ্ৰীকান্ত চুছে এই ভ্ৰমণকালত লেফটেনেণ্ট গভৰ্ণৰৰ সৈতে উপস্থিত থাকে ।

লগতে পঢ়ক :প্ৰায় ৬ লাখ ছিমকাৰ্ড বন্ধ কৰিলে চৰকাৰে: কিয় এই পদক্ষেপ ? - MHA on Cyber Crime
লগতে পঢ়ক :ভাৰত-ব্ৰিটেইন প্ৰযুক্তি সুৰক্ষা উদ্যোগ; দশকটোৰ প্ৰযুক্তি সংজ্ঞাৰ এক নতুন দৃষ্টিভংগী - UK India Technology Initiative

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.