ETV Bharat / bharat

৮ মে'লৈ বৃদ্ধি ছিছোদিয়াৰ ন্যায়িক জিম্মা - Delhi excise policy scam - DELHI EXCISE POLICY SCAM

Delhi excise policy scam: সুৰা নীতি কেলেংকাৰী গোচৰত কাৰাগাৰত আছে দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়া । শুকুৰবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতে ছিছোদিয়াৰ ন্যায়িক জিম্মা ৮ মে'লৈ বৃদ্ধি কৰে ।

Delhi excise policy scam
৮ মে'লৈ বৃদ্ধি চিছোদিয়াৰ ন্যায়িক জিম্মা
author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 5:25 PM IST

নেশ্যনেল ডেস্ক,২৬ এপ্ৰিল : দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰত আদালতে প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াৰ ন্যায়িক জিম্মা পুনৰ বৃদ্ধি কৰিলে । দিল্লীৰ ৰাউজ এভিনিউ আদালতে শুকুৰবাৰে মনীষ ছিছোদিয়াৰ ন্যায়িক জিম্মা ৮ মে'লৈ বৃদ্ধি কৰে । বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাই এই নিৰ্দেশ জাৰি কৰে । মনীষ চিছোদিয়াৰ ন্যায়িক জিম্মা শুকুৰবাৰে শেষ হয় । তেওঁ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আদালতৰ কাৰ্যকলাপত অংশগ্ৰহণ কৰে । মনীষ ছিছোদিয়াই এই গোচৰটোত দ্বিতীয়বাৰ জামিনৰ আবেদন দাখিল কৰিছে । এই আবেদনৰ ওপৰত আদালতে ৩০ এপ্ৰিলত ৰায় প্ৰদান কৰিব । ছিছোদিয়াই বিচাৰত পলম হোৱাৰ ভিত্তিত জামিন বিচাৰিছে ।

ইডিয়ে মনীষ ছিছোদিয়াৰ জামিন আবেদনৰ বিৰোধিতা কৰি কৈছে যে ছিছোদিয়াৰ জামিন আবেদনত, বিচাৰৰ বিলম্বক অভিযুক্তৰ দ্বাৰা বিলম্ব কৰাৰ সময়ত আধাৰিত কৰা হৈছে । শুনানিৰ সময়ত মনীষ ছিছোদিয়াৰ হৈ অধিবক্তাই দাবী কৰিছে যে বিচাৰ প্ৰক্ৰিয়া শামুকৰ গতিত চলি আছে ।

উল্লেখ্য যে দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰত উচ্চতম ন্যায়ালয়ে আম আদমি পাৰ্টীৰ সাংসদ সঞ্জয় সিঙক জামিন প্ৰদান কৰিছে । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল এই গোচৰত ন্যায়িক জিম্মাত আছে । দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা নোপোৱাৰ পিচত ২১ মাৰ্চত ইডিয়ে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল ।

ইডিয়ে এই গোচৰটোত ২০২৩ চনৰ ৯ মাৰ্চত সোধা-পোছা কৰাৰ পিচত মনীষ ছিছোদিয়াক তিহাৰ কাৰাগাৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল । চিছোদিয়াক পূৰ্বে ২০২৩ চনৰ ২৬ ফেব্ৰুৱাৰীত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল । তেলেংগানাৰ বিআৰএছ নেত্ৰী কে কবিতাও একেটা গোচৰতে কাৰাগাৰাত বন্দী হৈ আছে ।

লগতে পঢ়ক :কেজৰিৱালৰ ডায়েবেটিছ চিকিৎসা বিতৰ্ক : দিল্লীৰ মন্ত্ৰীৰ দাবীক প্ৰত্যাখান তিহাৰ জেল কৰ্তৃপক্ষৰ - KEJRIWALS DIABETES TREATMENT ROW

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.