ETV Bharat / bharat

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক জামিন প্ৰদান - Hemant Soren Got Bail

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 12:44 PM IST

Ranchi Land Scam Case : ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনলৈ সকাহ । মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হেমন্ত চোৰেনৰ । ভূমি কেলেংকাৰীৰ গোচৰত আদালতৰ জামিন প্ৰদান ।

Hemant Soren Got Bail
হেমন্ত চোৰেনক জামিন প্ৰদান (ETV Bharat)

নেশ্যনেল ডেস্ক, ২৮ জুন : ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনলৈ ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ সকাহ । ন্যায়াধীশ ৰংগন মুখাৰ্জীৰ আদালতে তেওঁলোক নিয়মীয়া জামিন প্ৰদান কৰে । উচ্চ ন্যায়ালয়ে হেমন্ত চোৰেনৰ অধিবক্তা আৰু প্ৰৱৰ্তন সঞ্চালকালয়ৰ এ এছ জি এছ ভি ৰাজুৰ যুক্তি সম্পূৰ্ণ হোৱাৰ পিচত ১৩ জুনত ৰায়টো সংৰক্ষিত ৰাখিছিল ।

উল্লেখ্য, ৰাঁচীৰ বেডগেইন অঞ্চলত ৮.৮৬ একৰ ভূমিৰ অপব্যৱহাৰৰ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক ৩১ জানুৱাৰীত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল । তেতিয়াৰে পৰা তেওঁ ৰাঁচীৰ বিৰছা মুণ্ডা কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে ।

শেহতীয়া জামিন আবেদনৰ শুনানিৰ সময়ত তেওঁৰ অধিবক্তা কপিল চিব্বলে নিজৰ যুক্তিত কৈছিল যে, এই গোচৰটো অসামৰিক প্ৰকৃতিৰ । মাটিখিনি 'ভূঁইহৰী' বুলি বৰ্ণনা কৰি কোৱা হৈছিল যে ইয়াক স্থানান্তৰ কৰিব নোৱাৰি । এইক্ষেত্ৰত কোনো ধন সৰবৰাহ হোৱা নাই ।

লগতে পঢ়ক : ১৪ দিন ধৰি চীনত আবদ্ধ ভাৰতীয় মাৰ্চেণ্ট নেভী বিষয়াৰ মৃতদেহ - INDIAN MERCHANT NAVY OFFICER DEATH

আনহাতে, ইডিয়ে কৈছিল যে তেওঁ বিষয়াসকলৰ সহায় লৈ সেই ভূমি দখল কৰিছিল, কিন্তু এই বিষয়ে হেমন্ত চোৰেনে অজ্ঞতা প্ৰকাশ কৰিছে । প্ৰকৃততে উক্ত ভূমি তেওঁৰে । তেওঁৰ প্ৰাক্তন ৰাজনৈতিক উপদেষ্টাজনেও এই কথা স্বীকাৰ কৰিছে ।

ইডিয়ে লগতে দাবী কৰে যে ভূমি কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৰাজহ কৰ্মচাৰী ভানু প্ৰতাপেও এই কথা স্বীকাৰ কৰিছে । কেৱল সেয়াই নহয়, সংশ্লিষ্ট ভূমিত এটা বেংকুৱেট হল নিৰ্মাণ কৰাৰো পৰিকল্পনা আছিল । স্থপতিবিদ বিনোদ সিঙে এই সন্দৰ্ভত এখন মানচিত্ৰও হেমন্ত চোৰেনৰ ম’বাইললৈ প্ৰেৰণ কৰিছিল । ইডিৰ অধিবক্তাজনে তেওঁৰ যুক্তিত কৈছিল যে যদি হেমন্ত চোৰেনে জামিন পায়, তেন্তে তেওঁ চৰকাৰী যন্ত্ৰৰ অপব্যৱহাৰ কৰি তদন্তত বাধা দিব পাৰে ।

লগতে পঢ়ক :মই সদায় জীয়াই নাথাকো, জাতিটো জীয়াই থাকিব লাগিব : মুখ্যমন্ত্ৰী - Assam CM on marksheet scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.