ETV Bharat / bharat

জম্মুৰ বট্টল ছেক্টৰত অনুপ্ৰৱেশকাৰী সন্ত্ৰাসবাদীক বাধা সেনাৰ: অভিযানত গুলীবিদ্ধ জোৱান - Terror attack in JK

author img

By ANI

Published : Jul 23, 2024, 8:50 AM IST

Fire in Jammu and Kashmir : জম্মুৰ বট্টল ছেক্টৰত গুলীচালনা ৷ অনুপ্ৰৱেশকাৰীয়ে সন্ত্ৰাসবাদীক বাধা দিয়াৰ চেষ্টা কৰোতে গুলীবিদ্ধ হয় এজন সেনা জোৱান ৷ ঘটনাৰ পাচৰে পৰা বট্টল ছেক্টত অব্যাহত আছে সেনাৰ অভিযান ৷

Fire in Jammu and Kashmir
জম্মুৰ বেটল ছেক্টৰত গুলীচালনা (ANI)

নিউজ ডেস্ক, ২৩ জুলাই : জম্মুৰ বট্টল ছেক্টৰত (Battal sector) অনুপ্ৰৱেশকাৰী সন্ত্ৰাসবাদীয়ে ভাৰতৰ ভূমিত প্ৰৱেশৰ চেষ্টা কৰে ৷ এই কথা গম পাই অনুপ্ৰৱেশকাৰীক বাধা দিয়ে সেনা জোৱানে ৷ যাৰ ফলত অনুপ্ৰৱেশকাৰী আৰু সেনা জোৱানৰ মাজত গুলীচালনা হয় ৷

এই গুলীচালনাত এজন জোৱান আহত হৈছে ৷ সংবাদ সংস্থা ANI ৰ আগত এই কথা উল্লেখ কৰিছে হোৱাইট নাইট কৰ্পছে । সোমবাৰ মাজ নিশা সংঘটিত হয় এই গুলীচালনা ৷ বট্টল ছেক্টৰত বৰ্তমানেও অব্যাহত আছে সেনাৰ অভিযান । এই অভিযানৰ বিষয়ে হোৱাইট নাইট কৰ্পছে X-তো এটা পোষ্ট কৰে ।

হোৱাইট নাইট কৰ্পছে ANI ৰ আগত উল্লেখ কৰে যে ইয়াৰ পূৰ্বে সোমবাৰে পুৱতি নিশাও জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ গুণ্ডা গাঁৱত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত এক সংঘৰ্ষ হয় ৷ ফলত এটা সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে এজন সেনা জোৱান আৰু এগৰাকী সাধাৰণ নাগৰিকো আহত হয় ৷

ইফালে কিছুদিন পূৰ্বে জম্মু অঞ্চলৰ কঠুৱাত সেনাৰ কনভয়ত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে ৷ বিশেষকৈ ডোডা আৰু উধামপুৰত হোৱা এনকাউণ্টাৰকে ধৰি ক্ৰমাৎ সন্ত্ৰাসবাদী আক্ৰমণৰ হাৰ বৃদ্ধি পাইছে ৷ যোৱা বৃহস্পতিবাৰৰ দিনাও জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ সুন্দৰবাণী অঞ্চলৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত নিৰাপত্তাজনিত কাৰণত ভাৰতীয় সেনা সৈন্যই গুলীচালনা কৰে ।

এক সুকীয়া ঘটনাত জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ কাষ্টিগড় অঞ্চলত বৃহস্পতিবাৰে সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত ভাৰতীয় সেনাৰ দুজন জোৱান আহত হয় । বিগত ১৫ জুলাইত নিৰ্দিষ্ট চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত ডোডাৰ উত্তৰ অঞ্চলত ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ অভিযান চলি আছিল ।

হোৱাইট নাইট কৰ্পছৰ মতে, নিশা প্ৰায় ৯ বজাত সন্ত্ৰাসবাদীৰ সৈতে যোগাযোগ স্থাপন কৰা হয় আৰু সেই সময়তে তীব্ৰ গুলীবৰ্ষণো হয় । ফলত এজন বিষয়াসহ চাৰিজন জোৱান নিহত হয় । নিহত হোৱা জোৱান কেইজন হৈছে কেপ্তেইন ব্ৰিজেশ থাপা, নাইক ডি ৰাজেশ, চিপাহী বিজেন্দ্ৰ, চিপাহী অজয় ।

১৬ জুলাইৰ দিনা উত্তৰ সেনা অধিনায়ক লেফটেনেণ্ট জেনেৰেল এম ভি সুচিন্দ্ৰ কুমাৰে দেশৰ বাবে প্ৰাণ আহুতি দিয়া সাহসী কেপ্তেইন ব্ৰিজেশ থাপা, নাইক ডি ৰাজেশ, চিপাহী বিজেন্দ্ৰ আৰু চিপাহী অজয় ​​কুমাৰ সিঙক শ্ৰদ্ধাঞ্জলি জনাই মাল্যাৰ্পণ কৰে ৷

লগতে পঢ়ক : ৰাজৌৰীৰ সেনা ছাউনীত সন্ত্ৰাসবাদীৰ আক্ৰমণ প্ৰতিহত সেনাৰ: নিহত এটা সন্ত্ৰাসবাদী, আহত এজন জোৱান - Terror attack Army picket

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.