ETV Bharat / bharat

ৰাজৌৰীৰ সেনা ছাউনীত সন্ত্ৰাসবাদীৰ আক্ৰমণ প্ৰতিহত সেনাৰ: নিহত এটা সন্ত্ৰাসবাদী, আহত এজন জোৱান - Terror attack Army picket

author img

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 10:59 AM IST

Major terror attack in Rajouri: শেহতীয়াকৈ জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজৰ সংঘৰ্ষই একপ্ৰকাৰ গুৰুতৰ ৰূপ লৈছে ৷ সন্ত্ৰাসবাদীৰ সৈতে মোকাবিলা কৰিবলৈ বৃহৎ পৰিসৰত ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে । দেশৰ সেনাপ্ৰধানগৰাকীয়েও নিৰাপত্তা সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছে ।

Major terror attack in Rajouri
জম্মু-কাশ্মীৰ (ANI)

নেশ্যনেল ডেস্ক, ২২ জুলাই : সোমবাৰে পুৱতি নিশা জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ খৱাছৰ বুধল অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত হয় এক সংঘৰ্ষ । এই সংঘৰ্ষত এটা সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে এজন সেনা জোৱান আৰু এগৰাকী সাধাৰণ নাগৰিক আহত হয় । ততাতৈয়াকৈ জোৱানজনৰ লগতে আনগৰাকী লোককো চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । উক্ত অঞ্চলটোত এতিয়াও চলি আছে অভিযান ।

আৰক্ষী বিষয়াসকলে জনোৱা মতে, সোমবাৰে পুৱা প্ৰায় ৩.৩০ বজাত গুণ্ডা গাঁৱত এজন ভিডিচি সদস্যৰ ঘৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে । সেনাই এই গুলীচালনাৰ উপযুক্ত প্ৰত্যুত্তৰ দিয়ে ৷ তাৰ পাচতে বহু সময় ধৰি দুয়োপক্ষৰ মাজত গুলীয়াগুলী চলি থাকে । এই গুলীচালনাৰ সময়তে সেনাবাহিনীৰ এজন জোৱান আহত হোৱাত ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ লগতে সেনাৰ গুলীত এটা সন্ত্ৰাসবাদী নিহত হয় ৷

লগতে পঢ়ক : সন্ত্ৰাসবাদী আক্ৰমণৰ মোকাবিলা : জম্মু অঞ্চলত নতুন ৰূপত ভাৰতীয় সেনা - Indian Army

সেনাৰ জনসম্পৰ্কৰক্ষী বিষয়া সুনীল বৰটোৱালে কয় যে সন্ত্ৰাসবাদীয়ে পুৱা ০৩.১০ বজাত ৰাজৌৰীৰ গুণ্ডাস্থিত এজন ভিডিচিৰ ঘৰত গুলীচালনা কৰে । তাৰ পিছত সেনাবাহিনীৰ এটা দলে প্ৰত্যুত্তৰ দিয়ে আৰু গুলীচালনা আৰম্ভ হয় ।

ইফালে, কালাকোটে অঞ্চলত এটা সন্ত্ৰাসবাদীক হত্যা কৰাত সহায় কৰাৰ বাবে শেহতীয়াকৈ ৰাষ্ট্ৰপতিয়ে গাঁৱৰ প্ৰতিৰক্ষাকৰ্মী কুমাৰক শৌৰ্য্য চক্ৰৰে সন্মানিত কৰা বুলি সূত্ৰই প্ৰকাশ কৰিছে । সূত্ৰসমূহে জনোৱা মতে, আহত জোৱানজন শেহতীয়াকৈ কুমাৰৰ ঘৰৰ ওচৰত স্থাপন কৰা নিৰাপত্তাৰক্ষীৰ তালাচী দলৰ সদস্য আছিল ।

উল্লেখ্য যে, শনিবাৰে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিছিল সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে । এই সময়ছোৱাত তেওঁ নিয়ন্ত্ৰণ ৰেখাৰ (LoC) কাষৰীয়া আৰু ইয়াৰ আশে-পাশে থকা স্পৰ্শকাতৰ অঞ্চলসমূহৰ নিৰাপত্তা পৰিস্থিতিৰ বুজ লয় । পিছত তেওঁ নিৰাপত্তা সংস্থাৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় । এই বৈঠকসমূহৰ অন্তত তেওঁ উপ-ৰাজ্যপাল মনোজ সিনহাৰ সৈতেও নিৰাপত্তাৰ সন্দৰ্ভত বৈঠকত মিলিত হয় ।

উল্লেখ্য যে, কেন্দ্ৰীয় শাসিত অঞ্চলত সন্ত্ৰাসবাদৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত সেনাবাহিনীৰ সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে সেনা মুৰব্বীগৰাকীয়ে । এই অভিযানত সেনাই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি তেওঁ আশ্বাস দিছে ।

বিএছএফ, চিআৰপিএফ, জম্মু-কাশ্মীৰ আৰক্ষীৰ সঞ্চালক প্ৰধান, চোৰাংচোৱা সংস্থাৰ মুৰব্বী আৰু অন্যান্য জ্যেষ্ঠ নিৰাপত্তা বিষয়াই নিৰাপত্তা পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে । যিহেতু লেফটেনেণ্ট গৱৰ্ণৰ সিনহাই সকলো নিৰাপত্তা সংস্থাক জম্মু সংমণ্ডলত সমন্বিতভাৱে সন্ত্ৰাসবাদ বিৰোধী অভিযান সক্ৰিয়ভাৱে চলাবলৈ কয় ।

জানিব পৰা মতে, সেনা প্ৰধানৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকত প্ৰতিৰক্ষা আৰু গৃহ মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকলেও অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : মাওবাদী আৰু সেনা জোৱানৰ মাজত মুখামুখি সংঘৰ্ষ : এগৰাকী মাওবাদী বিদ্ৰোহীৰ মৃত্যু - Operation against Naxal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.