নেশ্যনেল ডেস্ক, ১০ ছেপ্টেম্বৰ : জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মনোনয়ন প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ হৈছে । মনোনয়ন প্ৰত্যাহাৰৰ অন্তত দেখা গৈছে যে এইটো পৰ্যায়ত ২৩৯ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ'ব । মুঠতে, ৩০৯ গৰাকী প্ৰাৰ্থীয়ে ৫ ছেপ্টেম্বৰৰ ভিতৰত মনোনয়ন দাখিল কৰিছিল ।
৬ ছেপ্টেম্বৰত পৰীক্ষা অন্তত ২৬৬ খন মনোনয়ন বৈধ বুলি গণ্য কৰা হৈছিল । ২৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰাৰ পিচত ২৩৯ গৰাকী প্ৰাৰ্থীয়ে এতিয়া দ্বিতীয় পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰিব । অহা ২৫ ছেপ্টেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ।
- মুখ্য প্ৰাৰ্থীসকল :
তাৰ ভিতৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নেচনেল কনফাৰেন্সৰ ওমৰ আব্দুল্লা, আপনি পাৰ্টিৰ আলতাফ বুখাৰী আৰু বিজেপিৰ ৰবীন্দ্ৰ ৰাইনাকে ধৰি কেইবাগৰাকী প্ৰভাৱশালী নেতা আছে । সোমবাৰে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন আছিল । য'ত ২৭ গৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন প্ৰত্যাহাৰ কৰে ।
ওমৰ আব্দুল্লাই মধ্য কাশ্মীৰৰ বুদগাম আৰু গান্দেৰবাল সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । আনহাতে বুখাৰীয়ে শ্ৰীনগৰৰ চান্নাপোৰা সমষ্টি আৰু ৰাইনাই নওচেৰাত বিজেপিক প্ৰতিনিধিত্ব কৰিব । নেচনেল কনফাৰেন্সৰ আলী মহম্মদ সাগৰ আৰু জম্মু-কাশ্মীৰ পিপলছ ডেমক্ৰেটিক ফ্ৰণ্টৰ (চেকুলাৰ) হাকিম মহম্মদ য়াছিনো মুখ্য প্ৰতিদ্বন্দ্বী হ'ব ।
শ্ৰীনগৰত নেশ্যনেল কনফাৰেন্সৰ সাধাৰণ সম্পাদক আলী মহম্মদ সাগৰে খানিয়াৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব । একেদৰে নেশ্যনেল কনফাৰেন্সৰ মুবাৰীক গুল, পিডিপিৰ খুৰশ্বীদ আলম আৰু আপনি পাৰ্টীৰ আশ্ৰাফ ভাটে ঈদগাহ আসনৰ বাবে যুঁজ দিব । আন এক আকৰ্ষণীয় প্ৰতিযোগিতা লাল চক সমষ্টিত অনুষ্ঠিত হ'ব । য'ত পিপলছ ডেম'ক্ৰেটিক পাৰ্টীৰ (পিডিপি) জুহাইব মীৰে তেওঁৰ খুৰাক আপনি পাৰ্টীৰ আশ্ৰাফ মীৰৰ মুখামুখি হ'ব ।
ইফালে, নেশ্যনেল কনফাৰেন্সৰ আহচান পৰদেশীয়েও লাল চকৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । হাকিম মহম্মদ য়াছিনে খান চাহিব আৰু চাৰাৰ-ই-শ্বৰীফ দুয়োটা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।
- বুদগামত সৰ্বাধিক মনোনয়ন প্ৰত্যাহাৰ :
জম্মু-কাশ্মীৰৰ মুখ্য নিৰ্বাচনী বিষয়াৰ মতে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ২৬ টা সমষ্টিত মুঠ ২৬৬ খন বৈধ মনোনয়ন দাখিল কৰা হৈছিল । কিন্তু ২৭ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ পিচত ২৩৯ গৰাকী প্ৰতিদ্বন্দ্বী আছে । বুদগাম জিলাত সৰ্বাধিক সংখ্যক মনোনয়ন প্ৰত্যাহাৰ কৰা হৈছে । সমষ্টিটোত ৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিছে ।
তাৰ পিচতে শ্ৰীনগৰত ৬ গৰাকী, ৰাজৌৰী আৰু পুঞ্চত ৫ গৰাকীকৈ আৰু ৰিয়াচীত ২ গৰাকী । গেণ্ডাৰবালত কোনো প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰা নাই । নেচনেল কনফাৰেন্সৰ ওমৰ আব্দুল্লাই মধ্য কাশ্মীৰৰ দুটা সমষ্টি ক্ৰমে বুদগাম আৰু গান্দেৰবালৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।
- ৰিয়াচি জিলা
ৰিয়াচি জিলাত, ৬ গৰাকী প্ৰাৰ্থীয়ে গুলাবগড় (এছটি) আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে । আনহাতে ৭ গৰাকী প্ৰাৰ্থীয়ে ৰিয়াচি আৰু শ্ৰী মাতা বৈষ্ণো দেৱী দুয়োটা সমষ্টিৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । ৰাজৌৰী জিলাত ১১ গৰাকী প্ৰাৰ্থীয়ে কালাকোট-সুন্দৰবানী আসনৰ বাবে, ৫ গৰাকীয়ে নওচেৰাৰ বাবে, ৮ গৰাকী ৰাজৌৰীৰ (এছটি) বাবে, ৪ গৰাকী বুধলৰ (এছটি) বাবে আৰু ৬ গৰাকীয়ে থান্নামান্দিৰ (এছটি) বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।
- পুঞ্চ জিলা
পুঞ্চ জিলাৰ চুৰানকোট (এছটি) আসনত ৮ গৰাকী, পুঞ্চ হাভেলিত ৮ গৰাকী আৰু মেন্ধাৰ (এছটি)ত ৯ গৰাকী প্ৰাৰ্থী মুখামুখি হ'ব ।
- গান্দেৰবাল জিলা
গান্দেৰবাল জিলাত কাংগান (এছটি)ত ৬ গৰাকী আৰু গান্দেৰবালত ১৫ গৰাকী প্ৰাৰ্থী যুঁজ দিব ।
- শ্ৰীনগৰ জিলা
আগন্তুক নিৰ্বাচনত শ্ৰীনগৰত মুঠ ৯৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব । তেওঁলোকৰ ভিতৰত ১৩ গৰাকী হজৰতবল সমষ্টিত, ১৩ গৰাকী খানিয়াৰত, হাব্বাকাদলত ১৬ গৰাকী, লাল চকত ১০ গৰাকী, চান্নাপোৰাত ৮ গৰাকী, জাদিবালত ১০ গৰাকী, ঈদগাহত ১৩ গৰাকী আৰু কেন্দ্ৰীয় শালটেঙত ১৩ গৰাকী প্ৰাৰ্থীৰ মাজত হ'ব নিৰ্বাচনী যুঁজ ।
- বুদগাম জিলা
বুদগাম জিলাত ৪৬ গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যৎ নিৰ্ণয় হ'ব । ৮ গৰাকী প্ৰাৰ্থী বুদগাম আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । একদৰে ১২ গৰাকী বিয়েৰৱাহত, ১০ গৰাকী খানচাহিবত, ১০ গৰাকী চাৰাৰ-ই-শ্বৰীফত আৰু ৬ গৰাকী প্ৰাৰ্থী চাদুৰাত প্ৰতিদ্বন্দ্বিতা কৰিব ।
লগতে পঢ়ক :জম্মু-কাশ্মীৰত নিৰ্বাচনী প্ৰচাৰ নিষিদ্ধ সংগঠনৰ - JK Election 2024