ETV Bharat / bharat

গান্দেৰৱালৰ আক্ৰমণত জড়িত সন্ত্ৰাসবাদীক চিনাক্ত - JK TERROR ATTACK

Ganderbal Attack: লস্কৰ-ই-তৈবাৰ ৰেজিষ্টেন্স ফ্ৰণ্টৰ সদস্য মহম্মদ ৰমজান ভাট গান্দেৰৱালৰ আক্ৰমণত জড়িত আছিল । সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান অব্যাহত ।

Ganderbal Attack
গান্দেৰৱালৰ আক্ৰমণত জড়িত সন্ত্ৰাসবাদীক চিনাক্ত (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 26, 2024, 2:20 PM IST

শ্ৰীনগৰ : জম্মু-কাশ্মীৰৰ গান্দেৰৱালৰ ভয়ংকৰ আক্ৰমণৰ আঁৰত থকা সন্দেহজনক সন্ত্ৰাসবাদী ইতিমধ্যে চিনাক্ত হৈছে । ২০ অক্টোবৰত সুৰংগৰ নিৰ্মাণস্থলীত হোৱা আক্ৰমণত মহম্মদ ৰমজান ভাট নামৰ সন্ত্ৰাসবাদীটো জড়িত আছিল । আৰক্ষী সূত্ৰই এই কথা প্ৰকাশ কৰিছে ।

২০ অক্টোবৰৰ আক্ৰমণত জড়িত সন্ত্ৰাসবাদী চিনাক্ত

জেড-মৰ্হ সুৰংগ নিৰ্মাণস্থলীৰ শ্ৰমিকসকলক লক্ষ্য কৰি লোৱা এই আক্ৰমণৰ দায়িত্ব ইতিমধ্যে লস্কৰ-ই-তৈবা (এলইটি)ৰ শাখা ৰেজিষ্টেন্স ফ্ৰণ্টে (টিআৰএফ) স্বীকাৰ কৰিছিল । এগৰাকী আৰক্ষী বিষয়াৰ মতে কুলগামৰ থোকাৰপোৰাৰ বাসিন্দা ভাট ২০২৩ চনৰ পৰা সন্ধানহীন হৈ আছিল । সেই সময়ছোৱাত তেওঁ টিআৰএফত যোগদান কৰিছিল আৰু প্ৰশিক্ষণ লৈছিল ।

বিষয়াগৰাকী কয়, "ভাটক আক্ৰমণস্থলীৰ চিচিটিভি ফুটেজত দেখা গৈছিল । যিটোৱে তেওঁৰ আক্ৰমণত জড়িত থকাৰ অধিক প্ৰমাণ দেখুৱায় ।" ঘটনাটোৰ পিছতে জম্মু-কাশ্মীৰ আৰক্ষীয়ে এনআইএ আৰু নিৰাপত্তা বাহিনীৰ সহযোগত ভাটক বিচাৰি বৃহৎ তালাচী অভিযান আৰম্ভ কৰে ।

আৰক্ষী বিষয়াগৰাকীৰ মতে ভাটৰ সঠিক অৱস্থান এতিয়ালৈকে অজ্ঞাত হৈ আছে । আক্ৰমণকাৰীৰ সৈতে সম্ভাৱ্য সম্পৰ্কৰ সন্দেহত প্ৰায় ৫০ গৰাকী লোকক সোধ-পোছৰ বাবে আটক কৰা হৈছে । বিষয়াগৰাকীয়ে কয় যে আক্ৰমণ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ চোৰাংচোৱা তথ্য সংগ্ৰহ কৰা হৈছে ।

পূৰ্বে ইটিভি ভাৰতৰ এক প্ৰতিবেদনত দেখুওৱা হৈছিল কেনেদৰে পৰম্পৰাগত পোছাক পৰিধান কৰা দুজন সন্দেহজনক সন্ত্ৰাসবাদীয়ে হাতত একে-৪৭ ৰাইফল লৈ এটা অট্টালিকাত প্ৰৱেশ কৰিছিল । সমগ্ৰ দৃশ্য চিচিটিভি কেমেৰাত বন্দী হৈছিল আৰু পিছফালে দুখন বাহনো দেখা গৈছিল । ফটোবোৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে আৰক্ষীয়েও সেই দৃশ্য ঘটনাস্থলীৰ আছিল বুলি নিশ্চিত কৰিছে ।

উল্লেখ্য যে গান্দেৰৱালৰ ২০ অক্টোবৰৰ এই আক্ৰমণত এগৰাকী চিকিৎসক আৰু ৬ গৰাকী শ্ৰমিকৰ মৃত্যু হৈছিল ।

লগতে পঢ়ক :গান্দেৰৱালত সন্ত্ৰাসবাদী আক্ৰমণ; ঘটনাস্থলীত এনআইএৰ দল উপস্থিত

জম্মু-কাশ্মীৰত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ : চিকিৎসকসহ ৭ শ্ৰমিক নিহত; অমিত শ্বাহ-প্ৰিয়ংকা গান্ধীৰ লগতে অন্যান্যৰ কঠোৰ ব্যৱস্থাৰ আহ্বান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.