ETV Bharat / bharat

কংগ্ৰেছৰ বেংক একাউণ্ট ফ্ৰীজ আয়কৰ বিভাগৰ - IT

IT freeze congress accounts: আয়কৰ বিভাগে কংগ্ৰেছৰ ৪ টা একাউণ্ট ফ্ৰীজ কৰিছে । ২০১৮-১৯ আয়কৰ (আইটি) ৰিটাৰ্ণ দাখিল কৰাত ৪৫ দিনৰ বিলম্ব হোৱাৰ বাবে এই পদক্ষেপ আয়কৰ বিভাগৰ । কংগ্ৰেছৰ তীব্ৰ প্ৰতিক্ৰিয়া ।

IT freeze congress accounts
কংগ্ৰেছৰ বেংক একাউণ্ট ফ্ৰীজ আয়কৰ বিভাগৰ
author img

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 2:17 PM IST

নেশ্যনেল ডেস্ক,১৬ ফেব্ৰুৱাৰী : আয়কৰ বিভাগে ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ভাৰতীয় যুৱ কংগ্ৰেছৰ বেংক একাউণ্ট ফ্ৰীজ কৰিছে । শুকুৰবাৰে কংগ্ৰেছৰ কোষাধ্যক্ষ অজয় মাকনে এই কথা ঘোষণা কৰে । দেশৰ মুখ্য বিৰোধী দলটোৰ সকলো একাউণ্ট ফ্ৰীজ কৰাক লৈ তেওঁ ক্ষোভ প্ৰকাশ কৰি কয় যে ভাৰতত গণতন্ত্ৰ সম্পূৰ্ণৰূপে সমাপ্ত হৈছে ।

মাকনে কয় যে ২০১৮-১৯ আয়কৰ (আইটি) ৰিটাৰ্ণ দাখিল কৰাত ৪৫ দিনৰ বিলম্বৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল । কংগ্ৰেছ দলৰ মুঠ চাৰিটা একাউণ্ট ফ্ৰীজ কৰা হৈছে । মাকেনৰ মতে তেওঁলোকৰ একাউণ্ট ডি-ফ্ৰীজ কৰাৰ বাবে দলটোৱে আয়কৰ কৰ্তৃপক্ষৰ (আইটিএটি) সৈতে যোগাযোগ কৰিছে । মাকেনে লগতে কয় দলটোৰ ওচৰত এতিয়া খৰচ কৰিবলৈ, বিল পৰিশোধ কৰিবলৈ বা কৰ্মচাৰীসকলক দৰমহা দিবলৈ পৰ্যাপ্ত ধন নাই ।

তেওঁ কয় যে কংগ্ৰেছে আয়কৰ আপীল ন্যায়াধিকৰণত আপীল কৰিছিল আৰু শুনানি চলি আছে । তেওঁলোক ন্যায়পালিকাত বিশ্বাস কৰে । তেওঁৰ মতে এয়া কেৱল কংগ্ৰেছৰ সমস্যা নহয়, গণতন্ত্ৰ স্থবিৰ হৈ পৰিছে । লোকসভা নিৰ্বাচনৰ ঘোষণালৈ মাত্ৰ এমাহ বাকী আছে তেনে সময়তে চৰকাৰে প্ৰধান বিৰোধী দলৰ একাউণ্ট ফ্ৰীজ কৰি দিছে । দেশত এটা দলৰে শাসন থাকিব নেকি বুলিও তেওঁ প্ৰশ্ন কৰে ।

দলটোক আয়কৰ বিভাগে ২১০ কোটি টকাৰ দাবী জাৰি কৰিছিল । মাকনে কয় যে দলটোৱে তেওঁলোকৰ ২০১৮-১৯ আয়কৰ ৰিটাৰ্ণ দাখিল কৰাত ৪০-৪৫ দিন পলম কৰিছিল । যাৰ সময়সীমা আছিল ২০১৯ চনৰ ৩১ ডিচেম্বৰ । কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও এই বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু ইয়াক গণতন্ত্ৰৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰিছে ।

লগতে পঢ়ক :দেওবাৰে পুনৰ কৃষকৰে আলোচনাত বহিব কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্ব; অমীমাংসিতভাবে অন্ত পৰিল তৃতীয় পৰ্যায়ৰ আলোচনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.