ETV Bharat / bharat

আদিত্য এল 1 ৰ সূৰ্য-পৃথিৱীৰ চাৰিওফালে প্ৰথম হেলো কক্ষপথ সম্পূৰ্ণ - Indian Space Research Organisation

author img

By ANI

Published : Jul 3, 2024, 1:52 PM IST

ISRO Aditya-L1 Mission : আদিত্য এল 1 মিছন হৈছে লাগ্ৰাঞ্জিয়ান পইণ্ট এল 1-ত এটা ভাৰতীয় সৌৰ পৰ্যবেক্ষণালয় ৷ যাক যোৱা বছৰ 2 ছেপ্টেম্বৰত উৎক্ষেপণ কৰা হৈছিল আৰু 6 জানুৱাৰীত ইয়াৰ লক্ষ্য নিৰ্ধাৰিত হেলো কক্ষপথত অন্তৰ্ভুক্ত কৰা হৈছিল । হেলো কক্ষপথত আদিত্য-এল 1 মহাকাশযানে এল 1 বিন্দুৰ চাৰিওফালে ঘূৰ্ণন সম্পূৰ্ণ কৰিবলৈ 178 দিন সময় লয় ।

ISRO Aditya-L1 Mission
আদিত্য-এল1 (Etv Bharat)

নিউজ ডেস্ক, ৩ জুলাই : ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য এল ১ মহাকাশযানে মঙলবাৰে সূৰ্য-পৃথিৱী এল ১ বিন্দুৰ চাৰিওফালে ইয়াৰ প্ৰথম হেলো কক্ষপথ সম্পূৰ্ণ কৰে । ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰ’) এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে । আদিত্য এল 1 মিছন হৈছে লাগ্ৰাঞ্জিয়ান পইণ্ট এল 1-ত এটা ভাৰতীয় সৌৰ পৰ্যবেক্ষণালয় ৷ যাক যোৱা বছৰ 2 ছেপ্টেম্বৰত উৎক্ষেপণ কৰা হৈছিল আৰু 6 জানুৱাৰীত ইয়াৰ লক্ষ্য নিৰ্ধাৰিত হেলো কক্ষপথত অন্তৰ্ভুক্ত কৰা হৈছিল ।

হেলো কক্ষপথত আদিত্য-এল1 মহাকাশযানে এল 1 বিন্দুৰ চাৰিওফালে ঘূৰ্ণন সম্পূৰ্ণ কৰিবলৈ 178 দিন সময় লয় । হেলো কক্ষপথত ভ্ৰমণৰ সময়ত মহাকাশযানখন বিভিন্ন শক্তিৰ অধীনত থাকিব ৷ যাৰ ফলত ই লক্ষ্য নিৰ্ধাৰণ কৰা কক্ষপথৰ পৰা প্ৰস্থান কৰিব । ইছৰোৰ সূত্ৰত প্ৰকাশ পাইছে এই কথা । ইয়াৰ উপৰি এই কক্ষপথত বৰ্তী থকাৰ বাবে ক্ৰমান্বয়ে 22 ফেব্ৰুৱাৰী আৰু 7 জুনত দুটা ষ্টেচন-কিপিং কৌশল সম্পন্ন কৰা হৈছিল ।

"আজিৰ তৃতীয় ষ্টেচন-কিপিং কৌশলে নিশ্চিত কৰিছে যে ইয়াৰ ভ্ৰমণ এল 1-ৰ চাৰিওফালে দ্বিতীয় হেলো কক্ষপথলৈ অব্যাহত থাকিব । সূৰ্য-পৃথিৱী এল 1 লাগ্ৰাঞ্জিয়ান পইণ্টৰ চাৰিওফালে আদিত্য এল 1-ৰ এই যাত্ৰাত জটিল গতিশীলতাৰ মডেলিং অন্তৰ্ভুক্ত আছে"- বিবৃতিটোত লগতে কোৱা হৈছে ।

উল্লেখ্য যে, মহাকাশযানত কাম কৰা বিভিন্ন বিচলিত শক্তিৰ বুজাবুজিয়ে গতিপথ সঠিকভাৱে নিৰ্ধাৰণ কৰাত আৰু সঠিক কক্ষপথৰ কৌশল পৰিকল্পনা কৰাত সহায় কৰিছিল । অৱশ্যে আজিৰ কৌশলৰ সৈতে আদিত্য এল 1 অভিযানৰ বাবে ইউ আৰ এছ চি-ইছৰোত আভ্যন্তৰীণভাৱে বিকশিত অত্যাধুনিক ফ্লাইট ডাইনামিক্স ছফ্টৱেৰটো সম্পূৰ্ণৰূপে বৈধ হৈ পৰিছে বুলি ইছৰোৱে কয় ।

চিত্ৰটোত নীলা গতিপথ হৈছে লাগ্ৰেঞ্জিয়ান পইণ্ট এল 1-ৰ চাৰিওফালে থকা কক্ষপথ । এই গতিপথটো হৈছে এক ত্ৰিবিমিত্ৰীয় (3-dimensional) গতিপথ, যিটো দেখুওৱা হৈছে সেয়া হৈছে এক্স-ৱাই প্লেনত ইয়াৰ প্ৰক্ষেপণ ।

"এছকে#1, 2 আৰু 3 হৈছে আদিত্য-এল 1 মহাকাশযানৰ দ্বাৰা ষ্টেচন কিপিং কৌশল । থ্ৰাষ্টাৰৰ চূড়ান্ত ফায়াৰিং অৰ্থাৎ ২ জুলাইত এছকে#৩-এ মহাকাশযানখনক পুনৰ প্ৰয়োজনীয় কক্ষপথত ৰাখিছিল"- বিবৃতিটোত উল্লেখ কৰা হৈছে ।

তদুপৰি, যদি সঠিক ফায়াৰিং কৰা নহ'লহেঁতেন, মহাকাশযানখন সেউজীয়া ৰঙত দেখুওৱা গতিপথলৈ আঁতৰি গ'লহেঁতেন । এক্স-ৱাই অক্ষবোৰ কিলোমিটাৰ দূৰত্বত চিহ্নিত কৰা হয়, যাৰ মূলত লাগ্ৰাঞ্জিয়ান পইণ্ট এল 1 থাকে বুলি বিবৃতিটোত প্ৰকাশ পাইছে ৷

লগতে পঢ়ক :আৰএলভিৰ প্ৰযুক্তি প্ৰদৰ্শনত সফলতা ইছৰোৰ; তৃতীয় পৰীক্ষণো সম্পূৰ্ণ - RLV landing experiment
লগতে পঢ়ক :আদিত্য-এল1ৰ সফলতা : মহাকাশযানখনৰ দুটা অনব’ৰ্ড সঁজুলিয়ে ধৰি ৰাখিলে সৌৰ প্ৰকোপ - Aditya L1 Spacecraft

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.