ETV Bharat / bharat

কোন চিকিৎসকে ভাৰতৰ পৰা চলাইছিল বৃক্কৰ আন্তৰ্জাতিক ব্যৱসায় ? - International kidney racket

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 11:45 AM IST

International kidney racket: বেংগালুৰু আৰু হায়দৰাবাদৰ দৰিদ্ৰ পৰিয়ালৰ যুৱকসকল এই বৃক্ক ব্যৱসায় চক্ৰৰ চিকাৰ হৈছে । ইৰাণলৈ গৈ যুৱকসকলে বৃক্ক দান কৰি আহিছে । এই চক্ৰটোৰ এজনক গ্ৰেপ্তাৰ । ধৃত লোকজনে স্বীকাৰ কৰিছে এই চক্ৰটোত চিকিৎসক জড়িত থকাৰ কথা ।

International kidney racket
কোন চিকিৎসকে ভাৰতৰ পৰা চলাইছিল বৃক্কৰ আন্তৰ্জাতিক ব্যৱসায় (ETV Bharat)

নেশ্যনেল ডেস্ক,২৪ মে': দেশত মানৱ অংগৰ চোৰাং সৰবৰাহ অব্যাহত আছে ! ইয়াৰ মাজতে কেৰালাত বৃক্কৰ চোৰাং ব্যৱসায় চক্ৰ উৎখাত । আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে বৃক্কৰ আন্তৰ্জাতিক ব্যৱসায় চক্ৰৰ কাৰ্যকলাপ । কেৰালাত চলি থকা এই বৃক্ক ব্যৱসায়ৰ মাষ্টাৰমাইণ্ড হায়দৰাবাদৰ এগৰাকী চিকিৎসক হিচাপে আৰক্ষীয়ে চিনাক্ত কৰিছে ।

শেহতীয়াকৈ এই চক্ৰটোৰে জড়িত চাবিত নাছিৰ নামৰ এজন লোক কোচি বিমানবন্দৰত আটক হৈছিল । নাচিৰৰ ভাষ্য়ত এই চক্ৰটোৰে জড়িত আন লোকসকলৰ তথ্য পোৱা গৈছে । নাছিৰে আৰক্ষীক দিয়া ভাষ্য অনুসৰি এই চক্ৰটো হায়দৰাবাদৰ তিনিজন দালালে চলাই আছিল । তাৰ ভিতৰত এজন চিকিৎসকো আছে ।

এৰ্নাকুলাম গ্ৰাম্যৰ আৰক্ষীৰ অধীক্ষক বৈভৱ চাক্সেনাৰ নেতৃত্বত বিশেষ অনুসন্ধানকাৰী দলৰ সদস্যসকলে এই গোচৰটো অনুসন্ধানৰ বাবে হায়দৰাবাদত উপস্থিত হৈছে । দলটোৱে হায়দৰাবাদত বাকী দুই ষড়যন্ত্ৰকাৰীক চিনাক্ত কৰিবলৈ চেষ্টা কৰি আছে । কিন্তু যুৱকসকলক ইৰাণলৈ লৈ যোৱা আৰু তেওঁলোকক বৃক্ক বিক্ৰী কৰিবলৈ বাধ্য কৰোৱা এই চক্ৰটোৰ আঁৰৰ মূল মাষ্টাৰমাইণ্ড কোন সেয়া ৰহস্যৰ আৱৰ্তত আছে ।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে চক্ৰটোৱে বেংগালুৰু আৰু হায়দৰাবাদৰ দৰিদ্ৰ পৰিয়ালৰ যুৱকসকলক ইৰাণলৈ লৈ যায় আৰু তাত তেওঁলোকৰ বৃক্ক বিক্ৰী কৰে । এজন ভুক্তভোগীৰ মৃত্যুৰ পিচতে সকলো তথ্য পোহৰলৈ আহিছে । আৰক্ষীয়ে ভুক্তভোগী পৰিয়ালৰ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । ইৰাণৰ পৰা কোচিলৈ অহাৰ সময়তে চক্ৰটোৰ এজন গুৰুত্বপূৰ্ণ সদস্য চাবিতক যোৱা দেওবাৰে বিমানবন্দৰত কেৰালা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

আৰক্ষীৰ জেৰাত চাবিতে স্বীকাৰ কৰিছে যে এই চক্ৰটোত হায়দৰাবাদৰ এজন চিকিৎসক জড়িত আছে । সেই চিকিৎসকৰ জৰিয়তে তেওঁ এই চক্ৰটোত প্ৰৱেশ কৰিছিল । ২০১৯ চনত হায়দৰাবাদৰ চিকিৎসকগৰাকীৰ সৈতে চাবিতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছিল । চাবিতে ভয়ংকৰ স্বীকাৰোক্তিও দিছে যে তেওঁ বেংগালুৰু আৰু হায়দৰাবাদৰ পৰা ৪০ জন যুৱকক ইৰাণলৈ লৈ গৈছিল আৰু তাত তেওঁলোকৰ বৃক্ক বিক্ৰী কৰিছে ।

চক্ৰটোৰ দালালসকলে দৰিদ্ৰ যুৱকসকলক বৃক্কৰ বিনিময়ত ধন দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে । কিছুমান দালালে তেওঁলোকৰ বাবে পাছপ'ৰ্ট আৰু ভিছা প্ৰস্তুত কৰি দিয়ে আৰু তেওঁলোকক ইৰাণলৈ লৈ যায় । অনুসন্ধানত প্ৰকাশ পাইছে যে তেওঁলোকক ইৰাণৰ এখন হাস্পতাললৈ লৈ যোৱা হয় আৰু তাত নিৰ্দিষ্ট ৰোগীক বৃক্ক সংৰোপণ কৰা হয় ।

বৃক্ক দাতাক ২০ দিনৰ বাবে তাৰ এপাৰ্টমেণ্টত ৰখা হয় । আৰোগ্য হোৱাৰ পিচত তেওঁলোকক নিজ নিজ চহৰলৈ পঠিয়াই দিয়া হয় । তেওঁলোকে প্ৰতিটো বৃক্ক দানৰ বাবে ২০ লাখ টকালৈকে দিব বুলি প্ৰতিশ্ৰুতি দিয়ে । কিন্তু সকলো খৰচ বহন কৰি তেওঁলোকে মাত্ৰ ৬ লাখ টকাহে লাভ কৰে ।

লক্ষণীয়ভাৱে ভাৰতৰ পৰা চলি থকা এই বৃক্ক ব্যৱসায়ৰ তথ্য পোহৰলৈ অহাৰ পিচতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । চক্ৰটোৰে জড়িত চাবিতে আৰক্ষীক যদি সঁচা তথ্য দিছে তেনেহ'লে ই বেংগালুৰু আৰু হায়দৰাবাদৰ বাবে অতি ভয়ংকৰ খবৰ । যিসকল যুৱকে ধনৰ বিনিময়ত ইৰাণলৈ গৈ বৃক্ক দান কৰিছিল তেওঁলোকৰ তথ্য লাভৰ বাবেও আৰক্ষীয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :বাংলাদেশৰ সাংসদক হত্যা কৰিবলৈ ৫ কোটি দিছিল বন্ধুৱে: পশ্চিমবংগৰ চি আই ডি - MP Anwarul Azim Anar Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.