নেশ্যনেল ডেস্ক, ২৩ জুলাই: মুম্বাই নৌ সেনাৰ ডকয়াৰ্ডত সোমবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ড । এই অগ্নিকাণ্ডত ব্যাপক ক্ষতি ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজ আইএনএছ ব্ৰহ্মপুত্ৰ । এগৰাকী নাবিকো সন্ধানহীন হৈ আছে ।
জানিব পৰা মতে দেওবাৰে সন্ধিয়া জাহাজখনত জুইৰ সূত্ৰপাত হৈছিল । লগে লগে নৌসেনা বাহিনী সষ্টম হৈ পৰিছিল । অগ্নি নিৰ্বাপণৰ বাবে নৌ সেনাই প্ৰচেষ্টা অব্যাহত ৰাখে আৰু মঙলবাৰে জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় । ইফালে এই অগ্নিকাণ্ডৰ ফলত জাহাজখনৰ বিস্তৰ ক্ষতি হয় । সোমবাৰে আবেলি বেয়াকৈ ক্ষতিগ্ৰস্ত জাহাজখনৰ ভিতৰত পানী প্ৰৱেশ কৰাৰ লগে লগে জাহাজখন বাওঁফালে (বন্দৰ)ফালে হেলনীয়া হৈ পৰে ।
সকলো প্ৰচেষ্টা স্বত্বেও জাহাজখনক ৰক্ষা কৰিব পৰা নগ'ল । সোমবাৰে সন্ধিয়া প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে অগ্নিকাণ্ডৰ ফলত জাহাজখনৰ বিস্তৰ ক্ষতি হয় আৰু এটা ফালে জাহাজখন হালি গৈছে । এই ঘটনাৰ ফলত এজন কনিষ্ঠ নাবিক সন্ধানহীন হৈ পৰে যদিও বাকীবোৰ কৰ্মচাৰীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে ।
জানিব পৰা মতে জাহাজখনত ৰক্ষণাবেক্ষণৰ কাম চলি আছিল আৰু সেই সময়তে জাহাজখনৰ অন-ডিউটি কৰ্মচাৰীসকলে প্ৰথমে জুই প্ৰত্যক্ষ কৰে । জাহাজখনৰ অগ্নি নিৰ্বাপক দলটোৱে তৎক্ষণাৎ অগ্নিসংযোগ নিয়ন্ত্ৰণৰ বাবে এক বৃহৎ অভিযান আৰম্ভ কৰে আৰু ওচৰৰ আন জাহাজৰ কাষত থকা নৌ ডকয়াৰ্ড অগ্নি নিৰ্বাপক বাহিনীৰ পৰা শক্তি বৃদ্ধি কৰে । ভাৰতীয় নৌসেনাই ঘটনাটো আৰু অগ্নিকাণ্ডৰ তদন্তৰ নিৰ্দেশ দিছে । অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই ।