ETV Bharat / bharat

কনিষ্ঠ চিকিৎসকৰ অনশনৰ মাজতে মমতা বেনাৰ্জীলৈ আইএমএৰ বিশেষ পত্ৰ

Kolkata Junior Doctors Protest: আৰজি কৰ কাণ্ডৰ বিৰুদ্ধে চিকিৎসকসকলৰ প্ৰতিবাদ অব্যাহত আছে । বিগত এসপ্তাহে অনশনত বহি আছে একাংশ কনিষ্ঠ চিকিৎসক ।

Kolkata Junior Doctors Protest
কনিষ্ঠ চিকিৎসকৰ অনশনৰ মাজতে মমতা বেনাৰ্জীলৈ আইএমএৰ বিশেষ পত্ৰ (ANI)
author img

By ANI

Published : Oct 11, 2024, 11:26 AM IST

নেশ্যনেল ডেস্ক,১১ অক্টোবৰ : কলকাতাৰ আৰজি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডক লৈ এতিয়াও দেশত প্ৰতিবাদ অব্যাহত আছে । কনিষ্ঠ চিকিৎসকসকলে সেই ঘটনাৰ উচিত ন্যায় প্ৰদান আৰু চিকিৎসকসকলৰ উপযুক্ত নিৰাপত্তাৰ দাবীৰে প্ৰতিবাদ অব্যাহত ৰাখিছে ।

ইণ্ডিয়ান মেডিকেল এছ'চিয়েচনৰ পত্ৰ

যোৱা ৫ অক্টোবৰৰ পৰা পশ্চিমবংগ জুনিয়ৰ ডক্টৰ্ছ ফ্ৰণ্টৰ কনিষ্ঠ চিকিৎসকসকলে অনিৰ্দিষ্টকালৰ বাবে অনশন কাৰ্যসূচী গ্ৰহণ কৰিছে । প্ৰায় ১ সপ্তাহ ধৰি এই অনশন অব্যাহত ৰাখিছে চিকিৎসকসকলে । কিন্তু পশ্চিমবংগ চৰকাৰে তেওঁলোকৰ দাবী মানি লোৱাৰ ক্ষেত্ৰত এতিয়ালৈ কোনো সেউজ সংকেত দিয়া নাই । যাৰ বাবে উদ্বিগ্ন হৈ পৰিছে চিকিৎসক আৰু ইণ্ডিয়ান মেডিকেল এছ'চিয়েচন (আইএমএ)। সেয়ে আইএমএয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ এখন পত্ৰ লিখি কনিষ্ঠ চিকিৎসকসকলৰ সৈতে আলোচনাৰ মাধ্যমেৰে সমস্যাবোৰ নিষ্পত্তি কৰিবলৈ আহ্বান জনাইছে ।

আইএমএয়ে উল্লেখ কৰা মতে পশ্চিমবংগ চৰকাৰে সকলো দাবী পূৰণ কৰিব পাৰে । মমতা বেনাৰ্জীলৈ লিখা পত্ৰখনত ইণ্ডিয়ান মেডিকেল এছ'চিয়েচনে লিখিছে, "বংগৰ কনিষ্ঠ চিকিৎসকসকলে অনশন কৰি থকা প্ৰায় এসপ্তাহ হ'ল । ইণ্ডিয়ান মেডিকেল এছ'চিয়েচনে তেওঁলোকৰ ন্যায়সংগত দাবীক সমৰ্থন কৰে । তেওঁলোকৰ প্ৰতি আপুনি তাৎক্ষণিকভাৱে মনোযোগ দিয়া উচিত ।"

পশ্চিমবংগ চৰকাৰক আহ্বান

পত্ৰখনত আইএমএয়ে লগতে লিখিছে, "পশ্চিমবংগ চৰকাৰ সকলো দাবী পূৰণ কৰিবলৈ সম্পূৰ্ণৰূপে সক্ষম । শান্তিপূৰ্ণ পৰিৱেশ আৰু সুৰক্ষা বিলাসিতা নহয় । সেইবোৰ এক প্ৰাথমিক প্ৰয়োজন । এগৰাকী জ্যেষ্ঠ আৰু চৰকাৰৰ মুৰব্বী হিচাপে যুৱ প্ৰজন্মৰ চিকিৎসকসকলৰ সৈতে সমস্যাবোৰ নিষ্পত্তি কৰিবলৈ আমি আপোনাক অনুৰোধ জনাইছো ।"

পত্ৰখনত লিখিছে, "ভাৰতৰ সমগ্ৰ চিকিৎসা সম্প্ৰদায় চিন্তিত আৰু বিশ্বাস কৰে যে আপুনি তেওঁলোকৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হ'ব । যদি ইণ্ডিয়ান মেডিকেল এছ'চিয়েচনে এই ক্ষেত্ৰত কোনো সহায় কৰিব পাৰে তেন্তে আমি অতি আগ্ৰহেৰে সহায় কৰিম ।"

উল্লেখ্য যে কলকাতাৰ ধৰ্মতলাত চিকিৎসকসকলে এই অনশন অব্যাহত ৰাখিছে আৰু তেওঁলোকৰ সমস্যা সমাধান নোহোৱা পৰ্যন্ত কৰ্মস্থলীত যোগদান নকৰাৰ হুংকাৰ দিছে । ইফালে কনিষ্ঠ চিকিৎসকৰ ধাৰাবাহিক প্ৰতিবাদৰ ফলত ৰাজ্যখনৰ স্বাস্থ্য সেৱাত ব্যাপক প্ৰভাৱ পৰিছে ।

লগতে পঢ়ক :নতুন বিপদত আৰ জি কৰ চিকিৎসালয়ৰ প্ৰাক্তন অধ্যক্ষ; সন্দীপ ঘোষৰ আই এম এ সদস্যপদ নিলম্বন - RG Kar Rape Murder case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.