ETV Bharat / bharat

ভাৰতীয় সেনাৰ পদাতিক দিৱস : নিজৰ জীৱন উৎসর্গা কৰা বীৰ সেনাৰ সশ্ৰদ্ধ স্মৰণ - INDIAN ARMY 78TH INFANTRY DAY

পদাতিক দিৱস প্ৰতিবছৰে ২৭ অক্টোবৰত উদযাপন কৰা হয় । পদাতিক বাহিনী হৈছে ভাৰতীয় সেনাৰ আটাইতকৈ ডাঙৰ অংগ ।

Indian Army Infantry Day
ভাৰতীয় সেনাৰ পদাতিক দিৱস (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 26, 2024, 11:54 PM IST

বিশেষ প্ৰতিবেদন : প্ৰতিবছৰে ২৭ অক্টোবৰত ভাৰতীয় সেনাৰ সৰ্ববৃহৎ যুঁজাৰু শাখাৰ অৱদানক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আৰু দেশমাতৃক ৰক্ষাৰ্থে প্ৰাণ আহুতি দিয়াসকলক স্মৰণৰ বাবে পদাতিক দিৱস পালন কৰা হয় ।

এই বছৰ ভাৰতীয় সেনাই ৭৮ সংখ্যক পদাতিক দিৱস হিচাপে উদযাপন কৰিছে । আজিৰ দিনটোত সমগ্ৰ দেশে মাতৃভূমিক সুৰক্ষা প্ৰদানৰ সময়ত প্ৰাণত্যাগ কৰা বীৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

তাৎপৰ্য

স্বাধীন ভাৰতৰ প্ৰথম সামৰিক অনুষ্ঠানৰ স্মৰণ হিচাপে পদাতিক দিৱস উদযাপন কৰা হয় । ভাৰতীয় সেনাৰ শিখ ৰেজিমেণ্টৰ প্ৰথম বেটেলিয়নে কাশ্মীৰ উপত্যকাত 1947 চনৰ 27 অক্টোবৰত পাকিস্তান সেনা আৰু লস্কৰ আক্ৰমণকাৰীৰ দ্বাৰা ভাৰতৰ ভূমিত হোৱা প্ৰথম আক্ৰমণৰ বিৰুদ্ধে বিজয় অৰ্জন কৰিবলৈ যুঁজ দিছিল । এই দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ । কিয়নো ভাৰতীয় সেনাৰ প্ৰথম বাহিনীটো শ্ৰীনগৰ বিমানবন্দৰত অৱতৰণ কৰাৰ ফলত পাকিস্তান সমৰ্থিত আক্ৰমণকাৰী পিছুৱাই যাবলৈ বাধ্য হয় ।

লগতে পঢ়ক :পূব লাডাখত অচলাৱস্থা সমাপ্ত কৰাৰ বাবে ভাৰতৰ সৈতে চুক্তিৰ নিশ্চিতি চীনৰ

বিতং ইতিহাস

১৯৪৭ চনৰ ২২ অক্টোবৰত পাকিস্তানী সেনাই জম্মু-কাশ্মীৰত প্ৰৱেশ কৰিছিল । ইয়াৰ আঁৰত তেওঁলোকৰ মূল উদ্দেশ্য আছিল ৰাজ্যখন বলপূৰ্বকভাৱে দখল কৰা আৰু ইয়াক পাকিস্তানত একত্ৰিত কৰা । এই ডাঙৰ উদ্বেগজনক পৰিস্থিতিৰ ফলত শ্ৰীনগৰৰ মহাৰাজা হৰি সিঙে ১৯৪৭ চনৰ ২৬ অক্টোবৰত এক অধিগ্ৰহণ চুক্তিত স্বাক্ষৰ কৰে । ইয়াৰ পিচতে জম্মু-কাশ্মীৰ ভাৰতৰ অংশ হৈ পৰে । এই চুক্তিৰ জৰিয়তে তেওঁ দেশখনত প্ৰৱেশ কৰা পাকিস্তানী আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে যুঁজ দিবলৈ ভাৰতীয় সেনা আৰু ইয়াৰ বাহিনীক ৰাজ্যখনত অৱস্থান গ্ৰহণ কৰা আৰু নিয়োজিত কৰাৰ পথ প্ৰশস্ত কৰে ।

শিখ ৰেজিমেণ্টৰ এটা বেটেলিয়নে পাকিস্তান সমৰ্থিত জনজাতীয় আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে যুঁজ দিবলৈ শ্ৰীনগৰ বিমানঘাটিত উপস্থিত হৈছিল । অৱশ্যে প্ৰথম বেটেলিয়নটো যুদ্ধক্ষেত্ৰত উপস্থিত হোৱাৰ পূৰ্বে উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশৰ (North West Frontier Province, NWFP) জনজাতীয় অঞ্চলৰ স্বেচ্ছাসেৱকৰ ছদ্মবেশত থকা পাকিস্তানৰ ৰেগুলাৰ আৰ্মীয়ে ইতিমধ্যে জম্মু-কাশ্মীৰত প্ৰৱেশ কৰিছিল । পাকিস্তানী আক্ৰমণকাৰীসকলে শ্ৰীনগৰৰ ফালে আগবাঢ়ি আছিল । সেয়েহে ২৬ অক্টোবৰৰ নিশা এখন জৰুৰী বৈঠক অনুষ্ঠিত হৈছিল আৰু তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পৰা সেউজ সংকেত লাভ কৰাৰ পিচত শ্ৰীনগৰলৈ সেনা প্ৰেৰণ কৰা হৈছিল ।

২৭ অক্টোবৰৰ পুৱতিনিশা ভাৰতীয় বায়ুসেনাৰ দুখন বিমানৰ সহায়ত সেনাৰ এটা অংশ কঢ়িয়াই নিয়া হয় আৰু বাকীসকলক ব্যক্তিগত বিমান সেৱাৰ বিমানেৰে লৈ যোৱা হয় । লেফটেনেণ্ট কৰ্ণেল দেৱান ৰঞ্জিত ৰায়ে কমাণ্ড কৰা প্ৰথম ভাৰতীয় বেটেলিয়নটোক ২৬ অক্টোবৰৰ নিশা অৱগত কৰা হৈছিল । তেওঁলোক গুড়গাঁৱৰ (বৰ্তমানৰ গুৰুগ্ৰাম) পৰা যাত্ৰা কৰিছিল আৰু তেওঁলোক নতুন দিল্লীৰ পালাম বিমানবন্দৰত উপস্থিত হোৱাৰ পিচত পিচদিনা পুৱা শ্ৰীনগৰলৈ লৈ যোৱা হৈছিল । তাত তেওঁলোকে পাকিস্তানী আক্ৰমণকাৰীয়ে দখল কৰা বিমানক্ষেত্ৰখন ৰক্ষা কৰিছিল ।

লগতে পঢ়ক :বিমান সংযোগ বৃদ্ধিৰ 'উড়ান' আঁচনি আৰু এক দশকৰ বাবে সম্প্ৰসাৰণ

শ্ৰীনগৰ বিমানক্ষেত্ৰ সুৰক্ষিত কৰাৰ পিচত ভাৰতীয় সেনাৰ দলে আক্ৰমণকাৰীসকলক তেওঁলোকৰ গতিপথত বাধা দিবলৈ বাৰামুলাৰ ফালে আগবাঢ়িছিল । লেফটেনেণ্ট কৰ্ণেল ৰায়ে আক্ৰমণকাৰীসকলক শ্ৰীনগৰৰ ফালে আগবাঢ়ি যোৱাত বিলম্ব কৰিবলৈ সক্ষম হৈছিল । কিন্তু বাৰামুলাৰ ওচৰত তেওঁ প্ৰাণ বিসৰ্জন দিবলগা হৈছিল । পাকিস্তানী বাহিনীক পিছুৱাই নিয়াৰ বাবে আকাশী পথেৰে শ্ৰীনগৰলৈ অধিক সেনা প্ৰেৰণ কৰি শক্তি বৃদ্ধি কৰা হৈছিল ।

স্বাধীনতাৰ পিচত ১৯৪৭ চনৰ ২৭ অক্টোবৰত যুদ্ধত লিপ্ত হোৱা তেওঁ প্ৰথম ভাৰতীয় সেনা বিষয়া আছিল । তেওঁৰ সাহসিকতাৰ বাবে তেওঁক মৰণোত্তৰভাৱে দেশৰ দ্বিতীয় সৰ্বোচ্চ বীৰত্ব বঁটা মহাবীৰ চক্ৰ প্ৰদান কৰা হৈছিল ।

পদাতিক বাহিনী কি ?

পদাতিক বাহিনী হৈছে ভাৰতীয় সেনাৰ সৰ্ববৃহৎ যুঁজাৰু শাখা । এইটো হৈছে ভাৰতীয় সেনাৰ মেৰুদণ্ড আৰু ইয়াৰ সেনা জোৱানসকলে যিকোনো যুদ্ধত গুৰুতৰ ক্ষতিৰ সন্মুখীন হ'বলগা হয় । শাৰীৰিক সুস্থতা, আক্ৰমণ আৰু অনুশাসন হৈছে এই জোৱানসকলৰ বাবে প্ৰয়োজনীয় মৌলিক গুণ । ভাৰতীয় সেনাক বিশ্বৰ সেনাবাহিনীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ কৰি গঢ়ি তুলিবলৈ ভাৰতীয় সেনাৰ পদাতিক গোটবোৰ আধুনিক, সু-সজ্জিত কৰাৰ লগতে প্ৰশিক্ষণো দিয়া হৈছে ।

পদাতিক বাহিনীক দুটা মুখ্য শ্ৰেণীত বিভক্ত কৰা হৈছে : লঘু পদাতিক (light infantry) আৰু গুৰু পদাতিক (heavy infantry) । লঘু পদাতিক বাহিনী ভ্ৰাম্যমাণ আৰু অধিক তৎপৰ হ'ব পৰাকৈ ডিজাইন কৰা হৈছে । আনহাতে, গুৰু পদাতিক বাহিনী যথেষ্ট সশস্ত্ৰ আৰু সু-সজ্জিত কৰাৰ বাবে ডিজাইন কৰা হৈছে । আধুনিক সামৰিক অভিযানৰ সফলতাৰ বাবে দুয়ো প্ৰকাৰৰ পদাতিক বাহিনী অপৰিহাৰ্য ।

উল্লেখ্য যে ভাৰতীয় সেনাৰ চাৰিটা মুখ্য যুঁজাৰু গোটৰ ভিতৰত এইটো এটা । বাকী তিনিটা হৈছে : সশস্ত্ৰ বিহিনী (Armoured Corps), মেকানাইজড ইনফেণ্ট্ৰী আৰু আৰ্টিলাৰী ।

লগতে পঢ়ক :জাৰ্মান চাঞ্চেলৰৰ ভ্ৰমণ : ভাৰতৰ বাবে অৰ্থনৈতিক গুৰুত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.