ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ কঠুৱাত সন্ত্ৰাসবাদীৰ এম্বুছ : ৫ সেনা জোৱান নিহত, আহত আন ৫ জন - Terrorists Attack on Army Convoy

Terrorists Attack on Army Convoy: জম্মু-কাশ্মীৰত সোমবাৰে ভাৰতীয় সেনাৰ কনভয়ত সন্ত্ৰাসবাদীৰ এম্বুছ ৷ এই আক্ৰমণত ৫জন জোৱান শ্বহীদ হোৱাৰ লগতে আন ৫জন জোৱান আহত হয় । বৰ্তমানেও নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ অব্যাহত আছে ৷

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 10:55 PM IST

Terrorists Attack on Army Convoy
জম্মু-কাশ্মীৰৰ কঠুৱাত সন্ত্ৰাসবাদীৰ এম্বুছ (ETV BHARAT ASSAM)

নিউজ ডেস্ক, ৮ জুলাই: জম্মু-কাশ্মীৰৰ কঠুৱা জিলাৰ দুৰ্গম মাচেদি অঞ্চলত সোমবাৰে ভাৰতীয় সেনাৰ কনভয়ত সন্ত্ৰাসবাদীয়ে এম্বুছ কৰাৰ ফলত ৫ জন সেনা জোৱান নিহত হোৱাৰ লগতে ৫ জন জোৱান আহত হয় ।

কঠুৱা চহৰৰ পৰা ১৫০ কিলোমিটাৰ নিলগৰ লোহাই মালহাৰৰ বদনোটা গাঁৱৰ সমীপত সোমবাৰে বিয়লি প্ৰায় ৩.৩০ বজাত মাচেদি-কিন্দলী-মালহাৰ পথত নিয়মীয়াকৈ টহল দি থকা সেনাৰ বাহনত সন্ত্ৰাসবাদীয়ে গ্ৰেনেড নিক্ষেপ কৰি গুলীচালনা কৰে ।

নিৰাপত্তা বাহিনীয়ে প্ৰত্যুত্তৰ দিয়ে যদিও সন্ত্ৰাসবাদীকেইটা ওচৰৰ অৰণ্যলৈ পলায়ন কৰে বুলি বিষয়াসকলে জনায় ৷ বৰ্তমানো সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত মাজে মাজে গুলীচালনা অব্যাহত আছে বুলি জানিব পৰা হৈছে ৷ সন্ত্ৰাসবাদীকেইটাক নিষ্ক্ৰিয় কৰাৰ বাবে সম্প্ৰতি অঞ্চলটোলৈ অধিক বাহিনী প্ৰেৰণ কৰা হৈছে ৷ সন্ত্ৰাসবাদীকেইটাই সীমান্তৰ সিপাৰৰ পৰা নতুনকৈ অনুপ্ৰৱেশ কৰি যাত্ৰা অব্যাহত ৰখা বুলি জানিব পৰা হৈছে ।

লগতে পঢ়ক: জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত নিহত 6 সন্ত্ৰাসবাদী: আৰক্ষী সঞ্চালক প্ৰধানে কৰিলে স্পষ্ট - KULGAM ENCOUNTER

এজন সেনা বিষয়াৰ উদ্ধৃতি দি পি টি আয়ে প্ৰকাশ কৰা অনুসৰি, এই ঘটনাত মুঠ ১০ জন সেনা আহত হয় আৰু পিচত ইয়াৰে ৫ জনে মৃত্যুবৰণ কৰে । বিগত চাৰি সপ্তাহত কঠুৱা জিলাত সংঘটিত এইটোৱেই আছিল দ্বিতীয়টো বৃহৎ ঘটনা । যোৱা ১২ আৰু ১৩ জুনত তালাচী আৰু ঘেৰাও অভিযানৰ সময়ত দুয়োপক্ষৰ গুলীচালনাত দুটা সন্ত্ৰাসবাদী নিহত হোৱাৰ বিপৰীতে এজন চি আৰ পি এফ জোৱান শ্বহীদ হয় ।

সেনাৰ বিশেষ কমাণ্ডোৱে ল’লে দায়িত্ব:

কঠুৱাত সন্ত্ৰাসবাদী আক্ৰমণৰ কেইঘণ্টামান পিচত সেনাই হেলিকপ্টাৰ ব্যৱহাৰ কৰি ফ্ৰণ্টত বিশেষ সামৰিক দল মোতায়েন কৰে । সেনা বাহিনীৰ বিশেষ দলটোক মণ্ডলী ছেক্টৰত অৱতৰণ কৰোৱা হয় আৰু তেওঁলোকে অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান আৰম্ভ কৰে ৷

লগতে পঢ়ক: জম্মু-কাশ্মীৰৰ বান্দিপোৰাত গুলীবৰ্ষণ, নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত - Bandipora Gunshots

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.