ETV Bharat / bharat

১১ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব দ্বিতীয় এছিয়া-প্ৰশান্ত মহাসাগৰীয় মন্ত্ৰী সন্মিলন - Asia Pacific Ministerial Conference

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 10:49 AM IST

Asia-Pacific Ministerial Conference: নতুন দিল্লীৰ ভাৰত মণ্ডপমত ১১ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'ব অসামৰিক বিমান পৰিবহণ সম্পৰ্কীয় দ্বিতীয় এছিয়া-প্ৰশান্ত মহাসাগৰীয় মন্ত্ৰী পৰ্যায়ৰ সন্মিলন । আন্তৰ্জাতিক বিমান পৰিবহণৰ ক্ষেত্ৰত এই বৈঠক অতি গুৰুত্বপূৰ্ণ হ'ব ।

Asia-Pacific Ministerial Conference
দ্বিতীয় এছিয়া-প্ৰশান্ত মহাসাগৰীয় মন্ত্ৰী সন্মিলন (ETV Bharat)

নেশ্যনেল ডেস্ক, ১০ ছেপ্টেম্বৰ : অহা ১১ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'ব অসামৰিক বিমান পৰিবহণ সম্পৰ্কীয় দ্বিতীয় এছিয়া-প্ৰশান্ত মহাসাগৰীয় মন্ত্ৰী পৰ্যায়ৰ সন্মিলন । নতুন দিল্লীস্থিত ভাৰত মণ্ডপমত ১১ আৰু ১২ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব এই মন্ত্ৰী পৰ্যায়ৰ সন্মিলন ।

আন্তৰ্জাতিক অসামৰিক বিমান পৰিবহণ সংস্থা (ICAO) আৰু ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ দ্বাৰা যৌথভাৱে আয়োজিত এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটোৱে আঞ্চলিক বিমান পৰিবহণ উন্নয়ন, আন্তঃগাঁথনি উন্নয়ন আৰু স্থিৰতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব ।

  • সন্মিলনৰ তাৎপৰ্য

নতুন দিল্লীৰ ৰাজীৱ গান্ধী ভৱনত এখন সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জাৰাপু ৰামমোহন নাইডুৱে অনুষ্ঠানটোৰ তাৎপৰ্য বাখ্যা কৰি কয়, "এই সন্মিলনখন এক গুৰুত্বপূৰ্ণ সময়ত আহিছে যেতিয়া ভাৰতৰ বিমান উদ্যোগে এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ অভিজ্ঞতা লাভ কৰিছে ।"

তেওঁ উল্লেখ কৰে যে ভাৰত সম্প্ৰতি বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ঘৰুৱা বিমান বজাৰ, ৰক্ষণাবেক্ষণ, মেৰামতি আৰু এমআৰঅ' সেৱা, কাৰ্গো পৰিচালনা আৰু আঞ্চলিক বিমান পৰিবহণৰ এক মুখ্য কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে ।

বিমান খণ্ড সম্প্ৰসাৰণৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিৰ উদাহৰণ হৈছে গ্ৰীণফিল্ড বিমানবন্দৰৰ বিকাশ আৰু উড়ান আঁচনিৰ দৰে পদক্ষেপৰ দ্বাৰা আঞ্চলিক বিমান সংযোগ বৃদ্ধি কৰা । নাইডুৱে কয় যে এই প্ৰগতিশীল নীতিসমূহে ভাৰতৰ বিমান বিকাশৰ গতিপথ বজাই ৰাখিব ।

প্ৰথমে ২০২০ চনত অনুষ্ঠিত হ'বলগীয়া এই বৈঠক ক'ভিড পৰিস্থিতিৰ বাবে পিছুৱাই দিয়া হৈছিল । এই সন্মিলনে এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বিমান নেতা আৰু বিষয়াসকলক একত্ৰিত কৰিব । প্ৰথম সন্মিলনখন ২০১৮ চনত চীনৰ বেইজিঙত অনুষ্ঠিত হৈছিল ।

  • সন্মিলনৰ উদ্দেশ্য

২০৩৫ চনৰ ভিতৰত এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত বিশ্বব্যাপী বিমান যাতায়তৰ ৪০ শতাংশতকৈও অধিক আৰু বছৰি প্ৰায় ৩.৫ বিলিয়ন যাত্ৰী হ'ব বুলি আশা কৰা হৈছে । সন্মিলনখনে বিশ্বৰ দ্ৰুততম বিকাশশীল বজাৰসমূহত বিমান চলাচলৰ ভৱিষ্যত গঢ়ি তোলা গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান আৰু সুযোগসমূহৰ মোকাবিলা কৰিব বুলি আশা কৰা হৈছে ।

সন্মিলনত আন্তঃগাঁথনি উন্নয়ন, বজাৰৰ ব্যৱধান, স্থিৰতা আৰু কৰ্মশক্তিৰ সমস্যাক সামৰি লোৱা হ'ব । অনুষ্ঠানটোত ভাৰতৰ প্ৰযুক্তিগত দক্ষতা আৰু সমৃদ্ধ ঐতিহ্যৰ ওপৰত আলোকপাত কৰাৰ বাবে সাংস্কৃতিক প্ৰদৰ্শনী আৰু ড্ৰোণ প্ৰদৰ্শনৰ লগতে আকাশসীমা অনুকূলকৰণ, চাইবাৰ নিৰাপত্তা আৰু নেট-জিৰ' কাৰ্বন নিৰ্গমনৰ দৰে বিষয়ৰ ওপৰত আলোচনা চক্ৰও অনুষ্ঠিত হ'ব ।

ভূটান, কম্বোডিয়া, চীন, গণতান্ত্ৰিক কোৰিয়া গণৰাজ্য, ফিজি, ভাৰত, জাপান, লাও পিডিআৰ, মালদ্বীপ, পালাউ, ফিলিপাইনছ, কোৰিয়া গণৰাজ্য, চামোৱা, ছিংগাপুৰ, চলোমন দ্বীপ, টংগা আৰু ভিয়েটনামৰ লগতে এছিয়া পেচিফিক এয়াৰলাইনছ (এএপিএ), অসামৰিক বিমান পৰিবহণ সেৱা সংস্থা (এচিআই), বিমান বন্দৰ পৰিষদ আন্তঃৰাষ্ট্ৰীয় (এচিআই), আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সংস্থাৰ মুৰব্বীসকলৰ সৈতে আইচিএঅ'ৰ প্ৰতিনিধি উপস্থিত থাকিব ।

ইউৰোপীয় অসামৰিক বিমান পৰিবহণ সন্মিলন, ইউৰোপীয় ইউনিয়ন এভিয়েচন চেফটি এজেন্সি, পৰিবহণ সুৰক্ষা প্ৰশাসন, ফেডাৰেল এভিয়েচন এডমিনিষ্ট্ৰেচন, আফ্ৰিকান চিভিল এভিয়েচন কমিছন আৰু আইচিএঅ' পৰিষদৰ প্ৰতিনিধি-অষ্ট্ৰেলিয়া, ব্ৰাজিল, চীন, কোৰিয়া গণৰাজ্য, ছিংগাপুৰ, নাইজেৰিয়াৰ অংশগ্ৰহণ আকৰ্ষণীয় হ'ব ।

লগতে পঢ়ক :জম্মু-কাশ্মীৰ নিৰ্বাচন : দ্বিতীয় পৰ্যায়ত ২৩৯ গৰাকী প্ৰাৰ্থীৰ মাজত হ'ব প্ৰতিদ্বন্দ্বিতা - JK Assembly polls 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.