ETV Bharat / bharat

ছিৰিয়াত গৃহযুদ্ধ: ভ্ৰমণ পৰামৰ্শ জাৰি ভাৰত চৰকাৰৰ - SYRIA CRISIS

ছিৰিয়াত যুদ্ধসদৃশ পৰিস্থিতি । ভাৰতীয়সকলৰ বাবে চৰকাৰৰ বিশেষ ভ্ৰমণ পৰামৰ্শ ।

Syria Crisis
ছিৰিয়াত গৃহযুদ্ধ;ভ্ৰমণ পৰামৰ্শ জাৰি ভাৰত চৰকাৰৰ (AP)
author img

By ETV Bharat Assamese Team

Published : Dec 7, 2024, 3:18 PM IST

নতুন দিল্লী : ছিৰিয়াত অস্থিৰতা অব্যাহত আছে । ছিৰিয়াৰ বিদ্ৰোহীসকলে হিংসাত্মক ঘটনা সংঘটিত কৰাৰ ফলত পুনৰ গৃহযুদ্ধৰ সূচনা হৈছে । প্ৰশাসনৰ বিৰুদ্ধে বিদ্ৰোহীসকলে আক্ৰমণাত্মক ৰূপ লৈছে । বিদ্ৰোহীসকল ৰাজধানী দামাস্কাচৰ ফালে আৰু দক্ষিণলৈ আগবাঢ়ি যোৱাৰ লগে লগে শ শ লোকে শুকুৰবাৰে নিশাৰ ভিতৰতে ছিৰিয়াৰ কেন্দ্ৰীয় চহৰ হোমছৰ পৰা পলায়ন কৰিছে । এনে পৰিস্থিতিত ভাৰত চৰকাৰে প্ৰৱাসী ভাৰতীয়ৰ লগতে ভ্ৰমণকাৰীৰ বাবে নিৰ্দেশনা জাৰি কৰিছে ।

ভাৰত চৰকাৰৰ পৰামৰ্শ

ভাৰত চৰকাৰে শুকুৰবাৰে ছিৰিয়াৰ বাবে এক ভ্ৰমণ পৰামৰ্শ জাৰি কৰিছে । পৰৱৰ্তী জাননী নোপোৱালৈকে ভাৰতীয় নাগৰিকসকলক দেশখনলৈ ভ্ৰমণ নকৰিবলৈ কঠোৰভাৱে পৰামৰ্শ দিছে । ছিৰিয়াৰ শেহতীয়া পৰিস্থিতিৰ বাবে এই সতৰ্কবাণী জাৰি কৰিছে ভাৰত চৰকাৰে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক প্ৰেছ বিজ্ঞপ্তিত কয়, "ছিৰিয়াত বিৰাজ কৰা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় নাগৰিকসকলক পৰৱৰ্তী জাননী নোপোৱালৈকে দেশখনলৈ সকলো ভ্ৰমণ পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।"

ইফালে বৰ্তমান ছিৰিয়াত থকা ভাৰতীয়সকলৰ বাবে জৰুৰীকালীন হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে । সকলো আপডেটৰ বাবে hoc.damascus@mea.gov.in ইমেইল ঠিকনাৰ জৰিয়তে দামাস্কাছৰ ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগত থাকিবলৈ কোৱা হৈছে । যিসকলে এনে কৰিব নোৱাৰে তেওঁলোকক অতি সোনকালে উপলব্ধ বাণিজ্যিক বিমানেৰে যাবলৈ পৰামৰ্শ দিয়া হৈছে । বাকীসকলক অত্যধিক সাৱধানতা অৱলম্বন কৰিবলৈও কোৱা হৈছে ।

ছিৰিয়াৰ গৃহযুদ্ধ সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উদ্বেগ প্ৰকাশ কৰি কয়, "আমি শেহতীয়াকৈ ছিৰিয়াৰ উত্তৰত সংঘৰ্ষ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখিছো । আমি পৰিস্থিতিটো গভীৰভাৱে নিৰীক্ষণ কৰি আছো । ছিৰিয়াত প্ৰায় ৯০ গৰাকী ভাৰতীয় নাগৰিক আছে । যাৰ ভিতৰত ১৪ গৰাকীয়ে ৰাষ্ট্ৰসংঘৰ বিভিন্ন সংগঠনত কাম কৰি আছে । আমাৰ মিছন আমাৰ নাগৰিকসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে ঘনিষ্ঠ সম্পৰ্কত আছে ।"

ছিৰিয়াত অস্থিৰতা

ছিৰিয়াৰ পৰিস্থিতি সন্দৰ্ভত সংবাদ মাধ্যমে প্ৰতিবেদনত কৈছে যে বৃহস্পতিবাৰে উত্তৰে হামা চহৰ দখল কৰাৰ পিছত বিদ্ৰোহীসকলে হোমছ চহৰক লক্ষ্য কৰি লৈছে । যদি হোমছ দখল হয় তেনেহ'লে ই ৰাষ্ট্ৰপতি বাছাৰ আল-আছাদৰ দ্বাৰা নিয়ন্ত্ৰিত অঞ্চলবোৰক দুটা ভাগত বিভক্ত কৰিব ।

লগতে পঢ়ক :বাংলাদেশত হিন্দুবিৰোধী হিংসা বন্ধৰ আহ্বান আমেৰিকান সাংসদ কৃষ্ণমূৰ্তিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.