ETV Bharat / bharat

উত্তৰ-পূৰ্বাঞ্চলত ভাৰতীয় সেনাৰ স্পীয়েৰ ক'ৰ্পছৰ স্বাধীনতা দিৱস উদযাপন - 78th Independence Day

author img

By ANI

Published : Aug 16, 2024, 8:26 AM IST

Spear Corps Independence Day Celebration: স্পীয়েৰ ক'ৰ্পছৰ স্বাধীনতা দিৱস উদযাপনৰ অংশ হিচাপে অসম, মণিপুৰ আৰু নাগালেণ্ডত একতা দৌৰ, ত্ৰিৰংগা ৱাকাথন আৰু চাইকেল আৰু মটৰচাইকেল ৰেলীৰ দৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয় । এই কাৰ্যসূচীবোৰত সাধাৰণ লোকৰ উপৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু বিশিষ্ট ব্যক্তিসকলেও অংশগ্ৰহণ কৰে ।

Spear Corps Independence Day Celebration
উত্তৰ-পূৰ্বাঞ্চলত ভাৰতীয় সেনাৰ স্পীয়েৰ ক'ৰ্পছৰ স্বাধীনতা দিৱস উদযাপন (ANI Photo)

নিউজ ডেস্ক, ১৬ আগষ্ট : উত্তৰ-পূৰ্বাঞ্চলত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন ভাৰতীয় সেনাৰ স্পীয়েৰ ক'ৰ্পছৰ । এই উপলক্ষে অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰত কেইবাটাও আকৰ্ষণীয় অনুষ্ঠানৰ আয়োজন কৰা হয় ।

ৰাষ্ট্ৰৰ বাবে কৰা সৰ্বোচ্চ ত্যাগক সন্মান জনোৱাৰ লগতে অঞ্চলটোৰ বিবিধ সংস্কৃতি প্ৰদৰ্শন আৰু সম্প্ৰদায়ৰ মাজত ৰাষ্ট্ৰীয় একতা প্ৰচাৰৰ বাবে ভাৰতীয় সেনাৰ যি প্ৰতিশ্ৰুতি তাক শক্তিশালী কৰাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হয় । ইয়াৰ অংশ হিচাপে অসম, মণিপুৰ আৰু নাগালেণ্ডত একতা দৌৰ, ত্ৰিৰংগা ৱাকাথন আৰু চাইকেল আৰু মটৰচাইকেল ৰেলীৰ দৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয় । এই কাৰ্যসূচীবোৰত সাধাৰণ লোকৰ উপৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু বিশিষ্ট ব্যক্তিসকলেও অংশগ্ৰহণ কৰে ।

সামূহিক দৌৰৰ কেইটামান মুহূৰ্ত (ANI Photo)

এই অনুষ্ঠানটো অংশগ্ৰহণকাৰীসকলৰ মাজত সংহতি আৰু সামূহিক গৌৰৱৰ প্ৰতীক হিচাপে উজলি উঠে । লগতে অনৈক্যৰ মাজত ঐক্যৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় । ইয়াৰ উপৰি সমগ্ৰ অঞ্চলটোৰ বিদ্যালয়সমূহত পতাকা উত্তোলন অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু ইয়াত শিশুসকলে বিভিন্ন দেশপ্ৰেমমূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰে । এই অনুষ্ঠানবোৰ আয়োজন কৰাৰ মূল উদ্দেশ্য হৈছে যুৱসকলৰ মাজত তেওঁলোকৰ ঐতিহ্যৰ বিষয়ে গৌৰৱ কৰোৱা আৰু সজাগতাৰ অনুভূতি জাগ্ৰত কৰা ।

স্থানীয় গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতিত আয়োজিত এই কাৰ্যসূচীত স্বাধীনতা দিৱসৰ তাৎপৰ্য বৰ্ণনা কৰা হয় । যাৰ ফলত শিক্ষাৰ্থী তথা অঞ্চলটোৰ জনসাধাৰণৰ মাজত ই এক স্মৰণীয় অনুষ্ঠান হৈ পৰে । স্বাধীনতা দিৱস উদযাপনৰ এক গৌৰৱপূৰ্ণ মুহূৰ্ত আছিল অৰুণাচল প্ৰদেশৰ ৱালং যুদ্ধ স্মাৰক আৰু ত্ৰিপুৰাৰ আগৰতলাত থকা এলবাৰ্ট এককা যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । ইয়াত ত্ৰিপুৰাৰ ৰাজ্যপাল এন ইন্দ্ৰসেন ৰেড্ডীয়ে পুষ্পাঞ্জলি অৰ্পণ কৰি স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত দেশৰ বাবে প্ৰাণ উৎসর্গ কৰা বীৰ সৈনিকসকলকো শ্ৰদ্ধাঞ্জলি জনোৱা হয় । সামৰিক বিষয়া, স্থানীয় নেতা আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে বীৰ নায়কসকলক সন্মান জনোৱাৰ বাবে একত্ৰিত হয় ।

আনহাতে, যুৱ প্ৰজন্মক ইয়াৰ সৈতে জড়িত কৰাবলৈ স্পীয়েৰ ক'ৰ্পছে এক বিভিন্ন অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শনীৰো আয়োজন কৰে । ইয়াত ভাৰতীয় সেনাৰ দ্বাৰা ব্যৱহাৰ কৰা শেহতীয়া সামৰিক প্ৰযুক্তি প্ৰদৰ্শন কৰা হয় । এই পদক্ষেপৰ উদ্দেশ্য হৈছে সশস্ত্ৰ বাহিনীৰ প্ৰতি যুৱ প্ৰজন্মক আগ্ৰহী কৰা আৰু ভাৰতীয় সেনাৰ সামৰ্থ্যৰ বিষয়ে জনসাধাৰণক শিক্ষিত কৰা ।

সেনাৰ বিভিন্ন অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন (ANI Photo)

ইফালে নাগালেণ্ড, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশত আয়োজন কৰা হয় স্থানীয় আৰক্ষী আৰু এন চি চি কেডেটসকলক লৈ ত্ৰিৰংগা পথযাত্ৰা । এই যাত্ৰাত অংশগ্ৰহণকাৰীসকলে ৰাষ্ট্ৰীয় পতাকা লৈ শোভাযাত্ৰা কৰে । এই অনুষ্ঠানটো আছিল ৰাষ্ট্ৰৰ সামূহিক চেতনাৰ এক দৃশ্যমান প্ৰতিনিধিত্ব । আনহাতে, বিভিন্ন পটভূমিৰ অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ নিজৰ নিজৰ পৰিচয় আৰু ঐতিহ্য প্ৰদৰ্শনেৰে ইয়াত অংশগ্ৰহণ কৰে ।

ত্ৰিৰংগা পথযাত্ৰা (ANI Photo)

আনহাতে, অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত গ্ৰহণ কৰা 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি নাগৰিকসকলক তেওঁলোকৰ ঘৰত ত্ৰিৰংগা উত্তোলন কৰিবলৈ উৎসাহিত কৰা হয় ।

এই কাৰ্যসূচীৰ উদ্দেশ্য আছিল প্ৰতিটো পৰিয়ালক স্বাধীনতা দিৱস উদযাপনৰ অংশীদাৰ কৰা আৰু দেশপ্ৰেম এক অংশীদাৰিত্বমূলক দায়িত্ব হিচাপে উপস্থাপন কৰা । স্পীয়েৰ ক'ৰ্পছে মণিপুৰ আৰু অন্যান্য ৰাজ্যৰ বিভিন্ন স্থানত চিকিৎসা শিবিৰো অনুষ্ঠিত কৰে ।

সম্প্ৰদায়ৰ স্বাস্থ্য আৰু কল্যাণত সহায় কৰাৰ ক্ষেত্ৰত ভাৰতীয় সেনাৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী গ্ৰহণ কৰা হয় । স্বাধীনতা দিৱস উদযাপনৰ আন এক অনন্য সংযোজন হৈছে স্পীয়েৰ ক'ৰ্পছৰ দ্বাৰা অৰুণাচল প্ৰদেশৰ এলঙত হোৱাইটৱাটাৰ ৰাফ্টিং আয়োজন । এই দুঃসাহসিক ক্ৰীড়াই কেৱল দলীয় মনোভাব আৰু সৌহাৰ্দ্যক প্ৰচাৰ কৰাই নহয়, লগতে স্থানীয় যুৱক-যুৱতীসকলক বাহিৰা কাৰ্যকলাপত জড়িত হ'বলৈ উৎসাহিত কৰে । ইয়াৰ ফলত দুঃসাহসিক অনুভূতি বৃদ্ধি হয় ।

বাইক ৰেলীৰ কেইটামান মুহূৰ্ত (ANI Photo)

অনুষ্ঠানত স্বাধীনতা সংগ্ৰামত স্বাধীনতা সংগ্ৰামীসকলৰ অৱদানক স্মৰণৰ বাবেও এক কাৰ্যসূচী গ্ৰহণ কৰা হয় । ইয়াত স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা বিভিন্ন ব্যক্তিৰ ত্যাগক স্মৰণ কৰা হয় । ইয়াৰ দ্বাৰা বৰ্তমান প্ৰজন্মক স্বাধীনতা আৰু ন্যায়ৰ মূল্যবোধৰ প্ৰতি সজাগ কৰা আৰু ইয়াক বৰ্তাই ৰাখিবলৈ অনুপ্ৰাণিত কৰা হয় ।

স্পীয়েৰ ক'ৰ্পছৰ দ্বাৰা আয়োজিত এই স্বাধীনতা দিৱসৰ কাৰ্যসূচীয়ে উত্তৰ-পূবৰ ৰাজ্যসমূহত একতা, দেশপ্ৰেম আৰু সামূহিক সম্পৰ্ক গঢ়ি তোলাৰ বাবে সেনাবাহিনীৰ যি সমৰ্পণৰ মনোভাব তাক প্ৰদৰ্শন কৰে । এই অনুষ্ঠানসমূহৰ জৰিয়তে ক'ৰ্পছে বিশেষ দিনটো কেৱল স্মৰণ কৰায়ে নহয়, লগতে সশস্ত্ৰ বাহিনী আৰু স্থানীয় জনসাধাৰণৰ মাজৰ সম্পৰ্কও শক্তিশালী কৰে ।

আনহাতে, এই স্বাধীনতা দিৱস উদযাপন ৰাষ্ট্ৰীয় একতাৰ মনোভাবৰো এক উৎকৃষ্ট প্ৰমাণ, যিয়ে এক ৰাষ্ট্ৰ হিচাপে আমি একত্ৰিত হোৱাৰ গুৰুত্ব প্ৰদৰ্শন কৰে ।

লগতে পঢ়ক :স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ সময়ত থানাৰ দায়িত্ব ল'লে বজৰংবলীয়ে - 78th Independence Day
লগতে পঢ়ক :ৰামোজী ফিল্ম চিটীত স্বাধীনতা দিৱস উদযাপন - 78th Independence Day

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.