ETV Bharat / bharat

শিশু-নাৰীজনিত অপৰাধমূলক কাৰ্যকলাপ বৃদ্ধিত উদ্বিগ্ন মেঘালয়ৰ আৰক্ষী সঞ্চালকপ্ৰধান - Crimes against women and children

author img

By ANI

Published : Jun 29, 2024, 10:05 AM IST

Crimes against women and children: মেঘালয়ৰ বিভিন্ন অপৰাধজনিত ঘটনা বিশেষকৈ মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত ঘটনা সন্দৰ্ভত আৰক্ষী বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক । মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ উপস্থিতত এই বৈঠক অনুষ্ঠিত হৈছে । চাইবাৰ অপৰাধ আৰু নতুন অপৰাধী আইনক লৈও আলোচনা ।

Crimes against women and children
মহিলা-শিশুৰ বিৰুদ্ধে বৃদ্ধি অপৰাধজনিত ঘটনা; উদ্বিগ্ন মেঘালয়ৰ ডিজিপি (ANI)

নিউজ ডেস্ক, ২৯ জুন : মেঘালয়ত মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধজনিত ঘটনা বৃদ্ধি পাইছে । যাক লৈ উদ্বিগ্ন ৰাজ্যখনৰ প্ৰথমগৰাকী মহিলা আৰক্ষী সঞ্চালক প্ৰধান ইদাশিশা নংৰাং । শুকুৰবাৰে মেঘালয় আৰক্ষীৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ অধ্যক্ষতাত এই বিষয়টোত আলোচনা কৰা হয় ।

বৈঠকৰ পিচত সাংবাদিকৰ সন্মুখত নৱনিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান নংৰাঙে কয় যে এই বৈঠকৰ মুখ্য উদ্দেশ্য আছিল ৰাজ্যখনত বাঢ়ি অহা মহিলা আৰু শিশুৰ বিৰুদ্ধে হোৱা অপৰাধৰ বিষয়ে আলোচনা কৰা যি উদ্বেগৰ বিষয় হৈ পৰিছে । তেওঁ উল্লেখ কৰা মতে ২০২৩ চনত ৬৫ শতাংশ গোচৰত অভিযোগনামা দাখিল কৰা হৈছিল । বিশেষকৈ মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধ মুঠ অপৰাধৰ ৩২ শতাংশ ।

বৈঠকত আৰক্ষীয়ে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ ব্যৱস্থাৰ বিষয়েও আলোচনা কৰা হয় । লগতে, চাইবাৰ অপৰাধ বৃদ্ধিৰ প্ৰশ্নত নংৰাঙে কয় যে বৈঠকত এই বিষয়েও আলোচনা কৰা হয় । তেওঁ কয় যে আৰক্ষীয়ে চাইবাৰ অপৰাধৰ ওপৰত নজৰ ৰাখিছে ।

যিটো এক ডাঙৰ প্ৰত্যাহ্বান আৰু ইয়াৰ মোকাবিলা কৰিবলৈ আৰক্ষীয়ে চৰকাৰক এক চাইবাৰ শাখা গঠন কৰাৰো প্ৰস্তাৱ দিছে । আনহাতে মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীয়ে আৰক্ষীক এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে আৰু ইয়াৰ ওপৰত চৰকাৰে গুৰুত্ব আৰোপ কৰাৰ কথাও উল্লেখ কৰিছে ।

সমগ্ৰ ভাৰতত তিনিটা নতুন অপৰাধী আইন ৰূপায়ণৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি নংৰাঙে কয় যে তেওঁলোকে ইতিমধ্যে নতুন আইন ৰূপায়ণৰ বাবে কেইবাটাও প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰিছে । গৃহ মন্ত্ৰালয় আৰু অন্যান্য ৰাজ্যসমূহৰ সৈতে আগবাঢ়ি যোৱাৰ সৰ্বশ্ৰেষ্ঠ পদ্ধতিবোৰ কি সেই সন্দৰ্ভত কেইবাটাও আলোচনা কৰা হৈছে । ইয়াৰ বহুতো দিশ আছে । শেহতীয়াকৈ এই সন্দৰ্ভত এক সমিতিয়ে আলোচনা কৰিছে আৰু ইয়াৰ বিভিন্ন দিশ আলোচনা কৰিছে বুলি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :ক’ক’মিৰ উদ্যোগত বৃহৎ সমদল, দুগৰাকী বিধায়কৰ অংশগ্ৰহণ - Massive rally in Imphal

লগতে পঢ়ক :বন্ধৰ দিনত কৰা হ'ব ভূমি সম্পৰ্কীয় গোচৰৰ নিষ্পত্তি - Tripura land related cases

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.