নিউজ ডেস্ক, ১২ জুন : তামিলনাডুত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা । ৰাজ্যখনৰ আচানগুট্টাপট্টিৰ পৰা চালেম অভিমুখী এখন ব্যক্তিগত বাছে বাইকত খুন্দামৰাৰ ফলত চাৰিগৰাকী লোক ঘটনাস্থলীতে নিহত হয় । আনহাতে, আন এজন লোকৰ চিকিৎসালয়ত মৃত্যু ঘটাত মৃতকৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি পায় । ইয়াৰ উপৰি দুৰ্ঘটনাটোত আহত হয় আন প্ৰায় ১০ গৰাকী লোক । তেওঁলোকক চৰকাৰী মোহন কুমাৰমংগলম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে ।
বুধবাৰে পুৱতিনিশা এখন ব্যক্তিগত বাছে এখন মটৰচাইকেলত খুন্দিওৱাৰ ফলত এটি নৱজাতকসহ চাৰিগৰাকী লোক ঘটনাস্থলীতে নিহত হয় । আনহাতে, বাছখনত থকা কমেও ১০ গৰাকী আহত যাত্ৰীক চৰকাৰী মোহন কুমাৰমংগলম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় । বীৰানাম আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।
চালেম জিলাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত এখন ট্ৰাকৰ পিছফালে থকা এখন দুচকীয়া বাহনক খুন্দামৰাৰ ফলত চাৰিগৰাকী লোক থিতাতে নিহত হয় । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ চাৰিটা মৃতদেহ উদ্ধাৰ কৰে আৰু তেওঁলোকক মৰণোত্তৰ পৰীক্ষাৰ বাবে চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
আনহাতে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত ভৰ্তি হোৱা এগৰাকী ছোৱালীৰো মৃত্যু হয় । যাৰ ফলত মৃত্যুৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি হয় । আৰক্ষীৰ সূত্ৰ অনুসৰি, লক্ষ্মণন নামৰ এগৰাকী ব্যক্তিয়ে তেওঁৰ পত্নী বেদাৱল্লীৰ সৈতে দুচকীয়া বাহন এখনত এজন সম্পৰ্কীয় ভাতৃৰ বিয়ালৈ গৈ আছিল । তেওঁলোক চুক্কামপট্টিৰ ওচৰ পোৱাৰ সময়তে হঠাতে তেওঁৰ দুচকীয়া বাহনখনৰ সন্মুখত এখন ট্ৰাকৰ গতি কমাই দিয়াৰ ফলত তেওঁৰ বাইকখন ৰখাবলৈ বাধ্য হয় ।
তেনে সময়তে একে দিশত আহি থকা এখন ব্যক্তিগত বাছে তীব্ৰগতিত বাইকখনত খুন্দা মাৰে । যাৰ ফলত তেওঁৰ পত্নী আৰু এটি শিশুসহ চাৰিগৰাকী লোক ঘটনাস্থলীতে নিহত হয় । লক্ষ্মণনক চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে যদিও তেওঁৰ অৱস্থা সংকটজনক ।
লগতে পঢ়ক :উত্তৰ কাশীত তীৰ্থযাত্ৰীক কঢ়িয়াই অনা বাছ দুৰ্ঘটনাত পতিত, নিহত তিনি মহিলা - Uttarakhand bus accident