ETV Bharat / bharat

ফোন চোৱাত মাতৃয়ে দিছিল বাধা: আত্মহত্য়া ১১ বছৰীয়া কিশোৰীৰ - Mobile Phone Addiction

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 10:09 PM IST

Updated : Jun 30, 2024, 10:27 PM IST

Girl commits suicide for usage of phone : নিচালৈ পৰিণত হৈছে মোবাইল ফোনৰ ব্যৱহাৰ ৷ সন্তানক সময় দিব নোৱাৰি মোবাইল ফোনটো যাঁচি দিয়াৰ ভয়ংকৰ পৰিণতি ৷ ফোন-ইণ্টাৰনেটৰ আসক্তিৰ বাবেই আত্মহত্য়া এগৰাকী কিশোৰীৰ ৷

Girl commits suicide for usage of phone
ফোন চোৱাত মাতৃয়ে দিছিল বাধা : আত্মহত্য়া ১১ বছৰীয়া কিশোৰীৰ (Etv Bharat)

নিউজ ডেস্ক, 30 জুন : এতিয়া কণমানিটোক নিচুকাবলৈও ব্যৱহাৰ কৰিবলগীয়া হ’ল মোবাইল ফোন ৷ জন্মৰে পৰা বাধ্যত পৰিয়েই হওক বা অন্য কাৰণতে হওক, সন্তানক সন্তুষ্ট কৰিবলৈ ফোনটোৰ ব্যৱহাৰে কঢ়িয়াই আনিছে ভাবিব নোৱৰা অশনি সংকেত ৷ যাৰ ফলত সন্তান হৈ পৰে মোবাইল ফোনটোৰ প্ৰতি আসক্ত ৷ সেই আসক্তিৰ পৰা সন্তানক আঁতৰাই অনাটো সময়ত সম্ভৱপৰ হৈ নাথাকেগৈ ৷

পিতৃ-মাতৃৰ অতি ব্যস্ততায়ো সন্তানক নিব পাৰে ভয়ংকৰ ঘটনাৰ দিশে ৷ মাক-দেউতাকে সময় দিব নোৱৰাৰ বাবে অকলশৰীয়া সন্তানে এতিয়া সংগী হিচাপে বাচি লয় মোবাইল ফোনটো ৷ সেই কথা গুৰুত্বসহকাৰে নলয় প্ৰায়সকল অভিভাৱকে, দায়িত্বৰ পৰা হাত সৰা যেনহে অনুভৱ কৰে ৷ সন্তানে আহাৰে নাখালে সন্মুখত মোবাইল ফোনটো ৰাখি ভিডিঅ’ প্লে’ কৰি দিয়াৰ পৰা আৰম্ভ কৰি যি অভ্যাস গঢ়াই দিয়া হয়, তাৰ ভয়ংকৰ পৰিণতিস্বৰূপে এক ঘটনা পোহৰলৈ আহিছে শেহতীয়াকৈ ৷ মোবাইল ফোনৰ প্ৰতি থকা আসক্তিৰ বাবেই আত্মহত্যা কৰিবলগীয়া হ’ল এগৰাকী কিশোৰীয়ে ৷

লগতে পঢ়ক: ফেচবুক লাইভত চৰম সিদ্ধান্ত গ্ৰহণ ফটোগ্রাফাৰৰ

ঘটনাটো সংঘটিত হ’ল বিহাৰত ৷ বিহাৰৰ এক অভিজাত কলনিত পিতৃ-মাতৃয়ে মোবাইল ফোন ব্যৱহাৰত বাধা দিয়াৰ বাবেই আত্মহত্যা কৰে পঞ্চম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীয়ে ৷ ঘটনাটো সংঘটিত হয় ২৭ জুনৰ নিশা ৷ ঘটনাৰ পিচতে আৰক্ষীয়ে টেবলেটটো জব্দ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ৷

আত্মহত্যা কৰা ১১ বছৰীয়া কিশোৰীগৰাকীৰ পিতৃ-মাতৃ চিকিৎসক ৷ গতিকে যথেষ্ট ব্যস্ততাভৰা জীৱন তেওঁলোকৰ ৷ হয়তো প্ৰায়েই অকলশৰীয়া অনুভৱ কৰিছিল কিশোৰীগৰাকীয়ে ৷ সেয়ে তেওঁ বেছিভাগ সময় টেবলেটটো ব্যৱহাৰ কৰিয়েই সময় কটাইছিল ৷ সেয়া অভ্যাসত পৰিণত হৈ পৰিছিল, একপ্ৰকাৰে মোবাইল ফোন-ইণ্টাৰনেট এইবোৰ হৈ পৰিছিল নিচা ৷

মোবাইল ফোনটোৰ প্ৰতি আসক্ত হৈ পৰাৰ পিচত চিকিৎসক পিতৃ-মাতৃয়ে তেওঁক বাধা দিবলৈ আৰম্ভ কৰিছিল ৷ ২৭ জুনৰ নিশাও কিশোৰীগৰাকীয়ে ফোনটো ব্যৱহাৰ আছিল, কিন্তু বাধা দিছিল পিতৃ-মাতৃয়ে ৷ মাতৃয়ে যথেষ্ট গালি পাৰে কিশোৰীগৰাকীক ৷ সেই কথা সহজভাৱে ল’ব নোৱাৰিলে কিশোৰীগৰাকীয়ে ৷ ইয়াৰ প্ৰভাৱ পৰিল অতি নেতিবাচকভাৱে ৷

ফোন ব্যৱহাৰত বাধা আৰু মাতৃয়ে গালি পৰাৰ পিচত দেউতাক সন্ধিয়া বাহিৰলৈ ওলাই গৈছিল ৷ মাতৃও হৈ পৰিছিল নিজৰ কামত ব্যস্ত । এই সময়ছোৱাতে ১১ বছৰীয়া কিশোৰীগৰাকীয়ে ল’লে জীৱনৰ চৰম সিদ্ধান্তটো ৷ কৰিলে আত্মহত্যা ৷ কিছু সময়ৰ পিচত দেউতাক ঘূৰি আহি নিজ কন্যাক দেখা পালে আত্মহত্যা কৰা অৱস্থাত ৷ লগেলগে চিকিৎসালয়লৈ লৈ গৈছিল যদিও তেতিয়ালৈকে যথেষ্ট পলম হৈছিল । চিকিৎসকে কিশোৰীগৰাকী মৃত বুলি ঘোষণা কৰে ৷ নিজ সন্তান মোবাইল ফোনৰ প্ৰতি আসক্ত হৈ পৰাৰ বাবেই শুদা হ’ল এহাল পিতৃ-মাতৃৰ বুকু ৷

লগতে পঢ়ক: পৰীক্ষা দিবলৈ বুলি ওলাই যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ

Last Updated : Jun 30, 2024, 10:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.