ETV Bharat / bharat

যদি মই নম্বৰ নাপাওঁ, মোৰ ককাই আপোনাক যাদু কৰিব : শিক্ষকক সকীয়নি দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ - STUDENT WARNS TO TEACHER - STUDENT WARNS TO TEACHER

পৰীক্ষা উত্তীৰ্ণ হ’বলৈ এজন ছাত্ৰই কৰা কামে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ছাত্ৰজনৰ উত্তৰ বহীৰ উত্তৰ দেখি হতভম্ব হৈ পৰে বহী মূল্যায়ন কেন্দ্ৰৰ শিক্ষকসকল ৷

STUDENT WARNS TO TEACHER
এজন ছাত্ৰই কৰা কামে এতিয়া সৃষ্টি কৰিছে চাঞ্চল্যৰ
author img

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 10:56 PM IST

নিউজ ডেস্ক, 10 এপ্ৰিল : দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাটো এজন শিক্ষাৰ্থীৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত ৷ যদি আপুনি বেচিকৈ পঢ়িব বিচাৰে বা অন্ততঃ ক’ব বিচাৰে যে আপুনি পঢ়িছে, তেন্তে দশম মানলৈকে উত্তীৰ্ণ হোৱাটো প্ৰয়োজনীয় ৷ যিকোনো চৰকাৰী চাকৰিৰ বাবে চেষ্টা কৰিবলৈ হ’লে নূন্যতম শিক্ষাগত অৰ্হতা দশম মান হিচাপে নিৰ্ধাৰণ কৰা হয় ৷ এসময়ত দশম শ্ৰেণী উত্তীৰ্ণ হোৱাটো কঠিন আৰু বৰ ভাল কথা আছিল ৷ কিন্তু বৰ্তমান ই সহজ হৈ পৰিল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

যদি পৰীক্ষাত বিফল হয় তেন্তে দুমাহত পৰিপূৰক পৰীক্ষা হয় ৷ এতিয়া ছাত্ৰ-ছাত্ৰীৰ দশম মান উত্তীৰ্ণ নোহোৱাৰ চিন্তা নাই ৷ কিন্তু শেহতীয়াকৈ এই পৰীক্ষা উত্তীৰ্ণ হ’বলৈ এজন ছাত্ৰই কৰা কামে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ দশম শ্ৰেণীৰ ছাত্ৰজনৰ উত্তৰ বহীত এই উত্তৰ দেখি হতভম্ব হৈ পৰে পৰীক্ষা কাকত মূল্যায়ন কেন্দ্ৰৰ শিক্ষকসকল ৷

দশম শ্ৰেণীৰ এজন ছাত্ৰই শিক্ষকক কয়- "আপুনি মোক নম্বৰ নিদিলে মোৰ ককাদেউতাই আপোনাক ক’লা যাদু কৰিব ৷" শেহতীয়াকৈ দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা এগৰাকী ছাত্ৰৰ এই উত্তৰ ৷ এই ঘটনা অন্ধ্ৰ প্ৰদেশৰ ৷ বাপাটলা পৌৰ হাইস্কুলত দশম শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্ন কাকতৰ মূল্যায়ন কৰা হৈছিল ৷

এজন শিক্ষাৰ্থীয়ে তেলুগু বিষয়ত ৰামায়ণৰ গুৰুত্ব সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰত ব্যাখ্যা কৰি লিখিছিল, "যদি মই নম্বৰ নাপাওঁ, মোৰ ককাদেউতাই আপোনাৰ বাবে ক'লা যাদু কৰিব" ৷ প্ৰশ্নটোৰ পৰ্যাপ্ত উত্তৰ নিদিয়াত শিক্ষকসকল আচৰিত হৈ পৰিছিল ৷ লগে লগে উত্তৰ পত্ৰিকাখন উচ্চ কৰ্তৃপক্ষক দেখুওৱা হৈছিল ৷ অৱশ্যে, এয়া লক্ষণীয় যে শিক্ষাৰ্থীজনে 100 নম্বৰৰ ভিতৰত 70 নম্বৰ লাভ কৰিছিল ৷

লগতে পঢ়ক : পূজাথলীত মৌ-মাখিৰ আতংক, বিধায়ক-প্ৰাক্তন বিধায়কসহ কেইবাজনকো দংশিলে মৌৱে - Honey Bee Sting

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.