ETV Bharat / bharat

মাহ-হালধিৰ গোন্ধ নগ’লেই, পত্নীৰ কটা শৰীৰৰ টুকুৰাত নিমখ সানিলে স্বামীয়ে - Horrible incident

author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 10:04 PM IST

Wife Murdered In Nalanda: জীৱশ্ৰেষ্ঠৰ নৃশংস ৰূপ ৷ বিবাহৰ 2 মাহৰ পিচতে পত্নীক হত্য়া কৰি কাটি টুকুৰা টুকুৰ কৰি নিমখ সানি পচিবলৈ দিলে স্বামীয়ে ৷ পঢ়ক সবিশেষ...

Etv BharatWife Murdered In Nalanda
মাহ-হালধিৰ গোন্ধ নগ’লেই, পত্নীৰ কটা শৰীৰৰ টুকুৰাত নিমখ সানিলে স্বামীয়ে (Etv BharatETV BHARAT ASSAM)

নেশ্যনেল ডেস্ক, 10 জুন : বিহাৰৰ নালন্দাত এক নৃশংস ঘটনা সংঘটিত হৈছে ৷ স্বামীৰ বিবাহ বহিৰ্ভূত সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবে পত্নীক নৃশংসভাৱে হত্যা কৰিলে স্বামীয়ে ৷ আনকি পত্নীৰ মৃতদেহটো কাটি টুকুৰা টুকুৰ কৰি নিমখ সানি পুতি থৈ দিয়ে স্বামীয়ে ৷

জানিব পৰামতে, স্বামীৰ বিয়াৰ পূৰ্বৰপৰাই অন্য এক যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ৷ শেহতীয়াকৈ পত্নীয়ে স্বামীৰ এই প্ৰেমৰ বিষয়ে জানিবলৈ পাৰিছিল । পত্নীয়ে তেওঁৰ স্বামীৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰিছিল । তাৰ পিচতেই স্বামীয়ে খঙত পত্নীক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল । সেই পৰিকল্পনা অনুসৰিয়েই প্ৰেমিকাৰে মিলি স্বামী আৰু প্ৰেমিকাই নৱ বিবাহিতাগৰাকীক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

প্ৰেমিকাৰ সহায়ত পত্নীক হত্যা : স্বামীয়ে প্ৰথমে নৱবিবাহিতাৰ পত্নীক হত্যা কৰিছিল আৰু তাৰ পিচত তেওঁৰ শৰীৰটো টুকুৰা টুকুৰকৈ কাটিছিল, পৰৱৰ্তী সময়ত মৃতদেহটো নদীৰ পাৰত পেট্ৰ'লৰে জ্বলাই দি সমাধিস্থ কৰে ৷

টুকুৰা টুকুৰকৈ কাটিছে মৃতদেহটো :

সোমবাৰে, মৃত মহিলাগৰাকীৰ পৰিয়ালৰ সদস্যই জনোৱা অনুসৰি, যোৱা এসপ্তাহ ধৰি সন্ধানহীন হৈ আছিল মহিলাগৰাকী ৷ পৰিয়ালৰ লোকে আৰক্ষীক মহিলাগৰাকীৰ সন্ধান উলিয়াবলৈ বাৰম্বাৰ হেঁচা প্ৰয়োগ কৰিছিল ৷ তাৰ পিচতেই আৰক্ষীয়ে সন্দেহৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত স্বামীক আটক কৰি আৰক্ষী থানালৈ লৈ আহে । আৰক্ষীয়ে থানাত স্বামীক কঠোৰভাৱে জেৰা চলোৱাৰ পিচতেই অভিযুক্ত স্বামীয়ে তেওঁৰ অপৰাধ স্বীকাৰ কৰে ৷

স্বামীয়ে অপৰাধ স্বীকাৰ কৰে :

স্বামীয়ে জনোৱা অনুসৰি মৃতদেহটো দীপনগৰ আৰক্ষী থানা অঞ্চলৰ সমস্তি গাঁৱৰ মাজেৰে যোৱা গোইথৱা নদীৰ পাৰত বালিত সমাধিস্থ কৰা হৈছিল । তাৰ পিচতে আৰক্ষীয়ে অভিযুক্ত স্বামীক লগত লৈ ঘটনাস্থলীলৈ গৈছিল । তাৰ পিচত, স্বামীৰ নিৰ্দেশত, নদীৰ পাৰৰ সেই ঠাইত খনন কৰাৰ পিচতে মহিলাগৰাকীৰ শৰীৰৰ হাঁড় উদ্ধাৰ কৰে ৷

মৃতদেহটো পেট্ৰ'ল ঢালি জ্বলাই দিয়া হৈছিল আৰু তাৰ পিচত সমাধিস্থ কৰা হৈছিল:

আৰক্ষীয়ে মৃতদেহটো বাহিৰলৈ উলিয়াই অনাৰ পিচতে শৰীৰৰ কেইবাটাও টুকুৰা লাভ কৰে ৷ ইয়াৰ সমান্তৰালকে মহিলাগৰাকীক হত্যাৰ প্ৰমাণ ধ্বংস কৰিবলৈ শৰীৰটো জ্বলাই দিয়াৰ পিচত, ইয়াক নিমখ দি সমাধিস্থ কৰা হৈছিল । আৰক্ষীয়ে সম্প্ৰতি মহিলাগৰাকীৰ কংকালটো মৰণোত্তৰ পৰীক্ষাৰ বাবে সদৰ চিকিৎসালয় বিহাৰশ্বৰীফলৈ প্ৰেৰণ কৰিছে ।

দুমাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল দম্পতীটো :

মহিলাগৰাকীৰ পৰিয়ালে কোৱা অনুসৰি, দুমাহৰ পূৰ্বে দীপনগৰ আৰক্ষী থানা অঞ্চলৰ এগৰাকী যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল যুৱতীগৰাকী ৷ তাৰ পিচৰে পৰাই যুৱতীগৰাকীৰ পৰিয়ালৰ স্বামীৰ ওপৰত সন্দেহ কৰিছিল । তাৰ পিচৰ পৰাই স্বামী আৰু পত্নীৰ মাজত কাজিয়া হৈছিল । নৱ বিবাহিতা মহিলাগৰাকীয়ে স্বামীৰ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই যোৱা 2 জুনত মৃত্যুক আঁকোৱালি ল’বলগীয়া হয় ৷

মহিলাগৰাকীৰ পৰিয়ালে অভিযুক্তজনক তীব্ৰভাৱে প্ৰহাৰ কৰিছিল :

মৃতদেহটো পোৱাৰ পিচতেই, মহিলাগৰাকীৰ পৰিয়ালে অভিযুক্ত স্বামী আৰু তেওঁৰ ভাতৃক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে ৷ দুয়োকে আঘাতপ্ৰাপ্ত অৱস্থাত সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ঘটনা সন্দৰ্ভত দীপনগৰ আৰক্ষী থানাৰ মুৰব্বী নৰদমুনি সিঙে কয় যে মহিলাগৰাকীৰ পৰিয়ালে কৰা অভিযোগৰ ভিত্তিত অনাগত সময়ত বিহিত ব্যৱস্থা হাতত লোৱা হ’ব ৷

লগতে পঢ়ক: বিস্কুট খাওঁতে লাগি ধৰিলে ডিঙিত; উশাহ বন্ধ হৈ তিনিবছৰীয়া শিশুৰ মৃত্য়ু - Unnatural death

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.