নিউজ ডেস্ক, ১৪ জুন : পতি-পত্নীৰ সম্পৰ্ক এক পৱিত্ৰ সম্পৰ্ক । আনহাতে, অগ্নিক সাক্ষী কৰি বিবাহৰ সময়ত পতি-পত্নীয়ে সাত জনমৰ বাবে ইজনে সিজনক সমৰ্থন কৰাৰ প্ৰতিজ্ঞা কৰে । কিন্তু তেনে এক পৱিত্ৰ সম্পৰ্কৰ পিচতো এটি দম্পতীয়ে ইজনে সিজনক হত্যা কৰে । এই ঘটনাটো সংঘটিত হৈছে বিহাৰৰ সীতামাঢ়ী জিলাৰ বোখৰা আৰক্ষী থানাৰ অধীনৰ বাজিতপুৰ ভাউৰ পঞ্চায়ত এলেকাত । ঘটনাৰ বিৱৰণী অনুসৰি, স্বামী-স্ত্ৰী উভয়ে শুকুৰবাৰে ইজনে সিজনক হত্যা কৰে ।
স্থানীয় লোকে জনোৱা অনুসৰি, ঘটনাটোৰ পিচৰে পৰা সমগ্ৰ অঞ্চলটোত আতংকৰ পৰিৱেশে বিৰাজ কৰিছে । স্থানীয় সূত্ৰ মতে, পতি-পত্নীৰ মাজত প্ৰায়ে কাজিয়া হৈছিল । এই কাজিয়া গৈ প্ৰাণহানিৰ পৰিণামৰ পৰ্যায় পায়গৈ । কাজিয়া চৰম সীমা পোৱাত পতি-পত্নী দুয়োৱে দুয়োকে হত্যা কৰে ।
জানিব পৰা মতে, প্ৰথম স্বামীয়ে তেওঁৰ পত্নী চন্দ্ৰকলা দেৱীৰ ডিঙিত চোকা অস্ত্ৰৰে আঘাত কৰে । তাৰ পিচত পত্নীয়েও তেওঁৰ স্বামী মেনেজাৰ ৰয়ৰ পেটত এখন ছুৰী ভৰাই দিয়ে । ইয়াৰ পিচত স্বামীৰ অন্ত্ৰ বাহিৰলৈ ওলাই আহে । ইতিমধ্যে পত্নীৰ ঘটনাস্থলীত মৃত্যু হয় ।
"মোৰ ছোৱালীৰ দুটা সন্তান আছে । আগৰে পৰা পতি-পত্নী দুয়োৰে মাজত কাজিয়া হৈ আছিল । এই কাজিয়াৰ বাবে পঞ্চায়তো বহুওৱা হৈছিল । ছোৱালীজনীৰ মৃত্যুৰ খবৰ তেওঁৰ মৃতদেহ পৰি থকা দেখি কোনোবাই দিয়ে ।" - মৃত মহিলাগৰাকীৰ মাতৃয়ে কয় ।
আনহাতে, মুজাফ্ফৰপুৰৰ এছ কে এম চি এইচত চিকিৎসাধীন অৱস্থাত স্বামীৰো মৃত্যু হয় । আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে । উল্লেখ্য যে দুয়োৰে মাজৰ কাজিয়া ভাঙিবলৈ এখন পঞ্চায়তো অনুষ্ঠিত হৈছিল । কিন্তু তাত কোনো সমাধান ওলোৱা নাছিল । চন্দ্ৰকলা দেৱী মুজাফ্ফৰপুৰ জিলাৰ গাই ঘাট আৰক্ষী থানা এলেকাৰ ৰডৌৰ গাঁৱৰ বাসিন্দা । আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহটোও মৰণোত্তৰ পৰীক্ষাৰ বাবে সীতামাঢ়ী সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
"স্বামী আৰু পত্নীৰ মাজত বিবাদ হৈছিল । প্ৰাথমিকভাৱে ঘটনাটোৰ আঁৰৰ কাৰণ দুয়োৰে মাজৰ বিবাদ যেন লাগিছে । স্বামীৰ মৃত্যুৰ বিষয়েও তথ্য লাভ কৰা হৈছে । কিন্তু ঘটনা নিশ্চিত কৰিবলৈ আৰক্ষী দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে । স্থানীয় আৰক্ষীৰ সূত্ৰত প্ৰকাশ ।