ETV Bharat / bharat

কৰ্তব্যৰত আৰক্ষীক হত্যা; ঝাৰখণ্ড চৰকাৰক আক্ৰমণ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ - Assam CM slams Jharkhand govt

author img

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 1:05 PM IST

Updated : Aug 17, 2024, 3:26 PM IST

Assam CM slams Jharkhand govt: অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ সহ-প্ৰভাৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পুনৰ এবাৰ ঝাৰখণ্ড চৰকাৰক তীব্ৰ সমালোচনা কৰে । কৰ্তব্যৰত আৰক্ষীৰ হত্যাৰ ঘটনাক লৈ ৰাজ্য চৰকাৰক আক্ৰমণ কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । মৃত আৰক্ষীৰ পৰিয়ালক সাক্ষাতৰ বাবে ঝাৰখণ্ডৰ হাজৰিবাগত উপস্থিত অসমৰ মুখ্যমন্ত্ৰীগৰাকী ।

Assam CM slams Jharkhand govt
ঝাৰখণ্ড চৰকাৰক আক্ৰমণ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (ETV Bharat)

নেশ্যনেল ডেস্ক,১৭ আগষ্ট : ঝাৰখণ্ডৰ হাজৰিবাগত এগৰাকী আৰক্ষীৰ হত্যাকাণ্ডক লৈ উত্তেজনা অব্যাহত আছে । তাৰ মাজতে ৰাজ্যখনত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ড চৰকাৰক তীব্ৰ সমালোচনা কৰে । ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে সহ-প্ৰভাৰীৰ দায়িত্বত দিয়া অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দেওঘৰ বিমানবন্দৰত উপস্থিত হৈ হেমন্ত ছোৰেন চৰকাৰক লক্ষ্য কৰি লয় ।

উল্লেখ্য যে যোৱা ১১ আগষ্টত হাজৰিবাগ চিকিৎসা মহাবিদ্যালয়ত চৌহান হেমব্ৰম নামৰ এগৰাকী আৰক্ষীক দুৰ্বৃত্তই হত্যা কৰিছিল । জানিব পৰা মতে হত্যাকাৰী পলাতক হৈ আছে । আৰক্ষীয়ে এতিয়ালৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

ঝাৰখণ্ড চৰকাৰক সমালোচনা অসমৰ মুখ্যমন্ত্ৰীৰ :

ইফালে ঝাৰখণ্ডত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "মই আজি হাবিলদাৰ চৌহান হেমব্ৰমৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰিবলৈ গিৰিদিহলৈ গৈ আছো । এই ঘটনাটো মৰ্মান্তিক আৰু ঝাৰখণ্ডত জনজাতীয় লোকসকল সুৰক্ষিত নহয় ।" ৰাজ্য চৰকাৰক আক্ৰমণ কৰি তেওঁ কয়, "ভুক্তভোগীৰ পৰিয়ালক চৰকাৰী পক্ষই সাক্ষাৎ কৰিবলৈ যোৱা নাই বা অপৰাধীক ধৰিবলৈ কাম কৰা নাই । চৰকাৰৰ এই মনোভাৱে দেখুৱাই যে ঝাৰখণ্ডৰ হেমন্ত চৰকাৰে তোষণৰ ৰাজনীতি কৰিবলৈ বাধ্য হৈছে ।"

অসমৰ মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ডৰ বিজেপিৰ সহ-প্ৰভাৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে ঝাৰখণ্ড চৰকাৰে তোষণৰ ৰাজনীতি কৰি আছে । যদি চৰকাৰে জনজাতীয় লোকসকলক লৈ চিন্তিত আৰু তেওঁলোকৰ স্বাৰ্থত কাম কৰিলেহেঁতেন তেনেহ'লে অপৰাধী আজি আৰক্ষীৰ হাতত থাকিলহেঁতেন বুলিও তেওঁ দাবী কৰে । তেওঁৰ মতে চৰকাৰে কেৱল লাভালাভৰ প্ৰতি লক্ষ্য ৰাখি ৰাজনীতি কৰি আছে, যাৰ বাবে ঘটনাৰ অভিযুক্ত এতিয়াও পলাতক হৈয়ে আছে ।

মৃত আৰক্ষী জোৱানৰ পৰিয়ালক সাক্ষাৎ কৰিব :

তেওঁ লগতে কয় যে যেতিয়াই তেওঁ সন্তল পৰগণা ভ্ৰমণ কৰে আৰক্ষীয়ে তেওঁক যিকোনো ঠাইলৈ যোৱাত বাধা দিবলৈ চেষ্টা কৰে । তেওঁৰ মতে আজিও একেধৰণৰ প্ৰচেষ্টা কৰা হৈছে । তেওঁ অভিযোগ কৰা মতে গিৰিদিহ ভ্ৰমণৰ কথা গম পাই আৰক্ষীয়ে চৌহান হেমব্ৰমৰ পৰিয়ালৰ সদস্যক হাজৰিবাগলৈ লৈ গৈছে । জিলা প্ৰশাসনে আশংকা কৰিছে যে যদি বিজেপি নেতাসকলে ভুক্তভোগীৰ পৰিয়ালক সাক্ষাৎ কৰে তেন্তে বহুতো ত্ৰুটি থাকিব পাৰে । সেয়েহে তেওঁলোকৰ আগমনৰ পূৰ্বেই ভুক্তভোগী পৰিয়ালটোক নিযুক্তিৰ নামত হাজাৰিবাগলৈ লৈ গৈছে বুলি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে ।

আৰক্ষী জোৱান চৌহান হেমব্ৰমক হত্যা :

অভিযোগ অনুসৰি চৌহান হেমব্ৰামক চিকিৎসালয়ত কৰ্তব্যৰত অৱস্থাত শ্বাহিদ আনছাৰী নামৰ এজন কয়েদীয়ে হত্যা কৰে আৰু ঘটনাস্থলীৰ পৰা পলায়ন কৰে । এই ঘটনা সন্দৰ্ভত কোৱা হয় যে ধনবাদৰ বাসিন্দা কুখ্যাত অপৰাধী শ্বাহিদ আনছাৰী কিছুদিন আগলৈ হাজৰিবাগ কাৰাগাৰত বন্দী হৈ আছিল । শেহতীয়াকৈ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু চিকিৎসাৰ বাবে হাজাৰিবাগ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল । অৱশ্যে চিকিৎসাৰ সময়ত শ্বাহিদ আনছাৰীয়ে কৰ্তব্যৰত হাবিলদাৰ চৌহান হেমব্ৰমক হত্যা কৰি চিকিৎসালয়ৰ পৰা পলায়ন কৰে ।

লগতে পঢ়ক :প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ-হত্যা : IMA ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেশজুৰি চিকিৎসাকৰ্মীৰ কৰ্মবিৰতি - RG Kar Medical College rape case

Last Updated : Aug 17, 2024, 3:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.