ETV Bharat / bharat

আপেল উৎপাদনত বতৰৰ প্ৰভাৱ : বৃদ্ধি পাব হিমাচলৰ আপেলৰ মূল্য - Himachal apples price

author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 6:00 PM IST

Himachal Apple Price Hike : হিমাচল প্ৰদেশত আপেলৰ উৎপাদনত প্ৰভাৱিত কৰা প্ৰতিকূল বতৰৰ বাবে এই বছৰ আপেলৰ উৎপাদন 30 নিযুত বাকচৰ তলত হ'ব বুলি অনুমান কৰা হৈছে । এনে পৰিস্থিতিত এই বছৰ হিমাচলী আপেলৰ বজাৰ মহঙা হ'ব ।

Himachal Apple Price Hike
হিমাচলত আপেল উৎপাদনৰ পূৰ্বানুমান (ETV Bharat)

বিশেষ প্ৰতিবেদন, ২ জুলাই : এই বছৰ সমগ্ৰ দেশকে ধৰি হিমাচল প্ৰদেশৰ মাণ্ডিত আপেলৰ মূল্য বহুগুণে বৃদ্ধি পাব । প্ৰতিকূল বতৰৰ বাবে এইবাৰ হিমাচল প্ৰদেশত আপেলৰ উৎপাদন 3 কোটি বাকচতকৈও কম হ'ব বুলি অনুমান কৰা হৈছে । এই সন্দৰ্ভত ৰাজ্যখনৰ উদ্যানশস্য বিভাগে ক্ষেত্ৰভিত্তিক প্ৰতিবেদন লাভ কৰিছে । এই প্ৰতিবেদন চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে, যাতে ইয়াৰ ওপৰত ভিত্তি কৰি আপেল ঋতুৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিব পাৰি ।

উল্লেখ্য, হিমাচল প্ৰদেশত আপেল উৎপাদনৰ পূৰ্বানুমান অনুসৰিয়ে উৎপাদকসকলৰ বাবে সাৰ্বজনীন কাৰ্টন আৰু ট্ৰাকৰ ব্যৱস্থা কৰা হ'ব, যাতে খেতিয়কসকলে মাণ্ডিলৈ আপেল পৰিবহণ কৰাত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় । আনহাতে, কম উৎপাদনৰ বাবে সমগ্ৰ দেশৰ কোটি কোটি জনসাধাৰণে হিমাচলী আপেলৰ সোৱাদ গ্ৰহণৰ বাবে যথেষ্ট খৰচ ভৰিব লাগিব ।

2.91 কোটি বাকচ আপেলৰ পূৰ্বানুমান

এইবাৰ হিমাচলত আপেল উৎপাদন গড়ত উৎপাদনকৈ কম হোৱাৰ সম্ভাৱনা আছে । ৰাজ্যজুৰি আপেল উৎপাদনকাৰী জিলাসমূহৰ পৰা লাভ কৰা প্ৰতিবেদন অনুসৰি, ৰাজ্যখনত এইবাৰ আপেল উৎপাদন ২,৯১,৪২,৮০০ বাকচ হ'ব বুলি অনুমান কৰা হৈছে । ইয়াৰে ভিতৰত 1,60,99,550 বাকচ আপেল চিমলা জিলাত উৎপাদন হোৱাৰ সম্ভাৱনা আছে । উল্লেখ্য যে চিমলা জিলাত ৰাজ্যখনৰ সৰ্বাধিকসংখ্যক আপেল উৎপাদন হয় ।

আনহাতে, কুল্লু জিলাত 62,70,600 বাকচ আপেল উৎপাদনৰ সম্ভাৱনা আছে । একেদৰে কিন্নৌৰ জিলাত 33,32,200 বাকচ আপেল উৎপাদনৰ পূৰ্বানুমান কৰা হৈছে । ইয়াৰ উপৰি মাণ্ডি জিলাই 24,47,250 বাকচ আপেল উৎপাদন কৰিব পাৰে । চম্বা জিলাত 5,98,150 বাকচ আপেল উৎপাদনৰ অনুমান কৰা হৈছে । চিৰমৌৰ জিলাত আপেল উৎপাদন 3,09,400 বাকচ হ'ব বুলি অনুমান কৰা হৈছে । আনহাতে, সৰ্বনিম্ন ৫০ বাকচ আপেল উৎপাদন ঊনা জিলাত, লাহৌল-স্পিতিত ৬৪,০৫০ বাকচ, কাংৰাত ১৫,০০০ বাকচ, চোলানত ৪,৯০০ বাকচ, বিলাসপুৰত ১৩০০ আৰু হামিৰপুৰত ৩৫০ বাকচ আপেল উৎপাদন হ'ব বুলি অনুমান কৰা হৈছে ।

হিমাচলত আপেল উৎপাদনৰ অনুমান (2024-25)
জিলাআনুমানিক আপেল উৎপাদন (বাকচ)
চিমলা 1,60,99,550
কুল্লু62,70,600
কিন্নৌৰ33,32,200
মাণ্ডি24,47,250
চাম্বা5,98,150
চিৰমৌৰ 3,09,400
লাহৌল-স্পিতি 64,050
কাংৰা 15,000
চোলান 4,900
বিলাসপুৰ 1300
হামিৰপুৰ 350
ঊনা 50
উৎস : ক্ষেত্ৰ প্ৰতিবেদন, উদ্যানশস্য বিভাগ, হিমাচল প্ৰদেশ

2022-23 বৰ্ষত 3.36 কোটিতকৈও অধিক বাকচ আপেল উৎপাদন

হিমাচলৰ অৰ্থনীতি আপেলৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল । আপেল কেৱল উদ্যানশস্য খেতিয়কসকলৰ অৰ্থনৈতিক বুনিয়াদৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, লাখ লাখ লোকৰ সংস্থাপনৰ বাবেও অতি গুৰুত্বপূৰ্ণ । বিগত চাৰি বছৰৰ পৰিসংখ্যালৈ লক্ষ্য কৰিলে দেখা যায় যে ২০২০-২১ বৰ্ষত ৰাজ্যখনত আপেল উৎপাদন আছিল ২,৪০,৫৩,০৯৯ বাকচ ।

একেদৰে ২০২১-২২ বৰ্ষত আপেলৰ উৎপাদন ৩,০৫,৯৫,০৫৮ বাকচলৈ বৃদ্ধি পায় । আনহাতে, 2022-23 বৰ্ষত বতৰে আপেল খেতিয়কসকলক যথেষ্ট লাভৱান কৰিছিল । যাৰ ফলত ৰাজ্যখনত আপেল উৎপাদন বৃদ্ধি পাইছিল । উক্ত বছৰত ৰাজ্যখনে ৩,৩৬,১৭,১৩৩ বাকচ আপেল উৎপাদন কৰিছিল । পৰৱৰ্তী বছৰত অৰ্থাৎ ২০২৩-২৪ বৰ্ষত বতৰে বিধি-পথালি দিছিল আৰু আপেলৰ উৎপাদন ২,১১,১১,৯৭২ বাকচলৈ হ্ৰাস পাইছিল । আনহাতে, যোৱা বছৰ মাণ্ডিত 24 কিলোগ্ৰামৰ পেকিঙত আপেল বিক্ৰী কৰা হৈছিল ।

মহানগৰসমূহত হিমাচলী আপেলৰ উচ্চ চাহিদা

দেশৰ ডাঙৰ ডাঙৰ চহৰবোৰত হিমাচলী আপেলৰ উচ্চ চাহিদা আছে । দিল্লী, চেন্নাই, মুম্বাই আৰু কলকাতাকে ধৰি সমগ্ৰ দেশৰ মাণ্ডিলৈ হিমাচলৰ পৰা আপেল প্ৰেৰণ কৰা হয় । আনকি দেশৰ পঞ্চতাৰকা হোটেলবোৰতো হিমাচলী আপেলৰ যথেষ্ট আদৰ আছে । দেশকে ধৰি বিদেশৰ পৰা অহা লাখ লাখ পৰ্যটকে হিমাচলী আপেলৰ সোৱাদ উপভোগ কৰে । কিন্তু এইবাৰ এই আপেলৰ মহঙা বজাৰে সকলোকে বাজেটত আঘাত হানিব ।

লগতে পঢ়ক :মোদী 3.0 চৰকাৰৰ 100 দিনীয়া কৰ্মপৰিকল্পনাত কৃষি আন্তঃগাঁথনিক অধিক গুৰুত্ব দিয়ক - Agri Infrastructure in India

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.