ETV Bharat / bharat

চৰকাৰক ১০০০ টকাৰ জৰিমনা বিহিলে উচ্চ ন্যায়ালয়ে - Jharkhand HC

author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 9:46 PM IST

HC imposed fine on government : ৰাজ্য চৰকাৰৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি উচ্চ ন্যায়ালয়ে জৰিমনা বিহিছে । সাংসদ নিশিকান্ত ডুবেৰ সৈতে জড়িত এক গোচৰত চৰকাৰৰ ওপৰত এই জৰিমনা বিহিছে আদালতে ।

HC imposed fine on government
ৰাজ্য চৰকাৰৰ ওপৰত অসন্তুষ্টি উচ্চ ন্যায়ালয়ৰ (ETV BHARAT)

নেশ্যনেল ডেস্ক, 21 জুন : এইবাৰ ৰাজ্য চৰকাৰক জৰিমনা বিহিলে উচ্চ ন্যায়ালয়ে ৷ এক গোচৰ সন্দৰ্ভত ন্যায়ালয়ত পুনৰ সময় বিচৰাৰ বাবে ৰাজ্য চৰকাৰৰ ওপৰত অসন্তুষ্টি ব্যক্ত কৰি এহাজাৰ টকাৰ জৰিমনা বিহিছে উচ্চ ন্যায়ালয়ে ৷ বিজেপি সাংসদৰ সৈতে জড়িত এক গোচৰত চৰকাৰক এই জৰিমনা বিহিছে উচ্চ ন্যায়ালয়ে ৷

ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে গোড্ডাৰ বিজেপি সাংসদ নিশিকান্ত ডুবেৰ আবেদনৰ শুনানিৰ সময়ত ৰাজ্য চৰকাৰৰ ওপৰত জৰিমনা আৰোপ কৰিছে ৷ উচ্চ ন্যায়ালয়ে উত্তৰ দাখিল কৰিবলৈ পুনৰ সময় বিচৰাৰ বাবে চৰকাৰৰ ওপৰত এই জৰিমনা আৰোপ কৰা হৈছে ৷

আচলতে দেওঘৰৰ মোহনপুৰ থানাত পঞ্জীয়ন হোৱা 281/2023 নম্বৰৰ গোচৰটো বাতিল কৰিবলৈ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল বিজেপি সাংসদ নিশিকান্ত ডুবেই ৷ আবেদনকাৰীৰ হৈ গোচৰটো দাখিল কৰে অধিবক্তা পাৰ্থ জালানে ৷ এই গোচৰটোত এজন লোকক গ্ৰেপ্তাৰ আৰু তেওঁৰ ম’হ নিৰুদ্দেশ হোৱা ঘটনাৰ সৈতে জড়িত ৷ ম’হটোৰ সৈতে সন্দেহজনক অৱস্থাত দেখা গৈছিল লোকজনক ৷ ইয়াৰ পিচত সাংসদগৰাকীৰ অনুৰোধত ব্যক্তিজনক আৰক্ষীৰ হাতত গতাই দিয়া হয় ৷ তেতিয়াৰ পৰা সেই ব্যক্তিজনৰ ম’হ বিচাৰি পোৱা হোৱা নাই ৷

লগতে পঢ়ক : দিল্লী উচ্চ ন্যায়ালয়ে বিমুখ কৰিলে কেজৰিৱালক : জামিনত স্থগিতাদেশ - Delhi HC on Kejriwal Bail

আবেদনকাৰীৰ হৈ যুক্তি দিয়া হৈছিল যে বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে সেই অঞ্চলত চোৰাং গৰু সৰবৰাহ কৰে ৷ সেয়ে সন্দেহবশতঃ ব্যক্তিজনক আৰক্ষীৰ হাতত গতাই দিয়া হয় ৷ এই গোচৰৰ শুনানিৰ সময়ত আদালতে পুনৰ উত্তৰ দাখিল কৰিবলৈ ৰাজ্য চৰকাৰৰ পৰা সময় বিচাৰিছিল ৷ যাৰ ওপৰত আদালতে অসন্তুষ্টি প্ৰকাশ কৰি এই গোচৰত ৰাজ্য চৰকাৰক এক হাজাৰ টকাৰ জৰিমনা বিহিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : NEET-UG 2024 পুনৰ পৰীক্ষা স্থগিতৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয় - UGC NET 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.